ETV Bharat / state

Load shedding in Assam: চাহিদা অনুপাতে বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগ

author img

By

Published : Jul 12, 2022, 4:31 PM IST

k
u

অসহনীয় গৰমত সঘন লোডশ্বেডিঙত অতিষ্ঠ জনসাধাৰণ(Frequently load shedding in Assam)। গ্রামাঞ্চলত সঘনাই বিদ্যুতৰ লুকাভাকু । ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন । দৈনিক ৩০০-৪০০ মেগাৱাট পর্যন্ত বিদ্যুতৰ ঘাটি । ঘাটি জোৰা মাৰিবলৈ সঘন লোডশ্বেডিং । বিদ্যুতৰ চাহিদা পূৰণৰ বাবে আন ৰাজ্য আৰু কেন্দ্রীয় প্রকল্পসমূহৰ ওপৰতে নিৰ্ভৰশীল অসম ।

গুৱাহাটী,১২ জুলাইঃ এফালে উৎকট গৰম আৰু আনফালে সঘন লোডশ্বেডিং (Frequently load shedding in Assam)। ফলত অতিষ্ঠ হৈছে ৰাইজ । উল্লেখ্য় যে জলবায়ু পৰিৱৰ্তনৰ পৰিণতিত গোলকীয় উষ্ণতাৰ বিৰূপ প্ৰভাৱ অসমতো পৰিছে( Adverse effects of global warming in Assam)। ইয়াৰ প্ৰতিফলন হৈছে শেহতীয়া অস্বাভাৱিক বতৰ আৰু পৰিৱেশত । চলিত বৰ্ষটোত পূৰ্বৰ তুলনাত শীতৰ অনুভৱ বহু দেৰিলৈকে থকাৰ বিপৰীতে অস্বাভাবিক ভাবে বৃদ্ধি পাইছে বৰষুণৰ পৰিমাণ ।

assam
Load shedding in Assam: চাহিদা অনুপাতে বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগ

ৰাজ্যখনত মুষলধাৰ বৃষ্টিপাত হ’লেও কিন্তু জুলাই মাহতে অসমবাসীক প্রচণ্ড গৰমে দহিছে । বৃদ্ধি পাইছে পাৰাস্তম্ভ । আনকি বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে চলিত মাহৰ আৰম্ভণিতে উষ্ণতাই অভিলেখ সৃষ্টি কৰিছে । বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৫ জুলাইত সর্বোচ্চ তাপমাত্রা আছিল ৩৭.৮ ডিগ্রী চেলছিয়াছ (Meteorological Centre at Barjhar)। জুলাই মাহত ৰাজ্যত ৰেকৰ্ড হোৱা এয়া হৈছে তৃতীয় সর্বোচ্চ তাপমাত্রা । ইয়াৰ পূৰ্বে ২০১৭ বৰ্ষৰ ১৮ জুলাইত উষ্ণতা সর্বোচ্চ ৩৮.৪ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছিল । সেইদৰে ২০১৮ বৰ্ষৰ ২০ জুলাইত উষ্ণতা আছিল সর্বোচ্চ ৩৮ ডিগ্রী চেলছিয়াছ ।

assam
Load shedding in Assam: চাহিদা অনুপাতে বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগ

ইফালে, প্ৰচণ্ড গৰমত ৰাজ্যবাসীয়ে ত্রাহি মধুসূদন দেখাৰ সময়তে চাহিদা অনুপাতে বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰৰ শক্তি বিভাগ (State Governments Department of Power )। এই অসহনীয় গৰমত সঘন লোডশ্বেডিঙে জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক । দিনটোৰ চাৰি-পাঁচ ঘণ্টা পর্যন্ত লোডশ্বেডিঙে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে । গাঁও-চহৰ সৰ্বত্ৰ প্ৰচণ্ড গৰমৰ মাজতে সঘন লোডশ্বেডিঙত ৰাজ্যবাসী অতিষ্ঠ । মূলতঃ গৰমৰ সময়ছোৱাত ৰাজ্যত বিদ্যুতৰ চাহিদা অনুপাতে যোগান ধৰাত ব্যৰ্থ হোৱা বাবে লোডশ্বেডিঙৰ দুর্ভোগ ভুগিবলগীয়া হৈছে গাঁও-চহৰৰ লোকসকলে ।

assam
Load shedding in Assam: চাহিদা অনুপাতে বিদ্যুৎ যোগানত ব্যৰ্থ শক্তি বিভাগ

চহৰৰ তুলনাত এই সময়ছোৱাত গ্রামাঞ্চলত অধিক বিদ্যুৎ কৰ্তন হৈছে । বহু গ্রামাঞ্চলত ৪-৫ ঘণ্টা পর্যন্ত লোডশ্বেডিং কৰিছে । আনহাতে, চহৰ অঞ্চলসমূহতো ২-৩ ঘণ্টা পর্যন্ত দৈনিক বিদ্যুৎ কর্তন কৰা হৈছে । আনকি ৰাজ্য়ৰ ৰাজধানীৰ গুৱাহাটী মহানগৰীতে অঞ্চলভেদে এক-দুই ঘণ্টা পর্যন্ত বিদ্যুৎ কৰ্তন কৰা হৈছে ।

উল্লেখ্য যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ (Assam Power Distribution Company Limited) তথ্য অনুসৰি ৰাজ্যত ‘পিক আৱাৰ’ত বিদ্যুতৰ চাহিদা সৰ্বাধিক ২,২৬৫ মেগাৱাট পর্যন্ত বৃদ্ধি পাইছে । ইয়াৰ বিপৰীতে এই চাহিদা শক্তি বিভাগে এতিয়াও পূৰণ কৰিব পৰা নাই । তথ্য অনুসৰি প্ৰতিদিনে বিদ্যুতৰ চাহিদা আৰু উপলব্ধতাৰ মাজত ডেৰশৰ পৰা তিনিশ মেগাৱাট পর্যন্ত ঘাটি থকাৰ ফলত ২৪ ঘণ্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি অসাৰ হৈ পৰিছে । এ পি ডি চি এলৰ ৱেবছাইটত উপলব্ধ তথ্য অনুসৰি ৮ জুলাইত বিদ্যুতৰ চাহিদাৰ পৰিমাণ আছিল ১,৬০১ মেগাৱাট( On APDCL's website)। ইয়াৰ পৰিৱৰ্তে সেইদিনা ৰাজ্যত উপলব্ধ হোৱা বিদ্যুতৰ পৰিমাণ আছিল ১,৩৬৫ মেগাৱাট । একেদৰে যোৱা ৭ জুলাইত সর্বাধিক চাহিদা ২,২৬৫ মেগাৱাটলৈ বৃদ্ধি পাইছিল । ইয়াৰ বিপৰীতে একেটা দিনত ৰাজ্যত উপলব্ধ হৈছিল ২,০৯১ মেগাৱাট ।

আনহাতে, বিদ্যুতৰ ক্ষেত্ৰত অসম স্বাৱলম্বী হোৱাৰ পৰা এতিয়াও বহু যোজন দূৰত । প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও নতুনকৈ বিজুলী উৎপাদন প্রকল্প স্থাপনত ব্যৰ্থ হোৱাৰ বাবে অতি কম পৰিমাণৰ বিদ্যুতহে স্থানীয়ভাৱে উৎপাদন হয় । তথ্য অনুসৰি ৰাজ্যৰ কেইবাটাও জলবিদ্যুৎ আৰু তাপবিদ্যুৎ প্রকল্পৰ পৰা উপলব্ধ হোৱা বিদ্যুতৰ পৰিমাণ মাত্র ৩০০ মেগাৱাটহে । ইয়াৰ বিপৰীতে ৰাজ্যত বৃদ্ধি পোৱা বিদ্যুতৰ চাহিদা পূৰণৰ বাবে আন ৰাজ্য আৰু কেন্দ্রীয় প্রকল্পসমূহৰ ওপৰতে নিৰ্ভৰশীল হ'বলগীয়া হয় । আনকি অত্যধিক দামত বহিঃৰাজ্য আৰু কেন্দ্ৰীয় প্ৰকল্পৰ পৰা বিদ্যুৎ ক্রয় কৰিবলগীয়া হোৱা বাবে শক্তি বিভাগ যথেষ্ট লোকচানৰ সন্মুখীন হ'বলগীয়া হয় । ইয়াৰ প্ৰভাৱ সময়ে সময়ে গ্ৰাহকৰ ওপৰতো পৰিছে ।

চাহিদা অনুপাতে স্থানীয় বিদ্যুৎ উৎপাদন বৃদ্ধি নোহোৱা বাবে উচ্চ দামত বিজুলী ক্ৰয় কৰিবলগীয়া হোৱাৰ ফলত সন্মুখীন হোৱা লোকচান পূৰণৰ বাবে বিদ্যুৎ মাচুল সময়ে সময়ে বৃদ্ধি কৰি আহিছে শক্তি বিভাগে । প্রায় প্রতিবছৰেই বিদ্যুৎ মাচুল বৃদ্ধি কৰি শক্তি বিভাগে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাই আহিলেও ৰাজ্যবাসীক ২৪ ঘণ্টাই বিজুলী যোগানৰ প্ৰতিশ্ৰুতি আজিপর্যন্ত পূৰণ কৰিব পৰা নাই । বিশেষকৈ গৰমৰ সময়ছোৱাত প্রয়োজন অনুপাতে বিদ্যুৎ যোগান ধৰিব নোৱাৰাৰ ফলত অত্যধিক লোডশ্বেডিঙৰ দহনে সকলোকে অতিষ্ঠ কৰিছে ।

সঘন বিদ্যুৎ কৰ্তনে কেৱল গৰমে দহি নিয়া ৰাজ্যবাসীক সকাহ দিয়াত ব্যৰ্থ হোৱাই নহয়, শিক্ষাৰ্থীসকলৰো সমস্যাৰ সৃষ্টি কৰিছে । তদুপৰি ইয়াৰ প্ৰভাৱ পৰিছে ব্যৱসায়-বাণিজ্যতো । লক্ষণীয় যে প্রলয়ংকৰী বানে সমগ্ৰ ৰাজ্য বিধ্বস্ত কৰাৰ পিছত প্ৰচণ্ড গৰমে ৰাজ্যবাসীক জুৰুলা কৰিছে । জুন মাহৰ শেষৰ ফালে নেৰানেপেৰাকৈ হোৱা বৰষুণৰ পাছত চলিত মাহৰ আৰম্ভণিৰ পৰা প্রচণ্ড ৰ'দৰ বাবে পাৰাস্তম্ভ ঊর্ধ্বগামী হৈছে। আনকি উষ্ণতাই নতুন অভিলেখ ৰচনা কৰিছে ।

লগতে পঢ়ক:Foreign cigarettes seized: গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমানৰ বিলাতী চিগাৰেট জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.