ETV Bharat / state

ভূমিকম্পৰ ফলত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ব্যাপক ক্ষতিসাধন

author img

By

Published : Apr 28, 2021, 4:22 PM IST

সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভূমিকম্পৰ ফলত যথেষ্ট ক্ষয়-ক্ষতি হয় । ৬.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰতো ক্ষতিসাধন হয় । হঠাতে অক্সিজেন চিলিণ্ডাৰৰ পৰা অক্সিজেন নিৰ্গত হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় দূৰদৰ্শন কেন্দ্ৰত । লগতে দূৰদৰ্শন কেন্দ্ৰৰ দেৱালতো ফাঁট মেলে ।

ভূমিকম্পৰ ফলত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ব্যাপক ক্ষতিসাধন
ভূমিকম্পৰ ফলত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ব্যাপক ক্ষতিসাধন

গুৱাহাটী, ২৮ এপ্ৰিল: বুধবাৰে পুৱাই তিনিটাকৈ ভূমিকম্পই জোকাৰি গ'ল অসম । এই ভূইকঁপে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰিছে । বাদ পৰি ৰোৱা নাই গুৱাহাটী মহানগৰীও । গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত ভূমিকম্পৰ ফলত অক্সিজেন চিলিণ্ডাৰৰ পৰা হঠাতে অক্সিজেন নিৰ্গত হয় । ফলত আতংকময় পৰিৱেশে বিৰাজ কৰে ।

অৱশ্যে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ভূমিকম্পৰ ফলত দূৰদৰ্শন কেন্দ্ৰৰ দেৱালতো ফাঁট মেলে । আনহাতে, ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিসাধন হয় মহানগৰীস্থিত হোটেল তাজ ভিভাণ্টা, গণেশগুৰিৰ বি কে টাৱাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰ, দিছপুৰ হাস্পতালৰ ৷ মহানগৰীৰ উলুবাৰীস্থিত ছিগনেচাৰ এপাৰ্টমেণ্টতো বিস্তৰ ক্ষতি হয় ৷

এপাৰ্টমেণ্টটোত পানীৰ টেংকী ভাঙি গৈ ফ্লেটৰ ভিতৰত পানী সোমাই যায় ৷ উল্লেখ্য যে, বুধবাৰে পুৱা ৬.৭ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় সমগ্ৰ ৰাজ্যত । পুৱা ৭.৫০ বজাত প্ৰায় ছেকেণ্ড সময় ধৰি প্ৰথমটো জোকাৰণি অনুভূত হয় ৷ ভূমিকম্পৰ মূল অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৷

লগতে পঢ়ক:উলুবাৰীৰ ছিগনেচাৰ এপাৰ্টমেণ্টৰ ভূমিকম্পৰ পাচৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.