ETV Bharat / state

এটুপি খোৱাপানীৰ বাবে উত্তৰ গুৱাহাটীত হাহাকাৰ

author img

By

Published : Feb 17, 2021, 10:22 PM IST

খোদ স্বাস্থ্য মন্ত্ৰীৰ নিজৰ সমষ্টিৰ মধ্যম খণ্ড ৰূদ্ৰেশ্বৰকে ধৰি কেইবাখনো গাঁও চৰকাৰী পানী যোগান আঁচনিৰ পৰা বঞ্চিত । পানীৰ নাটনিৰ বাবে খালৰ ঘোলা পানীকে শোধন কৰি ব্যৱহাৰ কৰি আহিছে ৰাইজে ।

North guwahati drinking water crisis
এটুপি খোৱাপানীৰ বাবে হাহাকাৰ উত্তৰ গুৱাহাটীত

গুৱাহাটী, 17 ফেব্ৰুৱাৰী: পানীয়ে প্ৰাণীৰ প্ৰাণ ৷ কিন্তু এটুপি খোৱাপানীৰ বাবে হাহাকাৰ উত্তৰ গুৱাহাটীত । অঞ্চলোটৰ টিউবেল কুঁৱা সমূহত নাই পানী । যাৰ বাবে অসহায়হৈ পৰিছে দুখীয়া শ্ৰমজীৱি পৰিয়াল সমুহ । আনহাতে, পানীৰ এই নাটনিৰ সুযোগ লৈছে ক’লা ব্যাৱসায়ী সকলে । এচাম অসাধু ব্যবসায়ীয়ে অবৈধভাৱে গভীৰ নল- নাদ বহুৱাই চলাই গৈছে আইনী বেহা ।

খোদ স্বাস্থ্য মন্ত্ৰীৰ নিজৰ সমষ্টিৰ মধ্যম খণ্ড ৰূদ্ৰেশ্বৰকে ধৰি কেইবাখনো গাঁও চৰকাৰী পানী যোগান আঁচনিৰ পৰা বঞ্চিত । পানীৰ নাটনিৰ বাবে খালৰ ঘোলা পানীকে শোধন কৰি ব্যৱহাৰ কৰি আহিছে ৰাইজে । সমান্তৰালকৈ, ৰজাদুৱাৰৰ বহু পৰিয়াল এতিয়াও নদীৰ পানীৰ ওপৰতে নিৰ্ভৰশীল । আমিনগাঁৱতো নিজৰাৰ পানী অথবা আৰক্ষী চকীৰ পানীৰ বাবে বোন্দা পৰ দিয়ে ৰাইজে । এতিয়া খৰালিৰ লগে লগে সিও নাইকীয়া হৈছে ।

এটুপি খোৱাপানীৰ বাবে হাহাকাৰ উত্তৰ গুৱাহাটীত

জাইকাৰ মহানগৰ পানী যোগান আঁচনিয়ে ২০২১ চনৰ ভিতৰত পানী যোগানৰ পতিশ্ৰুতি দি সিও ফুটুকাৰ ফেন হ’ল । ইফালে জনস্বাস্ব্য কাৰিকৰী বিভাগৰ অধিকাংশ পানী যোগান আঁচনিয়ে মৃত । সেয়েহে এতিয়া নিৰ্বাচনৰ পূৰ্বে শাসকীয় চৰকাৰখনে ৰাইজৰ এই সমস্যা দূৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক-পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.