ETV Bharat / state

পুৰণিক বিদায় দি আজিৰে পৰা সমগ্ৰ বিশ্ববাসীয়ে আদৰিছে ২০২৪ বৰ্ষক

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 8:48 PM IST

নৱবৰ্ষৰ প্ৰথমটো দিন বাৰু কেনেদৰে পাৰ কৰিছে আপুনি ? গুৱাহাটীত মঠ-মন্দিৰত এই বছৰ যথেষ্ট ভিৰ দেখা গ’ল ৷

people welcome new year by offering prayers to god
বিশ্ববাসীয়ে আদৰিছে ২০২৪ বৰ্ষক

বিশ্ববাসীয়ে আদৰিছে ২০২৪ বৰ্ষক

গুৱাহাটী, 1 জানুৱাৰী : আজি ইংৰাজী নৱবৰ্ষ ২০২৪ ৰ প্ৰথমটো দিন । পুৰণিক বিদায় দি আজিৰে পৰা সমগ্ৰ বিশ্ববাসীয়ে আদৰিছে ২০২৪ বৰ্ষক । নতুন বৰ্ষটো যেন সকলোৰে বাবে মংগলময় তথা সুখ সমৃদ্ধিৰে পৰিপূৰ্ণ হয় তাৰেই কামনাৰে পুৱাৰে পৰা মন্দিৰ তথা ধৰ্মীয় স্থানসমূহত ভিৰ কৰিছে বিভিন্নজনে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ বিভিন্ন মন্দিৰত দেখা গৈছে একেই পৰিৱেশ ।

মহানগৰীৰ সিদ্ধি বিনায়ক গণেশ মন্দিৰ, মা-কামাখ্যা মন্দিৰ, উগ্ৰতাৰা, শুক্ৰেশ্বৰ আদিকে ধৰি প্ৰতিটো মন্দিৰতে দেখা গ’ল অগণন ভক্তৰ ভিৰ । সকলোৰে মংগল কামনা কৰি মন্দিৰত প্ৰাৰ্থনা জনাইছে সকলোৱে । নিজৰ লগতে সমাজৰ তথা দেশ আৰু বিশ্বৰ প্ৰতিজনলোকৰ জীৱনলৈ নামি আহক আনন্দৰ বন্যা তাৰেই কামনাৰে ভিন্নজনে এগচি বন্তি জ্বলালে ভগৱানৰ শ্ৰীচৰণত ।

বছৰৰ পহিলা দিনটোত মঠ-মন্দিৰসমূহৰ সমান্তৰালকৈ পৰ্যটনস্থলী, বনভোজস্থলীসমূহতো ভিৰ দেখা পোৱা গ’ল । বছৰৰ প্ৰথম দিনটো পৰিয়াল তথা বন্ধুবৰ্গৰ লগত উদযাপনৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানা, কলাক্ষেত্ৰ, ৰাজ্যিক সংগ্ৰহালয় আদিত ভিৰ কৰিলে বহুজনে ।

বছৰ আহে বছৰ যায়, মানুহৰ মাজত মাথো সজীৱ হৈ ৰয় স্মৃতি ৷ ভাল-বেয়া সকলোৰে স্মৃতি ৷ বেয়াখিনি পাহৰি ভালখিনিৰ সৈতে আগবাঢ়ি যাব পৰাটোৱে চতুৰৰ পৰিচয় ৷ কিন্তু কেতিয়াবা কিছু কিছু ক্ষেত্ৰত বেয়াখিনি সামৰি লৈও আমি উচিত শিক্ষা লৈ আগবাঢ়িব লাগে ৷ ভুলবোৰ শুধৰাই তাৰ পৰা শিক্ষা লৈ কাম কৰি যাব লাগে ৷ কাম কৰি যাব লাগে বুলি ক’লে এতিয়া প্ৰতিজন মানুহৰে ক্ষেত্ৰত কামৰ সংজ্ঞা বেলেগ বেলেগ হ’ব পাৰে ৷ কাম লাগিলে যিয়েই নহওক কিয়, মাথো কাৰো কামেৰে সমাজৰ ক্ষতিসাধন হ’ব নালাগে, সমাজলৈ ভুল বাৰ্তা যাব নালাগে ৷

নতুন বছৰৰ আৰম্ভণিৰ লগে লগে বহুতে বহুত সপোন লৈ আগবাঢ়ে ৷ বিভিন্ন ধৰণৰ সংকল্পৰে সৈতে মানুহে নতুন বছৰটোত ভৰি দিয়ে ৷ বহুতে এই ৰিজলিউশ্বন দৈনিক জীৱনত আগুৱাই লৈ যায় যদিও বহুতে কিন্তু আধাতে এৰি দিয়ে ৷ তেনেকুৱা নকৰি এইবছৰটোত নিজে লোৱা সংকল্পৰ সৈতে প্ৰতিদিনে কাম কৰি যাম বুলি এটা নতুন সংকল্প লওকচোন আজিৰ দিনটোত ৷ সংকল্প লাগিলে যিয়েই নহওক কিয়, দৃঢ়তাৰে সেইটোৰ লগত লাগি থাকিলে নিশ্চয় এদিন সফল হ’ব ৷

লগতে পঢ়ক : নতুন বৰ্ষত মহানগৰীত ২০০০ টা চি চি কেমেৰা সংস্থাপনৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.