ETV Bharat / state

সাহায্য বিতৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মহানগৰীৰ দক্ষিণগাঁও

author img

By

Published : May 7, 2020, 7:24 PM IST

মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱত চৰকাৰী সাহায্য বিতৰণক কেন্দ্ৰ কৰি সৃষ্টি হুলস্থুলীয়া পৰিৱেশ ৷ ৰেচন কাৰ্ড নথকা ৰাইজৰ বাবে অহা সাহায্য লাভ কৰিলে কাৰ্ডপ্ৰাপ্ত লোকে ৷ ৰাইজৰ প্ৰতিবাদৰ পিছত ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে বন্ধ ৰাখে বিতৰণ কাৰ্য ৷

pds rice distribution created hungama at dakhingaon kahilipara guwahati kamrup metro etv bharat news
চৰকাৰী সাহায্য বিতৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

গুৱাহাটী,7 মে’ঃ বৃহস্পতিবাৰে মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱত ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীয়ে সাহায্য লাভ কৰাক কেন্দ্ৰ কৰি সৃষ্টি উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ৰেচন কাৰ্ডবিহীন লোকৰ নাম চৰকাৰে প্ৰদান কৰা সাহায্য তালিকাত অন্তৰ্ভূক্ত হোৱাত একাংশ স্থানীয় ৰাইজে সৃষ্টি কৰে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ । অঞ্চলটোৰ বৰ্মন ষ্টোৰ নামৰ সুলভ মূল্যৰ প্ৰতিষ্ঠানখনত চৰকাৰে মুকলি কৰা বিনামূলীয়া চাউল বিতৰণৰ বাবে উপলব্ধ হৈছিল ৷ বৃহস্পতিবাৰে পুৱা চক্ৰ বিষয়াৰ কার্যালয়ৰ পৰা প্ৰায় 1200 কুইণ্টল চাউল বৰ্মন ষ্টোৰলৈ অহাৰ পিছত প্ৰতিষ্ঠানখনত উপস্থিত হয় বিজেপি নেত্ৰী গোলাপী দেৱী ৷ সাধাৰণ ৰাইজে বিজেপি নেত্ৰীগৰাকীৰ হাতত মজুত থকা হিতাধিকাৰীৰ তালিকাখন প্ৰত্যক্ষ কৰি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে ৷ ৰাইজৰ ৰুদ্ৰমুৰ্তি দেখি সুলভ মূল্যৰ প্ৰতিষ্ঠানৰ গৰাকীয়ে সাহায্য বিতৰণ বন্ধ ৰাখে ৷

চৰকাৰী সাহায্য বিতৰণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

লগতে চাওকঃ কোৱাৰেন্টাইনত সুখী হৈ অনুদান আগবঢ়ালে এটা পৰিয়ালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.