ETV Bharat / state

Road Safety Week in Assam : ১১ ৰ পৰা ১৭ জানুৱাৰীলৈ ৰাজ্যত পথ সুৰক্ষা সপ্তাহ

author img

By

Published : Jan 9, 2023, 10:40 PM IST

Road Safety Week in Assam
ৰাজ্যত পালন কৰা হ’ব পথ-সুৰক্ষা সপ্তাহ

১১ৰ পৰা ১৭জানুৱাৰীলৈ ৰাজ্যত পালন কৰা হ’ব পথ-সুৰক্ষা সপ্তাহ (Road Safety Week in Assam) ৷ পথ-সুৰক্ষাৰ লগত জড়িত বিভাগসমূহৰ নিজৰ নিজ দায়িত্ব ভালদৰে পালন কৰিবলৈ পৰিবহণ বিভাগৰ সচিব তথা আয়ুক্ত আদিল খানে সকলোকে নিৰ্দেশনা প্ৰদান কৰিছে ৷ আনকি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগেও সোমবাৰে এক সংবাদমেল আয়োজন কৰি সকলো কাৰ্য সুচাৰুৰূপে পালন কৰিবলৈ বিভাগীয় বিষয়া-কৰ্মচাৰীক নিৰ্দেশ প্ৰদান কৰে ৷

গুৱাহাটী, ৯ জানুৱাৰী : সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আগন্তুক ১১ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ পথ-সুৰক্ষা সপ্তাহ পালনৰ ব্যাপক প্ৰস্তুতি চলাইছে পৰিবহণ বিভাগে (Road Safety Week in Assam)৷ এই সন্দৰ্ভত পৰিবহণ বিভাগৰ সচিব তথা আয়ুক্ত আদিল খানে ইতিমধ্যে অসমৰ জিলাসমূহৰ উপায়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ, জিলা পৰিবহণ বিষয়াকে ধৰি পথ-সুৰক্ষাৰ লগত জড়িত বিভাগসমূহৰ দায়িত্ববাহী বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি সকলোকে একেলগ হৈ পথ সুৰক্ষা সপ্তাহ পালনৰ বাবে নিৰ্দেশনা জাৰি কৰিছে ।

এই নিৰ্দেশনাৰ লগত সংগতি ৰাখি ভাৰত চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰালয়ৰ পৰা দিয়া নিৰ্দেশনাত উল্লেখিত পথ সুৰক্ষাৰ লগত জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপনৰ বাবে “স্বচ্ছতা পখৱাৰা” অৰ্থাৎ পৰিস্কাৰ-পৰিচ্ছন্নতা পষেক শীৰ্ষক শ্ল’গান আৰম্ভ কৰাৰ কথাও পত্ৰখনত উল্লেখ কৰা হৈছে । স্বচ্ছতাই মানুহৰ সেৱা হোৱাৰ দৰে পথ সুৰক্ষা সপ্তাহটোত মানুহৰ মাজত ব্যাপক জনসচেতনতা গঢ়া কাৰ্যক সেৱাৰ মনোভাৱেৰে লৈ বিভাগসমূহক একলগ হৈ কাম কৰিবলৈ উল্লেখ কৰা হৈছে ৷

এনফৰ্চমেন্ট আৰু আৰক্ষীক লগ হৈ সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আইনগত নীতি-নিয়ম সমূহ বিভিন্ন কৌশলৰে ডাঙি ধৰাৰ লগতে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশনা দিয়াৰ উপৰি বিভিন্ন বিভাগ, সংস্থা, অট’ম’বাইল হাউচ আদিয়ে গ্ৰহণ কৰিবলগীয়া সজাগতামূলক কাম সন্দৰ্ভত অৱগত কৰা হয় । বিশেষকৈ ৰোড ইঞ্জিনিয়াৰিং বিভাগসমূহক পথৰ চাইনবোৰ্ড, সাংকেতিক চিহ্নকে ধৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত থাকিবলগীয়া নীতি-নিয়মসমূহ স্পষ্টকৈ প্ৰদৰ্শন কৰি পথচাৰী, যান-বাহন ব্যৱহাৰকাৰীয়ে সহজতে বুজিব পৰাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে ।

লগতে পঢ়ক : 200 Years of Assam Tea : যোৰহাটত অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন

এই পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত আজি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসৰ নেতৃত্বত এখনি আলোচনা সভাৰ আয়োজন কৰা হয় ৷

উক্ত সভাত জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম আৰু যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰৰ উপস্থিতিত সকলো চিটিবাছ সংস্থা, অট’ চালক সংস্থা, অট’ম’বাইল হাউচ আৰু ডিলাৰসমূহৰ নেতৃত্বৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰি আগন্তুক পথ-সুৰক্ষা সপ্তাহৰ সময়খিনিত কামৰূপ মহানগৰ জিলাত পালন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ৷

সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জনাই যে, ১১ জানুৱাৰীত মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পথ-সুৰক্ষা সপ্তাহৰ কাৰ্যসূচী মুকলি হোৱাৰ পিচতে অনান্য দিনসমূহত চালকৰ বাবে চকু পৰীক্ষা শিবিৰ, স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকন, তৰ্ক প্ৰতিযোগিতা, পথ সুৰক্ষা বিষয়ক নাটক (Drama on road safety) আদি পৰিৱেশন কৰা হ’ব ৷

লগতে মাৰাথন দৌৰ, বাইক ৰেলী, বিভিন্ন ৰাজহুৱা স্থানত বেনাৰ-পোষ্টাৰ লগাই সজাগত-সুৰক্ষাৰ বাণী প্ৰচাৰ, ৰাজহুৱা আৰু ব্যৱসায়িক অঞ্চলৰ জনসমাৱেশত চালক, কণ্ডাক্টৰৰ মাজত সজাগতা সৃষ্টিৰ উপৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত প্ৰশিক্ষণ আদি অনুষ্ঠিত হ’ব ৷

একেদৰে যানবাহন চালনাত মানি চলিবলগীয়া “পঞ্চসূত্ৰ”ৰ নিয়মসমূহ যেনে দুচকীয়া বাহন চলাওঁতে চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান কৰা, যানবাহন চালনাত অত্যাধিক গতি পৰিহাৰ কৰা, সুৰাপান কৰি যানবাহন নচলোৱা আৰু যানবাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈ সকলোকে অনুৰোধ জনায় ৷

লগতে এই নিয়মসমূহৰ ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত ব্যাপক জনসচেতনতা গঢ়ি তুলি পথ সুৰক্ষা সপ্তাহৰ কাৰ্যসূচীৰ সফল ৰূপায়ন কৰিবলৈ সভাত উপস্থিত থকা সকলোকে আহ্বান জনায় ৷

লগতে পঢ়ক : Sarbananda Sonowal : উন্নত কৰা হ’ব অসমৰ ২০ খন‌ নদীৰ জল-পৰিবহনৰ আন্তঃগাঁথনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.