ETV Bharat / state

Palm Oil Cultivation in Assam : অসমৰ 18 খন জিলাত কৰা হ'ব পাম অইলৰ খেতি

author img

By

Published : Jul 27, 2023, 10:20 AM IST

ৰাষ্ট্ৰীয় এনএমইঅ’-অ’পিৰ অধীনত ভাৰত চৰকাৰে 25 জুলাইৰ পৰা 5 আগষ্টলৈ মেগা অইল প্লেণ্টেচন ড্ৰাইভ আৰম্ভ কৰিছে ৷ এই অভিযানৰ বিষয়ে আলোচনাৰ বাবে গুৱাহাটীত বুধবাৰে এখন ঘূৰণীয়া মেজ মেলৰ আয়োজন কৰা হয় ৷ অসমৰ 18 খন জিলাত শীঘ্ৰেই এই খেতি আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে এই সভাত ৷

Oil palm cultivation
25 জুলাইৰ পৰা 5 আগষ্টলৈ মেগা অইল প্লেণ্টেচন ড্ৰাইভ

গুৱাহাটী, 27 জুলাই : ৰাষ্ট্ৰীয় ভোজ্য তেল-তেল পাম অভিযান (এনএমইঅ’-অ’পি)ৰ অধীনত ভাৰত চৰকাৰে 25 জুলাইৰ পৰা 5 আগষ্টলৈ মেগা অইল প্লেণ্টেচন ড্ৰাইভ আৰম্ভ কৰিছে ৷ এই অভিযানৰ বিষয়ে সবিশেষ আলোচনাৰ বাবে গুৱাহাটীত বুধবাৰে এখন ঘূৰণীয়া মেজৰ আয়োজন কৰা হয় ৷ এই বৈঠকত গডৰেজ এগ্ৰ’ভেট লিমিটেড, ইণ্ডিয়ান ইনষ্টিটিউট অৱ অইল পাম ৰিচাৰ্ছ, দ্য ছলভেণ্ট এক্সট্ৰেক্টৰছ’ এছ'চিয়েচন অৱ ইণ্ডিয়া আৰু ছলিডাৰিদাদ নেটৱৰ্ক উপস্থিত থাকে ৷

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অইল পাম খেতিৰ গুৰুত্ব আৰু ই কেনেদৰে অঞ্চলটোৰ কৃষকসকলক উন্নীত কৰিব পাৰে সেই সন্দর্ভত আলোচনা কৰা হয় এই মেজমেলত ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত মিজোৰামত এই খেতিৰ জৰিয়তে ভালে সংখ্যক কৃষক উপকৃত হোৱাৰ লগতে আৰ্থিকভাৱে যথেষ্ট লাভাম্বিত হৈছে বুলি উল্লেখ কৰে এই সভাত ৷ লগতে অসমৰ 18 খন জিলাত শীঘ্ৰেই এই খেতি আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

এই মেজ মেলত ভিডিঅ' কনৰেঞ্চ যোগে বৈচিত্ৰ্যপূৰ্ণ, গৱেষণা আৰু উন্নয়ন কেন্দ্ৰীভূত খাদ্য আৰু কৃষি ব্যৱসায় সংঘবদ্ধ সংস্থা গডৰেজ এগ্ৰ’ভেট লিমিটেডৰ মেনেজিং ডাইৰেক্টৰ বলৰাম সিং যাদৱে কয় যে 2014 চনৰ পৰা মিজোৰামত কাৰ্যকৰী উদ্যোগ থকা একমাত্ৰ কোম্পানী তেওঁলোক ৷ এনএমইঅ’-অ’পি আঁচনিৰ অধীনত প্ৰতিষ্ঠানটোৱে অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা চৰকাৰৰ সৈতেও বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে ৷

লগতে পঢ়ক : Palm Oil Farm at Boko : বকোত সেউজ তৈল খেজুৰ কৃষক গোটৰ প্ৰশংসনীয় পদক্ষেপ

ভাৰত হৈছে পাম তেলৰ বিশ্বৰ সৰ্ববৃহৎ আমদানিকৰ্তা আৰু পাম তেলৰ দ্বিতীয় সৰ্ব বৃহৎ উপভোক্তা থকা দেশ ৷ স্থানীয় উৎপাদন 300,000 টনৰ পিছতো ভাৰতে বৰ্তমান 7,500,000 টন পাম তেল আমদানি কৰে ৷ 2020 চনৰ ভিতৰত যেতিয়া আইচিএআৰ-আইআইঅ’পিআৰ আৰু ডিএ এণ্ড এফডব্লিউৱে তেলপামৰ সম্ভাৱ্য অঞ্চলৰ মূল্যায়ন কৰিছিল, তেতিয়া ভাৰতত মুঠ 27.99 লাখ হেক্টৰ ভূমি তেল পাম খেতিৰ বাবে উপযোগী বুলি বিবেচিত হৈছিল ৷ ইয়াৰে 9.62 লাখ হেক্টৰ ভূমি উত্তৰ-পূবৰ ৰাজ্যত চিনাক্ত কৰা হৈছে ৷ বৰ্তমান উঃ-পূবত 38,992 হেক্টৰ এলেকাত তেলপামৰ খেতি কৰা হৈছে, যাৰ ফলত এতিয়াও সম্প্ৰসাৰণৰ বহু সুযোগ আছে ৷

2021 চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে খাদ্য তেল সম্পৰ্কীয় ৰাষ্ট্ৰীয় অভিযান – তেল পাম (এনএমইঅ'-অ'পি) আৰম্ভ কৰিছিল ৷ অইল পামৰ পৰা খাদ্য তেলৰ উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এনএমইঅ’-অ’পি হৈছে কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি আৰু সাধাৰণ ৰাজ্যসমূহৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত 60:40 আৰু উত্তৰ-পূব ৰাজ্যৰ বাবে 90:10 আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ বাবে 100 শতংশ হিচাপে খৰচৰ ভাগ-বতৰা কৰা হ'ব ৷ এই সকলোৰৰ মাজত, মাটিৰ মালিকীস্বত্ব কৃষকৰ হাততে আছে আৰু তেল পাম খেতিৰ বাবে অঞ্চল আবণ্টন কৰা বা দিয়াৰ কাৰ্য কোনো কৰ্প’ৰেট গোষ্ঠীৰ সৈতে নহয় ৷

লগতে পঢ়ক : India Vs Australia T20 Match: 28 নৱেম্বৰত গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.