ETV Bharat / state

APDCL ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত বিৰোধী দলৰ প্ৰতিবাদ

author img

By

Published : Dec 3, 2020, 10:54 PM IST

APDCL ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলে বৃহস্পতিবাৰে মহানগৰীত যৌথ প্ৰতিবাদ সাব্যস্ত কৰে ৷ মহানগৰীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ অজিত কুমাৰ ভূঞা ৷

opposition-parties-in-the-metropolis-protest-against-the-privatization-of-apdcl
APDCL ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত বিৰোধী দলৰ প্ৰতিবাদ

গুৱাহাটী, 3 ডিচেম্বৰ : APDCL ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিৰোধী ৰাজনৈতিক দলে বৃহস্পতিবাৰে মহানগৰীত যৌথ প্ৰতিবাদ সাব্যস্ত কৰে ৷ মহানগৰীৰ পল্টনবজাৰস্থিত বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণ মৰ্চা, এল ডি পি, আপ, আৰ জে ডি, অসম সংগ্ৰামী মঞ্চ, এন চি পি, চি পি আই (এম), চি পি আই, চি পি আই ( এম এল ) আৰু আৰ চি পি আইৰ শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷

APDCL ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত বিৰোধী দলৰ প্ৰতিবাদ

ৰাজ্যৰ লগতে দেশৰ ৰাজহুৱা খণ্ডক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰা কাৰ্যৰ বিৰোধিতা কৰি আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ অজিত কুমাৰ ভূঞা ৷ সাংসদ গৰাকীয়ে প্ৰতিবাদস্থলীৰ পৰাই কয় যে, যিখন চৰকাৰে দুটাকৈ কল কাৰখানা উদ্ধাৰ কৰিব নোৱাৰিলে সেইখন চৰকাৰে এপদ এপদকৈ ৰাজহুৱা সম্পদ আম্বানী-আদাৱানিক গতাই দিব খুজিছে ৷ লাভজনক অৱস্থাত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰটো আদাৱানিক অৰ্পণ কৰাৰ প্ৰসংগও উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷

লগতে পঢ়ক : গায়ন-বায়নেৰে সম্পন্ন সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আদ্যশ্ৰাদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.