ETV Bharat / state

Constituency Delimitation: শাসক-বিৰোধীৰ মাজত লাগিছে আউল; বিজেপি চৰকাৰৰ পৰিকল্পনাক লৈ সন্দিহানত বিৰোধী

author img

By

Published : Dec 30, 2022, 10:43 PM IST

ৰাজ্যৰ সমষ্টি নিৰ্ধাৰণৰ নিৰ্দেশনাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া (Constituency Delimitation in Assam) ৷ সমান্তৰালভাৱে আউল লাগিছে শাসক-বিৰোধী সকলোৰে সমীকৰণত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আস্বস্ত হ’ব পৰা নাই কংগ্ৰেছ ৷ লগতে AIUDFয়েও কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা ৷

Constituency Delimitation
শাসক-বিৰোধীৰ মাজত লাগিছে আউল; বিজেপি চৰকাৰৰ পৰিকল্পনাক লৈ সন্দিহান বিৰোধী

গুৱাহাটী,৩০ ডিচেম্বৰ: অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ(Constituency Delimitation in Assam) প্ৰক্ৰিয়া আৰম্ভৰ নিৰ্দেশনা জাৰি হোৱাৰ লগে লগে ৰাজ্যখনত ৰাজনৈতিক জোকাৰণি অব্যাহত আছে ৷ শাসকীয়-বিৰোধীকে ধৰি ৰাজনৈতিক-অৰাজনৈতিক সকলো ব্যক্তিয়েই সমষ্টিৰ সীমা নিৰ্ধাৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ব্যস্ত হৈছে পৰৱৰ্তী ৰাজনৈতিক সমীকৰণক লৈ(Political equation after Constituency delimitation) ৷ বিশেষকৈ শাসক-বিৰোধী দুয়োটা দলেই ভীষণ ব্যস্ত হৈ পৰিছে সীমা নিৰ্ধাৰণক লৈ ৷

শাসক-বিৰোধী দুয়োটা দলৰে একাংশ হাইপ্ৰফাইল নেতাৰ মাজতো এতিয়া সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ কঁপনি উঠিছে ৷ বাহিৰত দেখুৱাই সমষ্টিৰ নামহে সলনি হ’ব, নিজৰ সমষ্টি একেই থাকিব বুলি বিধায়ক তথা ৰাজনৈতিক নেতা সকলে মন্তব্য কৰিছে ৷ কিন্তু বহু সংখ্যক ৰাজনৈতিক নেতাই নিজৰ সমষ্টি হেৰুওৱা আৰু সমষ্টিৰ ভোট বেংক হেৰুওৱাৰ শংকাত ভুগিছে ৷ সেয়ে, কংগ্ৰেছ-বিজেপি দুয়োটা দলৰ লগতে আন ৰাজনৈতিক দলসমূহ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ব্যস্ত হৈ পৰা দেখা গৈছে ৷ এই প্ৰসংগত বিৰোধীৰ ভূমিকা আৰু প্ৰতিক্ৰিয়া জানো আহক ৷

কংগ্ৰেছে কি কয়, কি হ’ব ভূমিকা(Congress on Constituency delimitation)?

ইতিমধ্যে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত এখন কমিতিয়ো গঠন কৰিছে ৷ কংগ্ৰেছ দলে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপি নেতৃত্বধীন চৰকাৰৰ উদ্দেশ্য আৰু পৰিকল্পনাক লৈ কংগ্ৰেছকে ধৰি সকলো বিৰোধী এতিয়া সম্পূৰ্ণ অন্ধকাৰত ৷ এক কথাত বিৰোধী এতিয়া সন্দিহানত ৷ কংগ্ৰেছ দলে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক কংগ্ৰেছে আদৰণি জনালেও আস্বস্ত হ’ব পৰা নাই দলটো ৷

কংগ্ৰেছৰ একাংশ নেতাই প্ৰশ্ন তুলিছে-২০২৬ত দেশত পুনৰ সমষ্টি নিৰ্ধাৰণ হ’ব ৷ তেতিয়া অসমক বঞ্চিত কৰা হ’ব নেকি? চৰকাৰক বিষয়টো স্পষ্ট কৰিবলৈ আহ্বান ৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মন্তব্য কৰিছে যে, "এতিয়া বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰিছে ৷ কংগ্ৰেছে আপত্তি কৰা নাই ৷ কংগ্ৰেছে ভালহে পাইছে ৷" লগতে ভূপেন বৰাই (APCC President Bhupen Bora) কয় যে, "ৰাজ্যৰ বিধানসভা আৰু লোকসভাৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ নিৰ্বাচন আয়োগ আৰু সংবিধান অনুযায়ী নহ’লে কংগ্ৰেছে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ৷

কিয় বিৰোধিতা কৰিছে এ আই ইউ ডি এফে(AIUDF on Constituency delimitation)?

সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত বিৰোধী AIUDF য়েও প্ৰকাশ কৰিছে নিজৰ প্ৰাথমিক প্ৰতিক্ৰিয়া ৷ দলটোৰ জ্যেষ্ঠ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ (MLA Hafiz Rafiqul Islam) মন্তব্য," ২০২৬ ত আকৌ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ’ব ৷ ২০২৬ত পুনৰ নিৰ্ধাৰণত অসমত লোকসভা আৰু বিধানসভা দুয়োটাতে আসনৰ সংখ্যা বাঢ়িব ৷ এইবাৰৰ পুনৰ সীমা নিৰ্ধাৰণত আসনৰ সংখ্যা নাবাঢ়ে ৷ আনহাতে ২০০১বৰ্ষৰ লোকপিয়লৰ ভিত্তিত হ’ব এই সীমা নিৰ্ধাৰণ ৷ মাজত ২১ বছৰৰ ব্যৱধান ৷’’

লগতে কয় যে, ‘‘স্বাভাৱিকতেই বৰ্তমানৰ জনসংখ্যাৰ সৈতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আনুপাতিক নহ’ব ৷ ৩ বছৰৰ পিছত পুনৰ কৰিবলগীয়া এটা কাম এতিয়া বিসংগতিপূৰ্ণভাৱে কৰাৰ আঁৰত উদ্দেশ্য আছে ৷ চৰকাৰে ৰাইজৰ বাবে কাম কৰিব পৰা নাই ৷ আচলতে, সেয়া ঢাকিবলৈ বিজেপি চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যোগেদি বিশৃংখল পৰস্থিতি সৃষ্টি কৰিব বিচাৰিছে ৷ সেয়ে এ আই ইউ ডি এফে এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰে ৷’’

শুকুৰবাৰে নিশা সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বৈঠক আহ্বান কৰিছে এ আই ইউ ডি এফে ৷ আপত্তি থাকিলেও আদৰণি তৃণমূল কংগ্ৰেছৰ(TMC on Constituency delimitation) ৷ তৃণমূল কংগ্ৰেছ অসমে আদৰণি জনাইছে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক৷ কিন্তু কিছু কথাত আপত্তি টিএমচিৰ(TMC) ৷ ২০০১ৰ লোকপিয়লৰ ভিত্তিক ভিত্তি হিচাপে লোৱাত যোৱা ২০ বছৰত বৃদ্ধি পোৱা জনসংখ্যা প্ৰতিফলিত নহ’ব ৷

অৱশ্যে শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএলৰ প্ৰতিক্ৰিয়া(UPPL on Constituency Delimitation), "সমষ্টি পুনৰ গঠন হ’লে বিটিআৰ(BTR) অঞ্চলত দুটাকৈ লোকসভা সমষ্টি আৰু চৈধ্যটা বিধানসভা সমষ্টি আহিব । সমষ্টি কৰ্তন হোৱা নোহোৱাক লৈ আমি চিন্তিত নহয় । সমষ্টি পুনৰ নিৰ্ধাৰণ আগতেই হ’ব লাগিছিল ।" শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী ইউজি ব্ৰহ্মই (Minister UG Brahma) ।

কিন্তু, মৌন বিৰোধী বিপিএফ দল(BPF on Constituency Delimitation) ৷ ৰাইজৰ দলেও ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া(Raijor Dal on Constituency delimitation) ৷ ২০০১ৰ লোকপিয়লৰ ভিত্তিতকৈ শেহতীয়া লোকপিয়লৰ ভিত্তিতহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পোষকতা ৰাইজৰ দলৰ ৷ আনহাতে, পূৰ্বতে NRC সম্পূৰ্ণ নোহোৱাৰ বাবেই বন্ধ হৈ আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া ৷ NRC আজিও সম্পূৰ্ণ নহ’ল ৷ সেয়ে, অসন্তুষ্টি প্ৰকাশ দলটোৰ ৷

লগতে এইবাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত উজনি অসমত আসনৰ সংখ্যা কমোৱাৰ পৰিকল্পনা কৰাৰো সন্দেহ বিৰোধী দলটোৰ ৷ এইদৰে প্ৰায়বোৰ বিৰোধী দলেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদিও এক কথাত এইবাৰৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ যোগেদি বিজেপি চৰকাৰে কি কৰিব তাক লৈ সন্দিহান বিৰোধী ৷ বিজেপিৰ তৰফৰ পৰা আদৰণি জনালেও, নেতা-মন্ত্ৰীয়ে পুনৰ নিৰ্ধাৰণৰ সপক্ষে যুক্তি দি আদৰণি জনালেও বাস্তৱত বহু বিজেপি নেতা-বিধায়ক-সাংসদেও ৰাজনৈতিক কেৰিয়াৰক লৈ চিন্তা কৰিবলগীয়া হৈছে ৷

ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Minister Ranuj Pegu) ৷ তেওঁ কয় যে, ধেমাজি জিলাখনত প্ৰস্তাৱিত তিনিটা বিধানসভা সমষ্টিৰ যিকোনো এটা সংৰক্ষণমুক্ত হ’ব লাগে । জিলাখনৰ যিকোনো এটা সমষ্টি সংৰক্ষণমুক্ত কৰিবৰ বাবে তেওঁ আগৰেপৰা দাবী জনাই আহিছে আৰু বৰ্তমানেও পূৰ্বৰ স্থিতিত অটল আছে ।

লগতে পঢ়ক: Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগক লৈ তৎপৰ শাসক-বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.