ETV Bharat / state

PCB 49th foundation Day : 2023 বৰ্ষত ৰাজ্যত ৰোপন কৰা হ’ব মুঠ ২ কোটি ৭১ লাখ গছপুলি- বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

author img

By

Published : Jun 3, 2023, 5:08 PM IST

খানাপাৰাত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস বিশাল আয়োজনেৰে উদযাপন কৰা হয় (PCB 49th foundation Day) ৷ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিভিন্ন কাৰকসমূহৰ আলোচনাৰ বাবে অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানৰ।

Pollution control board 49th foundation Day
2023 বৰ্ষত ৰাজ্যত ৰোপন কৰা হ’ব মুঠ ২ কোটি ৭১ লাখ গছপুলি

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস

গুৱাহাটী, ২ জুন : শুকুৰবাৰ অৰ্থাৎ 3 জুনত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে খানাপাৰাত বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয় (PCB 49th foundation Day) ৷ প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিভিন্ন কাৰকসমূহৰ আলোচনাৰ বাবে অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী প্ৰমুখ্যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰ, সদস্য সচিব ড৹ শান্তনু কুমাৰ দত্তৰ লগতে আন আন বিষয়াসকল (Pollution control board Assam)। লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰে বহুকেইটা সংস্থাৰ উপৰিও গুৰু তথা লঘু উদ্যোগৰ প্ৰতিনিধিয়ে (Pollution control board 49th foundation Day)।

অহা বৰ্ষত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে উদযাপন কৰিবলগীয়া ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ অসমৰ পৰিৱেশ সুন্দৰ কৰিবলৈ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কিছু দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰে (Golden jubilee of PCB)। পৰিষদৰ অধ্যক্ষ ড৹ অৰূপ কুমাৰ মিশ্ৰই এই কথাৰ জানিবলৈ দিয়ে ।

অনুষ্ঠানটোত উপস্থিত থাকি বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে IFS AFS সকলেই নাজানে বৃক্ষৰ মূল্য। IFS তথা AFS সকলৰ কিছু প্ৰশিক্ষণ শিবিৰতেই নাই এডালো গছ। কংক্ৰিটৰ নিৰ্মাণ কাৰ্যতকৈ বৃক্ষৰোপনত গুৰুত্ব দিয়া উচিত। উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰদূষিত ঠাই বৰ্ণিহাটত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অত্যাধুনিক যন্ত্ৰ স্থাপন কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বনমন্ত্ৰীগৰাকীয়ে লগতে কয়, "অনা ৮ জুনত চানডুবিত অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, বিধায়ক, সাংসদসকলৰ উপস্থিতিত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। চাৰি লেনক ছয় লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণ কৰিবলগীয়া হোৱাত কটা বৃক্ষসমূহৰ তুলনাত দুগুণ বৃক্ষ ৰোপন কৰা হ’ব। শ্ৰীৰামপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দুইফালে ইতিমধ্যে বৃক্ষৰোপণ কৰা হৈছে। এই বৰ্ষত ৰাজ্যখনত ৰোপন কৰা হ’ব মুঠ ২ কোটি ৭১ লাখ গছপুলি।" অহাবৰ্ষত অসমৰ মুখ্যমন্ত্ৰীয়ে বৃক্ষৰোপণৰ ওপৰত এখন অভিলাষী আঁচনি গ্ৰহণ কৰিব বুলিও বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিবলৈ দিয়ে‌।

লগতে পঢ়ক: Poor health center condition: খোদ স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিতেই ভূত বাংলালৈ পৰিণত হৈছে উপ-স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.