ETV Bharat / politics

সৰ্বানন্দ সোণোৱালক অভিনন্দন বিধায়ক বিনোদ হাজৰিকা-তেৰছ গোৱালাৰ - Modi Cabinet

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 7:49 PM IST

Sarbananda Sonowal in Modi cabinet: সৰ্বানন্দ সোণোৱালে পুনৰবাৰ মোদী মন্ত্ৰীসভাত স্থান লাভ কৰিব ৷ বিধায়ক বিনোদ হাজৰিকা আৰু তেৰছ গোৱালাই সোণোৱালক অভিনন্দন জনোৱাৰ লগতে নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে ৷

Sarbananda Sonowal in Modi cabinet
সৰ্বানন্দ সোণোৱালক অভিনন্দন বিধায়ক বিনোদ হাজৰিকা-তেৰছ গোৱালাৰ (ETV Bharat Assam)

ডিব্ৰুগড়, 9 জুন: দেওবাৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে ৷ মোদীৰ মন্ত্ৰীসভাত ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰিত্ব লাভ কৰাটো ইতিমধ্যে নিশ্চিত হৈছে ।

দেওবাৰে সন্ধিয়া শপত গ্ৰহণৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ বাসগৃহত আয়োজন কৰা চাহমেললৈ নিমন্ত্ৰিত হ’ল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । সোণোৱালৰ লগত মোদী মন্ত্ৰীসভাত স্থান পাবলগীয়া বাকী সাংসদসকলো উক্ত চাহমেলত উপস্থিত থাকে ৷ সৰ্বানন্দ সোণোৱালৰ কেবিনেট মন্ত্ৰী নিশ্চিত হোৱাৰ পিচত সোণোৱালৰ দিল্লীস্থ বাসগৃহৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই ।

বিধায়কগৰাকীয়ে কয় সৰ্বানন্দ সোণোৱাল কেবিনেট মন্ত্ৰী হোৱাটো নিশ্চিত হৈছে যদিও কি কি গুৰুত্বপূৰ্ণ বিভাগ লাভ কৰিব সেয়া আজি সন্ধিয়াহে নিশ্চিত হ’ব । আনহাতে দুলীয়াজানত বিধায়ক তেৰছ গোৱালাই সৰ্বানন্দ সোণোৱালক শুভেচ্ছা দিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় কেবিনেটত স্থান দিয়াৰ বাবে ৷

উল্লেখযোগ্য যে পূৰ্বৰ মোদী চৰকাৰৰ কেবিনেটত কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰিছিল সৰ্বানন্দ সোণোৱালে । ৰাজ্যসভাৰ সদস্য হিচাপে সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী হৈছিল যদিও এইবাৰ ডিব্ৰুগড়ৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কেবিনেট মন্ত্ৰী হ'বলৈ সক্ষম হৈছে সৰ্বানন্দ সোণোৱাল ।

ইফালে অসমৰ পৰা এইবাৰ আৰু এজন সাংসদে মোদী কেবিনেটত স্থান পোৱাটো নিশ্চিত হৈছে ৷ সেয়া তেওঁ হৈছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ৷ মোদীৰ মন্ত্ৰীসভাত পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰিব পাৰে বুলিও ইতিমধ্যে খবৰ ওলাইছে মাৰ্ঘেৰিটাক কি বিভাগৰ দায়িত্ব প্ৰদান কৰা হয় তাৰ প্ৰতিও উৎসুক হৈ আছে অসমবাসী ৷

লগতে পঢ়ক: মোদী মন্ত্রীসভা : অসমৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু পবিত্র মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.