ETV Bharat / state

Onion price hike: ১০-১৫ টকা পৰ্যন্ত বৃদ্ধি হৈছে পিয়াঁজৰ দাম

author img

By

Published : Aug 14, 2023, 7:18 PM IST

Updated : Aug 14, 2023, 11:14 PM IST

যোগান মন্ত্ৰীৰ বাণী সৰোগত কৰি এতিয়া পিয়াঁজ খাবলৈ এৰিব লাগিব ৰাজ্যবাসীয়ে ৷ কাৰণ বজাৰত হুৰাহুৰে বৃদ্ধি হৈছে পিয়াঁজৰ দাম ৷ পিছে পিয়াঁজৰ দাম বৃ্দ্ধিক লৈ কোনো গুৰুত্ব নাই চৰকাৰ তথা যোগান মন্ত্ৰীৰ ৷

Onion price hike in Guwahati
বজাৰত হুৰাহুৰে বৃদ্ধি হৈছে পিয়াজৰ দাম

বজাৰত হুৰাহুৰে বৃদ্ধি হৈছে পিয়াজৰ দাম

গুৱাহাটী, ১৪ আগষ্ট: দাইল, চাউল, মচলা, বিলাহীৰ মূল্যবৃদ্ধিৰ পিছতে বজাৰত হুৰাহুৰে বৃদ্ধি হৈছে পিয়াঁজৰ দাম । প্ৰতিকিলোগ্ৰাম পিয়াঁজত ১০-১৫ টকা পৰ্যন্ত বৃদ্ধি পাইছে । বিগত ৪-৫ দিনৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাইছে পিয়াঁজৰ দাম । পিয়াঁজৰ মূল্যবৃদ্ধিয়ে কন্দুৱাইছে জনসাধাৰণক । দেশৰ সৰ্বাধিক পিয়াঁজ উৎপাদনকাৰী ৰাজ্য মহাৰাষ্ট্ৰৰ পাইকাৰী বজাৰত পিয়াঁজৰ মূল্য পূৰ্বতকৈ অধিক হৈ পৰাত অসমতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । পাটনা আৰু নাছিকৰ প্ৰতিকিলোগ্ৰাম পিয়াঁজৰ মূল্য ১০-১৫ টকা বৃদ্ধি হৈছে ।

পাটনাৰ পিয়াঁজ পূৰ্বতে ৩৫-৪০ টকা প্ৰতিকিলোগ্ৰাম বিক্ৰী হৈছিল যদিও বৰ্তমান ৫০ টকাকৈ বিক্ৰী হৈছে । আনহাতে নাছিকৰ পিয়াজ পূৰ্বে ২৮-৩০ টকা প্ৰতিকিলোগ্ৰাম বিক্ৰী হৈছিল । বৰ্তমান পাটনাৰ পিয়াঁজৰ প্ৰতিকিলোগ্ৰাম পাইকাৰী মূল্য ৩২ টকা খুচুৰা মূল্য হৈছে ৩৫-৪০ টকা । ইপিনে পাটনাৰ পিয়াঁজ পাইকাৰী মূল্য হৈছে ৪২ টকা আৰু খুচুৰা মূল্য হৈছে ৫০ টকা । ইপিনে বজাৰত শ্বিলঙৰ বিলাহী প্ৰতি কিলোগ্ৰাম ১২০ টকা, গাজৰ ৮০-১২০ টকা, আদা ২৪০-২৫০ টকা, কেপচিকাম ১০০-১২০ টকা পৰ্যন্ত বিক্ৰী হৈছে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ জনতাক । বিগত এমাহ ধৰি চাউল, দাইল, মিঠাতেল, কাবুলি বুট, জিৰা, মগজকে ধৰি অন্যান্য অত্যৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ বাবে দল-সংগঠনে প্ৰতিবাদো সাব্যস্ত কৰিছে কিন্তু ইয়াৰ পিছতো কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ । এক কথাত ক’বলৈ গ’লে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ ।

লগতে পঢ়ক: Price Hike in Assam : মূল্যবৃদ্ধিৰ বাবে সামগ্ৰিকভাৱে চৰকাৰখনক দোষাৰোপ কৰক; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

Last Updated : Aug 14, 2023, 11:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.