অসমত ৰাজ্যসভা নিৰ্বাচন নহয় !

author img

By

Published : Sep 22, 2021, 7:24 PM IST

অসমত ৰাজ্যসভা নিৰ্বাচন নহয় !
অসমত ৰাজ্যসভা নিৰ্বাচন নহয় ! ()

বুধবাৰে আছিল ৰাজ্যসভাৰ মনোনয়ন দাখিলৰ অন্তিম দিন । কিন্তু আজি কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰিলে । বিজেপি প্ৰাৰ্থী হিচাপে মঙলবাৰেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদলবলে মনোনয়ন দাখিল কৰিছিল । কাৰ্যতঃ একমাত্ৰ আসনখনৰ বাবে আজি অন্তিম দিন পাৰ হোৱালৈকে এখনেই মনোনয়ন দাখিল হোৱাত ৪ অক্টোবৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা নাথাকিল ।

গুৱাহাটী, ২২ ছেপ্তেম্বৰ : ৰাজ্যসভাত খালি হৈ থকা অসমৰ আসনখনৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ৪ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈ অধিসূচনা জাৰি কৰিছিল যদিও এতিয়া আৰু নিৰ্বাচনৰ প্ৰয়োজনীয়তা নাথাকিল । কিয়নো নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া একমাত্ৰ আসনখনৰ বাবে কেৱল এখনেই মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে । বিৰোধী দল কংগ্ৰেছে ইতিমধ্যে স্পষ্ট কৰি দিছে যে, এই নিৰ্বাচনত বিৰোধী পক্ষৰ ফালৰ পৰা কোনো প্ৰাৰ্থী আগবঢ়োৱা নহয় ।

কিয়নো ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিয়াব পৰাকৈ বিৰোধীৰ বিধায়ক আজিৰ তাৰিখত বিধানসভাত পৰ্যাপ্ত নহয় । বুধবাৰে আছিল মনোনয়ন দাখিলৰ অন্তিম দিন । কিন্তু আজি কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰিলে । বিজেপি প্ৰাৰ্থী হিচাপে মঙলবাৰেই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদলবলে মনোনয়ন দাখিল কৰিছিল । কাৰ্যতঃ একমাত্ৰ আসনখনৰ বাবে আজি অন্তিম দিন পাৰ হোৱালৈকে এখনেই মনোনয়ন দাখিল হোৱাত ৪ অক্টোবৰত নিৰ্বাচনৰ প্ৰয়োজনীয়তা নাথাকিল ।

বৃহস্পতিবাৰে মনোনয়ন পৰীক্ষাৰ দিন । ২৭ ছেপ্টেম্বৰ হৈছে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন । গতিকে সাংবিধানিক বিধি অনুসৰি ২৭ ছেপ্টেম্বৰৰ বিয়লিয়েই সোণোৱালক বিনাপ্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ বিজয়ী হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব ৷

লগতে পঢ়কঃ কোকৰাঝাৰৰ এনকাউণ্টাৰৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.