ETV Bharat / state

Nitin Gadkari Political View: গাডকাৰীৰ ৰাজনৈতিক দৃষ্টিকোণক সমৰ্থন দেবব্ৰত শইকীয়াৰ

author img

By

Published : Jul 26, 2022, 10:01 PM IST

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ বৰ্তমানৰ ৰাজনীতিৰ সম্পৰ্কত কৰা মন্তব্যৰ সমৰ্থন জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই (Opposition leader Debabrat Saikia) ৷ গাডকাৰী মন্তব্য কৰা অনুসৰিয়েই ৰাজনীতি সম্প্ৰতি ক্ষমতাকেন্দ্ৰিক হৈ পৰা বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

Nitin Gadkari Political View
গাডকাৰীৰ ৰাজনৈতিক দৃষ্টিকোণক সমৰ্থন দেবব্ৰত শইকীয়াৰ

গুৱাহাটী, ২৬ জুলাই: ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । উল্লেখ্য যে, কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে অলপতে ৰাজহুৱাভাৱে মন্তব্য কৰিছিল যে, বৰ্তমানৰ ৰাজনীতি ক্ষমতাকেন্দ্ৰিক আৰু মহাত্মা গান্ধীৰ সময়ত থকা ৰাজনৈতিক পৰিৱেশ আজি নাই (Nitin Gadkari comments on todays politics)।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ প্ৰসংগৰে বিৰোধী দলপতিগৰাকীয়ে কয় যে, আমাৰ ৰাজ্যখনতো বৰ্তমান ৰাজনীতি একমাত্ৰ ক্ষমতাকেন্দ্ৰিক হৈ পৰিছে (Debabrat Saikia on Nitin Gadkari comments) । যাৰবাবে নিজৰ ৰাজনৈতিক আদৰ্শক আওকাণ কৰি কংগ্ৰেছ দলৰে বহুতো নেতাই শাসকীয় বিজেপি দললৈ একমাত্ৰ ক্ষমতাৰ লোভত গৈছে । তেওঁ লগতে কয়, ‘‘ৰাজনৈতিক পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ আমি সকলোৱে নিজৰ নিজৰ ৰাজনৈতিক আদৰ্শক গুৰুত্ব প্ৰদান কৰিব লাগিব’’ ।

গাডকাৰীৰ ৰাজনৈতিক দৃষ্টিকোণক সমৰ্থন দেবব্ৰত শইকীয়াৰ

শেহতীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ(President election 2022) প্ৰসংগত তেওঁ কয় যে, কংগ্ৰেছ দলৰ ২০ জনকৈ বিধায়কে বিজেপি সমৰ্থিত প্ৰাৰ্থীক ভোটদান কৰাৰ ভুৱা অভিযোগ উত্থাপন কৰা এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিৰুদ্ধে ইতিমধ্যে তেওঁ উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজনীতিৰ পৰিৱেশ সুস্থ কৰি ৰাখিবলৈ এনেকুৱা কিছু মানুহৰ মুখা খুলি দিয়াটো প্ৰয়োজনীয় বুলি তেওঁ সদৰি কৰে ।

ৰাজ্যখনত শাসনাধীস্থ বিজেপি দলে নানা প্ৰলোভন, ভয়-ভাবুকিৰে কংগ্ৰেছ দলটোক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে বুলি অভিযোগ কৰি তেওঁ কয় যে আমি ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি যুঁজি যাম ।

লগতে পঢ়ক: Kargil Vijay Diwas 2022: কাৰ্গিলৰ চাক্ষুস অভিজ্ঞতা সুঁৱৰি আৱেগিক হৈ পৰিল শোভন চন্দ্ৰ কাকতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.