পূজাৰ মণ্ডপত বিমল-শিখৰ-ৰজনীগন্ধা: নিষিদ্ধকৰণৰ বিপৰীতে মুকলি প্ৰচাৰ

author img

By

Published : Oct 3, 2022, 5:42 PM IST

Updated : Oct 3, 2022, 6:38 PM IST

Pan masala ads at Puja Mandap
পূজা মণ্ডপত আলোক সজ্জাৰ মাজত জিলিকিছে শিখৰ, বিমল, ৰজনীগন্ধা ()

ৰাজ্যত এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা ৷ লাখ লাখ টকা বাজেটেৰে নিৰ্মাণ কৰা পূজা মণ্ডপত এতিয়া পয়োভৰ হৈছে শিখৰ, বিমল, ৰজনীগন্ধা আদিৰ বিজ্ঞাপন (Pan masala ads at Puja Mandap in Guwahati) ৷ দেখিও নিমাত ৰাজ্যৰ প্ৰশাসন !

গুৱাহাটী, 3 অক্টোবৰ : ৰাজ্যত এতিয়া বিৰাজ কৰিছে এক উৎসৱ মুখৰ পৰিৱেশে ৷ ধাক-ঢোলৰ শব্দত মতলিয়া হৈ পৰিছে ৰাজ্যবাসী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত অতি ধুম-ধামেৰে আয়োজন কৰা হৈছে দুৰ্গা পূজা ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত লাখ লাখ টকা বাজেটেৰে বিভিন্ন কাৰিকৰী কৌশল প্ৰয়োগ কৰি নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপসমূহ ৷

আনকি গুৱাহাটী মহানগৰীৰ দুৰ্গা পূজাৰ মণ্ডপসমূহত চলিছে অঘোষিত বিজ্ঞাপনৰো প্ৰতিযোগিতা । গ্ৰাহকক আকৰ্ষণ কৰিবলৈ পূজা মণ্ডপৰ গেটৰ লগতে মণ্ডপৰ আশে পাশে বিভিন্ন কোম্পানীয়ে নিজ নিজ সামগ্ৰীৰ ডাঙৰ ডাঙৰ বিজ্ঞাপন দিয়া পৰিলক্ষিত হৈছে (Gutkha ads in Puja mandap) । আশ্চৰ্যজনকভাৱে পূজা মণ্ডপসমূহত পয়োভৰ হৈছে গুটখাৰ বিজ্ঞাপনৰ ।

বৰ্তমান পূজা মণ্ডপ নহয় যেন গুটখাৰ মেলা থলীহে ৷ যেনিয়েই চাই তেনিয়েই কেৱল গুটখাৰ হ’ৰ্ডিং ৷ আলোক সজ্জাৰ মাজত জিলিকিছে শিখৰ, বিমল, ৰজনীগন্ধা (Pan masala ads at Puja Mandap in Guwahat) ৷ পূজাৰ নামত যেন এতিয়া গুটখাৰ মুকলি প্ৰচাৰহে চলিছে ৷

পূজাৰ মণ্ডপত বিমল-শিখৰ-ৰজনীগন্ধা

লগতে পঢ়ক : নগাঁৱৰ বিভিন্ন পূজা মণ্ডপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

যি সময়ত চৰকাৰ তথা বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই নিচাজাতীয় সামগ্ৰী তথা গুটখা জাতীয় সামগ্ৰীৰ পৰা যুৱপ্ৰজন্ম মুক্ত কৰিবলৈ পদক্ষেপ লৈছে, সেই সময়তে মহানগৰীৰ একাংশ পূজা মণ্ডপৰ গেটত ডাঙৰ ডাঙৰ গুটখাৰ হ’ৰ্ডিং লগাই বিজ্ঞাপন দিয়া পৰিলক্ষিত হৈছে । ইয়াক লৈ এতিয়া ভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো ।

মহানগৰীৰ পূজা মণ্ডপ বিশেষকৈ বিষ্ণুপুৰ, উলুবাৰী আদিকে ধৰি একাংশ পূজা মণ্ডপত গুটখা যেনে শিখৰ, ৰজনীগন্ধা, বিমল, তুলসী আদিৰ বিজ্ঞাপন দেখা গৈছে । পূজা মণ্ডপৰ গেটত এনেধৰণৰ গুটখা জাতীয় সামগ্ৰীৰ বিজ্ঞাপনে নহয় গুটখাও বন্ধ কৰিব লাগে বুলিও একাংশ লোকে মন্তব্য প্ৰকাশ কৰিছে ।

সকলোৰে জ্ঞাত যে, গুটখা স্বাস্থ্যৰ প্ৰতি অতি ক্ষতিকাৰক । যদিহে পূজা মণ্ডপৰ গেটত এনেদৰে গুটখাৰ ডাঙৰ ডাঙৰকৈ বিজ্ঞাপন দিয়ে, তেতিয়া যুৱপ্ৰজন্ম গুটখা জাতীয় সামগ্ৰীৰ প্ৰতি অধিক আকৰ্ষিত হে হ’ব । কিন্তু কিয় এই নিমাত ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা !

দেখিও নেদেখাৰ ভাও জুৰিছে নেকি এতিয়া বিভাগীয় বৰমূৰীয়াসকলে ৷ যদি আপোনালোকৰ সেই দৃশ্য চকুত পৰা নাই, তেন্তে এই প্ৰতিবেদন আমি আপোনালোকলৈ আগবঢ়ালো ৷ এতিয়া বিচাৰ্যৰ দায়িত্ব আপোনালোকৰ ওপৰত ৷

লগতে পঢ়ক : কলকাতাৰ দুৰ্গা পূজাত অসুৰৰ ৰূপত মহাত্মা গান্ধী

Last Updated :Oct 3, 2022, 6:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.