ETV Bharat / state

নিৰ্বাচনৰ সময়তহে ৰাজনৈতিক নেতাৰ খিলঞ্জীয়ালৈ মনত পৰে কিয়ঃ উপমন্যু হাজৰিকা

author img

By

Published : Sep 18, 2020, 5:45 PM IST

Upamanyu Hazarika
ৰাজনৈতিক নেতাক উভতি ধৰিলে উপমন্যু হাজৰিকাই

কেৱল নিৰ্বাচনৰ পূৰ্বে খিলঞ্জীয়ালৈ আমাৰ খিলঞ্জীয়া নেতা সকলৰ মনত পৰে আৰু দৰদী হৈ পৰে, যাতে ভুৱা প্ৰতিশ্ৰুতি দি ভোট ল'ব পাৰে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত অৰ্ণমাই বৰাৰ হত্যাক নিজৰ মাতৃৰ হত্যা হোৱা বুলি কৈ ঘৰিয়ালৰ চকুপানী টুকিলে । এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ৷

গুৱাহাটী, ১৮ চেপ্তেম্বৰঃ নিৰ্বাচনৰ সময়তহে অসমৰ নেতা আৰু জাতীয় দলসমূহৰ খিলঞ্জীয়ালৈ মনত পৰে কিয় ? এই প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । হাজৰিকাই শুকুৰবাৰে কয় যে, আজি অসম চৰকাৰে স্বৰ্গীয় অৰ্ণমাই বৰাৰ নৃশংস হত্যাৰ বাবে পৰিয়ালবৰ্গলৈ ৫ লাখ টকা ঘোষণা কৰিছে । বৰাৰ হত্যা হৈছিল ৩১ মে', ২০১৭ চনত যেতিয়া তেওঁ চৰকাৰী বিদ্যালয়ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পদত আছিল । সেই সময়ৰ চৰকাৰী নিয়ম অনুসৰি তেওঁৰ এজন সন্তানক অৰ্থাৎ কন্যাক এটা চৰকাৰী চাকৰি ক্ষতিপূৰণ হিচাপে লাভ কৰাটো তেওঁলোকৰ প্ৰাপ্য । তিনি বছৰৰ পিছত হঠাৎ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনে কি হ'ল যাৰ বাবে চৰকাৰৰ অৰ্ণমাই বৰালৈ মনত পৰিল ?

ৰাজনৈতিক নেতাক উভতি ধৰিলে উপমন্যু হাজৰিকাই

একে সময়তে দুমাহৰ পিছত ১ আগষ্ট, ২০১৭ চনত এ বি এমচুৰ নেতা ৰফিকুল ইছলাম হত্যা হোৱা এক সপ্তাহৰ ভিতৰতেই অসম চৰকাৰৰ ৩ জনকৈ কেবিনেট মন্ত্ৰী গৈ ১০ লাখ টকা আৰু ২ টাকৈ চৰকাৰী চাকৰি পৰিয়াললৈ তেওঁৰ ঘৰত গৈ যাচি আহিলে । লগে লগে সকলো দল আৰু অসমৰ জাতীয় সংগঠন অগপ, বিজেপি, আছু ইত্যাদি সকলোৰে প্ৰয়াত ইছলামৰ ঘৰলৈ সোঁত ব'বলৈ আৰম্ভ কৰিলে ।

আনফালে প্ৰয়াত অৰ্ণমাই বৰাৰ ঘৰলৈ কোনোৱেই নগ'ল, কেৱল সেই সময়ৰ নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ পত্নী গৈছিল । আৰ্থিক ক্ষতিপূৰণতো বাদেই যি কন্যাৰ বাবে চৰকাৰী চাকৰিৰ আবেদন কৰিছিল তাৰো কোনো সঁহাৰি নাপালে । অথচ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত অৰ্ণমাই বৰাৰ হত্যাক নিজৰ মাতৃৰ হত্যা হোৱা বুলি কৈ ঘৰিয়ালৰ চকুপানী টুকিলে । যমুনামুখৰ খিলঞ্জীয়া ৰাইজ বাংলাদেশী আগ্ৰাসনৰ প্ৰভাৱত সংখ্যলঘু হৈছে, এতিয়া কেৱল ২০% খিলঞ্জীয়া আছে । কিন্তু সেই নৃশংস হত্যাই বাকী থকা খিলঞ্জীয়া ৰাইজৰ নিৰাপত্তাহীনতা বঢ়াই তেওঁলোকক শংকিত কৰি ৰাখিছে । আগন্তুক দিনত সেই ঠাইৰ পৰা ভগনীয়া কৰিব । তথাকথিত জাতি, মাটিৰ চৰকাৰৰ কাৰণে খিলঞ্জীয়াতকৈ বাংলাদেশীৰ মূল্য বেছি । কেৱল নিৰ্বাচনৰ পূৰ্বে খিলঞ্জীয়ালৈ আমাৰ খিলঞ্জীয়া নেতাসকলৰ মনত পৰে আৰু দৰদী হৈ পৰে, যাতে ভুৱা প্ৰতিশ্ৰুতি দি ভোট ল'ব পাৰে । এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷

অধিক বাতৰিৰ বাবে লগতে পঢ়কঃ গোলাঘাটৰ দেৰগাঁৱৰ ৰে’ল গেটত উদ্ধাৰ বৃহৎ কাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.