ETV Bharat / state

Automatic Coach Washing Plant: উত্তৰ পূৱ সীমান্ত ৰে'লৱেত সংলগ্ন হ'ল স্বয়ংক্ৰিয় ডবা পৰিষ্কাৰ কৰা ব্যৱস্থা

author img

By

Published : Mar 3, 2022, 8:18 AM IST

Automatic Coach Washing Plant
ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট মুকলি

কামাখ্যাস্থিত কোচ মেইন্টেনেন্স ডিপোত ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট মুকলি (NFR inaugurates automatic coach washing plant in Guwahati) । এই প্লান্টে প্ৰতিটো ডবা পৰিস্কাৰকৰণৰ বাবদ ১৪৪০ লিটাৰ পানী ৰাহি কৰিব । প্ৰতিদিনে পৰিষ্কাৰ কৰিব ৩০০ ৰ পৰা ৩৫০ টা ডবা । শিলিগুড়ি, নিউ জলপাইগুৰি, ডিব্ৰুগড়, কাটিহাৰ, শিলচৰ, নাহৰলগুণ, আলিপুৰদুৱাৰ আৰু আগৰতলা ষ্টেচনতো হ'ব এই ব্যৱস্থা ।

গুৱাহাটী, 3 মার্চ : পানী সংৰক্ষণৰ উদ্দেশ্যে উত্তৰ পূৱ সীমান্ত ৰে’লৱেয়ে(Northeast Frontier Railway) কামাখ্যাস্থিত কোচ মেইন্টেনেন্স ডিপোত ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট (Coach Maintenance Depot Kamakhya) স্থাপন কৰে । বুধবাৰে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহা প্ৰৱন্ধক অংশুল গুপ্তাই বহুস্তৰীয় পৰিষ্কৰণৰ সুবিধাযুক্ত এই প্লান্ট উদ্বোধন কৰে (First automatic coach washing plant in Guwahati)। এই পদ্ধতিটো হৈছে পৰিৱেশ-হিতৈষী আৰু পানীৰ পৰিমিত ব্যৱহাৰৰ দ্বাৰা ডবাৰ বহির্ভাগ পৰিষ্কৰণৰ এক ব্যয় ফলপ্ৰসূ পদ্ধতি ।

বর্তমান সময়ত ডবাসমূহ মেনুৱেল পদ্ধতিৰে পৰিষ্কাৰ কৰা হয় আৰু যাৰবাবে যথেষ্ট সময় আৰু পানীৰ প্ৰয়োজন হয় । অট'মেটিক কোচ ৱাশ্বিং প্লান্ট (Automatic Coach Washing Plant)ৰ বহুকেইটা বৈশিষ্ট্য আছে । এই প্ৰণালীয়ে কেৱল ৩০০ লিটাৰ পানীহে ব্যৱহাৰ কৰে । যাৰ ভিতৰত ৮০ শতাংশ হৈছে ৰিচাইকেল কৰা পানী আৰু কেৱল ৬০ লিটাৰ পানীহে স্বচ্ছ পানী ।

Automatic Coach Washing Plant
ৰে’লৱেৰ প্ৰথমটো স্মার্ট অট'মেটিক কোচ ৱাশ্বিং প্লান্ট মুকলি

আনহাতে, ইয়াৰ তুলনাত মেনুৱেল পৰিষ্কৰণৰ বাবে প্ৰতি ডবাৰ বাবে ১৫০০ লিটাৰ পানীৰ ব্যৱহাৰ হয় । এই প্লান্টে প্ৰতিদিনে ৩০০ ৰ পৰা ৩৫০ টা ডবা পৰিষ্কাৰ কৰিব পাৰে । এই পদ্ধতিটো নিয়ন্ত্ৰিত ৰসায়ন আৰু চাবোনৰ মিশ্ৰণেৰে সজ্জিত, যি প্ৰদূষণ নোহোৱাটো নিশ্চিত কৰে ।

লগতে পঢ়ক : Designated City Bus Station: মহানগৰীত ৬০টা স্থায়ী বাছ আস্থান নিৰ্ধাৰণ

আনহাতে, এই প্লান্টে প্ৰতিটো ডবা পৰিষ্কৰণৰ বাবদ ১৪৪০ লিটাৰ পানী ৰাহি কৰিব পাৰে । এনেদৰে ২৪ টা ডবাৰ প্ৰতিটো ৰেকৰ বাবে ৩৪ হাজাৰ লিটাৰ পানী ৰাহি কৰিবলৈ সক্ষম হয় । এই প্ৰক্ৰিয়াৰ জৰিয়তে ডবা পৰিষ্কৰণত মানৱ শক্তিৰ প্ৰয়োজন কম হোৱাৰ ফলত ব্যয় কম হৈ পৰে ।

উল্লেখ্য যে, উক্ত প্লান্টটো পি এল চি আধাৰিত ইন্টেলিজেন্ট কন্ট্ৰ’ল চিষ্টেমৰ দ্বাৰা সজ্জিত আৰু যেতিয়া এখন ৰে’লে এ চি ড ব্লিউ পিত প্ৰৱেশ কৰে, তেতিয়া ইয়াৰ এক স্বয়ংচালিত চিষ্টেমে ৰে’লখন নিয়ন্ত্ৰিত কৰে । এই পদ্ধতিটোৱে ডবাৰ সংখ্যা হিচাপ কৰিব পাৰে আৰু ৰে’লৰ গতিবেগ গণনা কৰাৰ লগতে এম আই এছ ৰিপ'ৰ্টো প্ৰস্তুত কৰি উলিয়াব পাৰে । এনেদৰে ৰে’লৰ ডবা পৰিষ্কৰণৰ অৰ্থে এই অত্যাধুনিক পদ্ধতিয়ে ডবা প্ৰক্ষালনৰ দিশত পৰম্পৰাগত মেনুৱেল পদ্ধতিৰ তুলনাত ডবা পৰিষ্কৰণৰ দিশত উন্নত মানদণ্ড বাৰ্তাই ৰাখিব পাৰে ।

Automatic Coach Washing Plant
উত্তৰ পূৱ সীমান্ত ৰে'লৱেত সংলগ্ন হ'ল স্বয়ংক্ৰিয় ডবা পৰিষ্কাৰ কৰা ব্যৱস্থা

ৰে’লৱেই শিলিগুড়ি, নিউ জলপাইগুৰি, ডিব্ৰুগড়, কাটিহাৰ, শিলচৰ, নাহৰলগুণ, আলিপুৰদুৱাৰ আৰু আগৰতলা ষ্টেচনতো এনেধৰণৰ ৮ টা এ চি ডব্লিউ পি স্থাপন কৰাৰ আঁচনি হাতত লৈছে । উল্লেখ্য যে, উত্তৰ পূৱ সীমান্ত ৰে’লৱেই কামাখ্যাত এই প্লান্টৰ কমিছনিঙৰ দ্বাৰা প্ৰযুক্তিগত সুবিধাৰ ব্যৱহাৰৰ দিশত পদক্ষেপ গ্ৰহণ কৰি পাৰিপাৰ্শ্বিক বহনযোগ্যতা অর্জনৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গ'ল ।

লগতে পঢ়ক : ৰাষ্ট্ৰীয় খাদ‍্য সুৰক্ষা আইন: অবৈধ হিতাধিকাৰীয়ে ১৫ মাৰ্চৰ ভিতৰত ঘূৰাব লাগিব ৰেচন কাৰ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.