ETV Bharat / state

Onion price hike: পিয়াঁজ কিনিলেও কান্দিব, কাটোঁতেও কান্দিব

author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 6:20 PM IST

ৰাজ্যত পুনৰ বৃদ্ধি পালে পিয়াঁজৰ মূল্য । মহানগৰীৰ বজাৰত 70-80 টকাকৈ বিক্ৰী হৈছে প্ৰতি কিলোগ্ৰাম পিয়াঁজ ৷

onion price hike in guwahati
ৰাজ্যত পুনৰ বৃদ্ধি পালে পিয়াঁজৰ মূল্য

ৰাজ্যত পুনৰ বৃদ্ধি পালে পিয়াঁজৰ মূল্য

গুৱাহাটী, 27 অক্টোবৰ : পূজাৰ আনন্দ-উল্লাসৰ মাজতেই ৰাজ্যত পুনৰ বৃদ্ধি পালে পিয়াঁজৰ মূল্য । মূল্যবৃদ্ধিৰ প্ৰতিযোগিতাখনত পিয়াঁজৰ স্থান এতিয়া একদম প্ৰথম স্থানত । ৰাজ্যৰ বজাৰসমূহত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে অতিকে লাগতিয়াল পিয়াঁজৰ দাম । সমান্তৰালভাৱে মহানগৰীৰ প্ৰতিখন বজাৰত এতিয়া পিয়াঁজৰ দাম আকাশলংঘী হৈছে ।

গুৱাহাটী মহানগৰীৰ প্ৰতিখন বজাৰত প্ৰতি কিলোগ্ৰাম পিয়াঁজ 70-80 টকাকৈ বিক্ৰী হৈছে । বিগত চাৰি পাঁচ দিন ধৰি পিয়াঁজৰ মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে । বৃহস্পতিবাৰৰ দিনটোত মহানগৰীত পিয়াঁজৰ মূল্য আছিল প্ৰতি কিলোগ্ৰামত 60 টকা । আজি শুকুৰবাৰে মহানগৰীৰ বজাৰত পিয়াঁজৰ খুচুৰা মূল্য হৈছে প্ৰতি কিলোগ্ৰামত 70-80 টকা । মহানগৰীৰ খুচুৰা ব্যৱসায়ীসকলে অভিযোগ কৰা অনুসৰি ফাঁচী বজাৰৰ পাইকাৰী ব্যৱসায়ীসকলে ৰচিদ নিদিয়াকৈ পিয়াঁজ বিক্ৰী কৰি আছে । ৰচিদ বিচাৰিলে ৰচিদ দিবলৈ অস্বীকাৰ কৰে তেওঁলোকে ।

উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যায়ত পিয়াঁজৰ গড় খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত ৫৭ শতাংশলৈ বৃদ্ধি হৈ ৪৭ টকা হৈছেগৈ । ইয়াৰ বাবে কেন্দ্ৰই শুকুৰবাৰে গ্ৰাহকসকলক সকাহ প্ৰদান কৰাৰ উদ্দেশ্যে খুচুৰা বজাৰত প্ৰতি কিলোগ্ৰামত ২৫ টকা ৰাজসাহায্যযুক্ত হাৰত বাফাৰ পিয়াঁজৰ বিক্ৰী বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । উপভোক্তা পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, পিয়াঁজৰ সৰ্বভাৰতীয় গড় খুচুৰা মূল্য শুকুৰবাৰে প্ৰতি কিলোগ্ৰামত ৪৭ টকালৈ বৃদ্ধি হয়, যিটো বছৰৰ আগৰ সময়ছোৱাত প্ৰতি কিলোগ্ৰামত ৩০ টকা আছিল ।

মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি বতৰৰ কাৰণত খাৰিফ পিঁয়াজ ৰোপণত পলম হোৱাৰ ফলত কম চাহিদা আৰু শস্য পলমকৈ আহিছে । সঞ্চিত ৰবি পিঁয়াজ শেষ হৈ অহাৰ লগতে খাৰিফ পিঁয়াজ ওলোৱাত পলম হোৱাৰ ফলত যোগানৰ এক কঠিন পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ ফলত পাইকাৰী আৰু খুচুৰা দুই বজাৰতে মূল্যবৃদ্ধি হৈছে ৷

লগতে পঢ়ক : Centre to Buffer Onion Sale : পিঁয়াজৰ খুচুৰা মূল্য ৫৭ শতাংশলৈ বৃদ্ধি; গ্ৰাহকক সকাহ দিবলৈ কেন্দ্ৰৰ বিশেষ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.