ETV Bharat / state

বিদ্যুৎ সংকট : মন্ত্রীৰ অভয়বাণী আৰু বিষয়াৰ সতৰ্কবাণী; বিবুদ্ধিত জনগণ

author img

By

Published : Oct 13, 2021, 10:28 PM IST

power shortage : two different views of minister and apdcl
মন্ত্রীৰ অভয়বাণী আৰু বিষয়াৰ সতৰ্কবাণী আকাশ-পাতাল পাৰ্থক্য

বিষয়া আৰু মন্ত্রীৰ পৰস্পৰ বিৰোধী বক্তব্যত যেন কাৰ্যতঃ বিবুদ্ধিত সাধাৰণ জনগণ । কয়লাৰ নাটনিৰ বাবে দেশজুৰি বিদ্যুতৰ সংকটে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইতিমধ্যেৰ এই সন্দৰ্ভত এ পি ডি চি এলে বিজ্ঞাপন যোগে ৰাইজক সতৰ্কও কৰি দিছে । কিন্তু ইয়াৰ মাজতে আজি শক্তিমন্ত্রী বিমল বৰাই সামাজিক মাধ্যম যোগে জনাই যে, অসমত দুৰ্গা পূজাৰ সময়ত পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰিবলৈ অসম শক্তি বিতৰণ কোম্পানী সাজু ।

গুৱাহাটী, ১৩ অক্টোবৰ : জনগণে কাৰ কথা বিশ্বাস কৰিব । বিভাগীয় শীৰ্ষ বিষয়াৰ নে বিভাগীয় মন্ত্রীৰ । বিষয়া আৰু মন্ত্রীৰ পৰস্পৰ বিৰোধী বক্তব্যত যেন কাৰ্যতঃ বিবুদ্ধিত সাধাৰণ জনগণ । কয়লাৰ নাটনিৰ বাবে দেশজুৰি বিদ্যুতৰ সংকটে দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । অসমতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰা হৈছে ।

ইতিমধ্যেৰ এই সন্দৰ্ভত এ পি ডি চি এলে বিজ্ঞাপন যোগে ৰাইজক সতৰ্কও কৰি দিছে । কিন্তু ইয়াৰ মাজতে বুধবাৰে শক্তিমন্ত্রী বিমল বৰাই সামাজিক মাধ্যম যোগে জনাই যে, অসমত দুৰ্গা পূজাৰ সময়ত পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰিবলৈ অসম শক্তি বিতৰণ কোম্পানী সাজু । দুটা পৰস্পৰ বিৰোধী কথা ।

power shortage : two different views of minister and apdcl
মন্ত্রী বিমল বৰাৰ অভয়বাণী

এদিন পূৰ্বে এ পি ডি চি এলে এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে যে তাৎক্ষণিকভাৱে বিদ্যুৎ কৰ্তন কৰা হ’ব পাৰে । সঘনাই হ'ব পাৰে বিদ্যুৎ কৰ্তন । এই অসুবিধাৰ সৈতে সন্মুখীন হ'বৰ বাবে সকলোকে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে এ পি ডি চি এলে । সৰ্বসাধাৰণ গ্ৰাহকক বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্রত মিতব্যয়ী হ'বলৈও অনুৰোধ জনাইছে এ পি ডি চি এলৰ মুখ্য মহাপ্ৰৱন্ধকে (বাণিজ্যিক) ।

power shortage : two different views of minister and apdcl
এ পি ডি চি এলৰ সতৰ্কবাণী

লগতে পঢ়ক: পুনৰ ন্যায়িক জিম্মালৈ বিধায়ক শ্বেৰমান আলী

এ পি ডি চি এলৰ এই জাননী তথা বিজ্ঞাপনৰ এদিন পাছতে শক্তিমন্ত্রী বিমল বৰাই সামাজিক মাধ্যমত কয়, অসমত দুৰ্গা পূজাৰ সময়ত পৰ্যাপ্ত বিদ্যুৎ যোগান ধৰিবলৈ অসম শক্তি বিতৰণ কোম্পানী সাজু । বিদ্যুতৰ যোগানক লৈ চিন্তা কৰাৰ কোনো কাৰণ নাই । কিয়নো বিদ্যুৎ যোগানৰ মাত্ৰ ২৫ শতাংশ কয়লাৰ ওপৰত আধাৰিত ।

তেওঁ লগতে উল্লেখ কৰে, এন ই পি চি অ'ৰ পৰা অতিৰিক্ত ১৮০ মেগাৱাট বিদ্যুৎ লোৱা হৈছে । এন টি পি চি বঙাইগাঁৱৰ সৰ্বাধিক সময়ৰ যোগান ৫০ মেগাৱাট বৃদ্ধি হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ পৰা এ পি জি চি এলৰ নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচনলৈ অতিৰিক্ত গেছ যোগান ধৰা হৈছে ।

যাৰ ফলত ইতিমধ্যে এ পি জি চি এলৰ উৎপাদন প্ৰায় ৩০ মেগাৱাট বৃদ্ধি হৈছে । অসম শক্তি বিতৰণ কোম্পানীয়ে নিপকোৰ পৰা অতিৰিক্ত ১৮০ মেগাৱাট বিদ্যুৎ সংগ্ৰহ কৰি এই উৎসৱৰ বতৰত নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে ।

লগতে পঢ়ক: পথত গীত গাই ভাইৰেল যুৱক; হৃত্বিক ৰোশনেও শ্বেয়াৰ কৰিলে ভিডিঅ’

মন্ত্রী বিমল বৰাৰ এই কথাৰ বিপৰীতে কিন্তু এ পি ডি চি এলৰ শীৰ্ষ বিষয়াই জাৰি কৰা জাননীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে । দুটা সম্পূৰ্ণ পৰস্পৰ বিৰোধী কথা । পূজাৰ বতৰত ৰাইজক আশ্বস্ত কৰিবলৈ মন্ত্রীগৰাকীয়ে এনেদৰে বক্তব্য দাঙি ধৰিব পাৰে বুলি অভিযোগ উত্থাপন হৈছে । কাৰণ বাস্তৱ পৰিস্থিতি সম্পৰ্কে বিভাগীয় বিষয়া ভালদৰে অৱগত ।

অসমক প্ৰায় পিক আৱাৰত ২১০০ মেগাৱাটৰ বিদ্যুৎ প্ৰয়োজন হয় । কেন্দ্ৰীয় প্ৰকল্প আৰু মুকলি বজাৰৰ বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল অসমে নিজাকৈ দৈনিক মাত্ৰ ৩৪০-৩৭০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰে । ইয়াৰ বিপৰীতে প্ৰায় ১৭০০ মেগাৱাট বিদ্যুৎ কেন্দ্ৰীয় প্ৰকল্প আৰু মুকলি বজাৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয় ।

লগতে পঢ়ক: গৰুখুটিৰ ঘটনাক লৈ OIC ৰ বিশ্বজোৰা অপপ্ৰচাৰ

প্ৰাপ্ত তথ্য মতে, অসমে দৈনিক প্ৰায় ১২০০ মেগাৱাট বিদ্যুৎ কেন্দ্ৰীয় প্ৰকল্পৰ পৰা আৰু ৩৫০-৫০০ মেগাৱাট বিদ্যুৎ মুকলি বজাৰৰ পৰা ক্ৰয় কৰে । কিন্তু এতিয়া মুকলি বজাৰত বিদ্যুতৰ দাম হঠাতে বৃদ্ধি পালে । স্বাভাৱিক সময়ত মুকলি বজাৰত প্ৰতি ইউনিট বিদ্যুতৰ মূল্য আছিল ৪-৫ টকা ।

এতিয়া সেই মূল্য বৃদ্ধি হৈ ২০-২৫ টকা হৈছে । এনে প্ৰেক্ষাপটত মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰাটো এ পি ডি চি এলৰ বাবে প্ৰত্যাহ্বানজনক হৈ পৰিছে । ইফালে কেন্দ্ৰীয় প্ৰকল্পসমূহৰ বিদ্যুতৰ উৎপাদন হ্ৰাস পাইছে । ফলত কেন্দ্ৰীয় প্ৰকল্পৰ পৰাও চাহিদা অনুপাতে বিদ্যুৎ ক্ৰয় কৰাৰ ক্ষেত্রত সমস্যাই দেখা দিছে ।

এনে এক পৰিস্থিতিত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিদ্যুতৰ অভাৱ সৃষ্টি হৈছে । যাৰ বাবে এ পি ডি চি এলে ৰাজহুৱা জাননী জাৰি কৰি বিদ্যুৎ সংকটৰ কথা প্ৰকাশ কৰাৰ লগতে বিদ্যুৎ কৰ্তন তথা লোডশ্বেডিং হ'ব বুলি সতৰ্কবাণী শুনাবলগীয়া হৈছে ।

লগতে পঢ়ক: অগণন ভক্তই ভিৰ কৰিলে মা কল্যাণী দেৱালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.