ETV Bharat / state

Operation Kurukhetra: নিয়ম ভঙা যান-বাহনৰ বিৰুদ্ধে বুধবাৰৰ পৰা "অপাৰেশ্যন কুৰুক্ষেত্ৰ"

author img

By

Published : Jan 31, 2023, 8:51 PM IST

Operation Kurukhetra  in Guwahati
মহানগীৰত পৰিবহন বিভাগৰ অপাৰেশ্যন কুৰুক্ষেত্ৰ

আপোনাৰো ঘৰত বাহন আছে নেকি ? তেনেহ’লে সাৱধান হওক ৷ বুধবাৰৰ পৰা গুৱাহাটী মহানগৰীৰ ৰাজপথত চলা যান-বাহনৰ নথি-পত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধ নকৰা বাহনসমূহৰ বিৰুদ্ধে চলিব অপাৰেশ্যন কুৰুক্ষেত্ৰ(Operation Kurukhetra in Guwahati) ৷

নিউজ ডেস্ক, ৩১ জানুৱাৰী: সাৱধান হওক মহানগৰবাসী (Operation Kurukhetra starts from Wednesday)৷ বুধবাৰৰ পৰা মহানগৰীৰ ৰাজপথত চলিব অপাৰেশ্যন কুৰুক্ষেত্ৰ ৷ ৰাজপথত অন্যায়ভাৱে চলা বাহনৰ বিৰুদ্ধে বুধবাৰৰ পৰা জোৰদাৰ হ’ব পৰিবহণ বিভাগৰ “অপাৰেশ্যন কুৰুক্ষেত্ৰ”(Operation Kurukhetra in Guwahati)৷

যান-বাহনৰ নথি-পত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধৰ বাবে ৩১ জানুৱাৰী চূড়ান্ত সময়সীমা ঘোষণা কৰি পৰিবহণ বিভাগে জাৰি কৰিছিল নিৰ্দেশনা ৷ কিন্তু পৰিবহন বিভাগে জনোৱা আহ্বান আৰু নিৰ্দেশনাকো অৱমাননা কৰি আজিলৈকে অন্যায়ভাৱে আৰু বিনাদ্বিধাই চলি আছে বহু বাহন (Transport Department’s Operation Kurukshetra) ৷ এনে বাহনক ১ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ ৰাজপথত ন্যায়ৰ যুদ্ধত অৱতীৰ্ণ কৰিবলৈ কামৰূপ মহানগৰ জিলাতো পৰিবহণ বিভাগৰ উচ্চ ক্ষমতাসম্পন্ন বিষয়াৰ এটা সজাতি দল “অপাৰেশ্যন কুৰুক্ষেত্ৰ”ৰ বাবে সষ্টম হৈছে ৷

উল্লেখ্য যে, অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়ত বাহাল ৰাখিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশনাৰ ভিত্তিত পৰিবহণ বিভাগে প্ৰায় নিয়মীয়াকৈ ৰাজহুৱা ঘোষণা, প্ৰচাৰ পুস্তিকা বিতৰণ, সজাগতা অনুষ্ঠান আদিৰ জৰিয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজত সচেতনতা সৃষ্টিৰ প্ৰচেষ্টা চলাইছে ৷ এনেক্ষেত্ৰতো বহু যান-বাহনৰ গৰাকীয়ে বেআইনীভাৱে যানবাহন চলাই সুৰক্ষিত যাতায়াতত ব্যাঘাত জন্মাইছে ।

সেয়ে পৰিবহণ বিভাগে সদৰী কৰা অনুসৰি এতিয়াৰে পৰা আৰু কোনো অবৈধ বাহনকে পথত চলিবলৈ দিয়া নহ’ব । সেয়ে এই গুৰুত্বপূৰ্ণ বিষয়টো আওকাণ কৰি অন্যায়ভাৱে যান-বাহন চলাই প্ৰতিনিয়ত অনাকাংক্ষিত দুৰ্যোগ, দুৰ্ঘটনা মাতি অনা যান-বাহনক ৰাজপথত ন্যায়ৰ যুঁজত অৱতীৰ্ণ কৰাই এশিকনি দিবলৈকে পৰিবহণ বিভাগৰ অভিযানকাৰী দলে হাতে হাতে অবৈধ বাহনৰ তালিকা হাতত লৈ আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ উপস্থিতিত “অভিযান কুৰুক্ষেত্ৰ”ৰ বাবে উঠিপৰি লাগিছে।

অভিযানৰ সময়চোৱাত যান-বাহনৰ নথি-পত্ৰসমূহ বৈধ কৰি ৰখা বাহনৰ গৰাকীৰ প্ৰতি সন্মান জনাই ৰাজপথৰ ন্যায়-অন্যায়ৰ যুঁজত অন্যায়ভাৱে চলি থকা যান-বাহন ধৰা পৰিলেই বৃহৎ পৰিমানৰ জৰিমনা ভৰাৰ উপৰি গাড়ীখন জব্দ কৰা হ’ব ৷ প্ৰয়োজন সাপেক্ষে বাহনৰ অনুজ্ঞাপত্ৰ বাতিল পৰ্যন্ত হ’ব পাৰে বুলি স্পষ্ট কৰি দিছে পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত তথা কামৰূপ (ম) ৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে (Kamrup metro DTO Goutam Das)৷

লগতে পঢ়ক: Cab driver strike: গুৱাহাটীত 1 ফেব্ৰুৱাৰীৰ পৰা অচল হ’ব অ’লা আৰু উবেৰ; আহিব বিকল্প সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.