ETV Bharat / state

IP আধাৰিত CCTV ৰ নিৰীক্ষণত উত্তৰ-পূৱৰ 47 টা ৰে'লৱে ষ্টেচন

author img

By

Published : Jul 7, 2021, 9:13 PM IST

813 stations with video surveillance system
IP আধাৰিত CCTV ৰ নিৰীক্ষণত উত্তৰ-পূৱৰ 47 টা ৰে'লৱে ষ্টেচন

উত্তৰ-পূব সীমান্তৰ ৰে'লৱেৰ 47 টা ষ্টেচনত ভিডিঅ' চাৰ্ভিলেঞ্চ(CCTV) কেমেৰা স্থাপনৰ ব্যৱস্থা হৈছে ৷ ইতিমধ্যে 44 টা ষ্টেচনত CCTV কেমেৰা স্থাপনৰ কাম সম্পূৰ্ণ হৈছে ৷ এই CCTV কেমেৰাত সংযোগ কৰা হৈছে বিশেষ TECHNOLOGY ৷

নিউজ ডেস্ক, 7 জুলাই : ভাৰতীয় ৰে'লৱে আৰু পিএছইউ ৰে'লটেলে উত্তৰ-পূব সীমান্তৰ ৰে'লৱেৰ 47 টা ষ্টেচনত ভিডিঅ' চাৰ্ভিলেঞ্চ(CCTV) কেমেৰা স্থাপনৰ ব্যৱস্থা কৰিছে ৷ ইতিমধ্যে চিচি টিভি কেমেৰা স্থাপনৰ কাম চলি আছে ৷ যাত্ৰী সকলৰ ভিতৰত বিশেষকৈ মহিলা আৰু শিশু সকলৰ সুৰক্ষাৰ আৰু নিৰাপত্তাৰ স্বাৰ্থত এই ব্যৱস্থা কৰিছে ভাৰতীয় ৰে'লৱে বিভাগে ৷

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ 44 টা ষ্টেচনৰ চৌহদ নিৰীক্ষণৰ বাবে ইতিমধ্যে চিচি টিভি কেমেৰা স্থাপন কৰা হৈছে ৷ ইয়াৰ ভিতৰৰ গুৰুত্বপূৰ্ণ ৰে'লৱে ষ্টেচন কেইটা হৈছে- গুৱাহাটী, নিউ জলপাইগুৰি, কাটিহাৰ, কিষাণগঞ্জ, ৰঙিয়া, কামাখ্যা, নিউ বঙাইগাঁও, নিউ তিনিচুকীয়া, ডিব্ৰুগড়, নিউ কোচবিহাৰ, শিলিগুৰি টাউন আদি ৷ ইয়াৰ মাজৰ সৰু ষ্টেচন কেইটা হৈছে- আগৰতলা, কোকৰাঝাৰ, ধৰ্মনগৰ, শিমলুগুৰি, শিৱসাগৰ, যোৰহাট টাউন, বৰপেটা ৰোড, পূৰ্ণিয়া, দাৰ্জিলিং একলাখি আদি ৷

ভাৰতীয় ৰে'লৱে আৰু পিএচইউ ৰে'লটেলে দেশৰ 813 টা মুখ্য ৰে'লৱে ষ্টেচনত আইপি আধাৰিত ভিডিঅ' চাৰ্ভিলেঞ্চ(CCTV) কেমেৰা স্থাপনৰ ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ 756 টা ষ্টেচনত ভিডিঅ' চাৰ্ভিলেঞ্চ(CCTV) কেমেৰা স্থাপনৰ কাম অহা 2022 চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি সদৰি কৰিছে ৰে'লৱে বিভাগে ৷ বুধবাৰে এই সন্দৰ্ভত মালিগাঁওস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ মুখ্য জন সম্পৰ্কৰক্ষী বিষয়া সুহানন চন্দই এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰে ৷

প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতীয় ৰে'লৱে ষ্টেচনত চিচিটিভি কেমেৰা স্থাপনৰ বাবে 25-6-2020 তাৰিখে ৰে'লটেলৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল ৷ এই চিচি টিভি কেমেৰাত অপ্টিকেল ফাইবাৰ কেবল সংযোগ কৰা হৈছে ৷ কেমেৰাৰ ভিডিঅ' ফিড কেৱল স্থানীয় ৰেলৱে সুৰক্ষা বাহিনী থানাতে নহয় ডিভিজন আৰু মাণ্ডলিক পৰ্যায়ৰ কেন্দ্ৰীভূত চিচি টিভি নিয়ন্ত্ৰণ কক্ষতো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ৷

উক্ত চিচি টিভি কেমেৰা সমূহ 3 টা স্তৰত নিৰীক্ষণ কৰা হ'ব ৷ কেমেৰা, চাৰ্ভাৰ, ইউপিএছ আৰু চুইচ নিৰীক্ষণৰ বাবে নেটৱৰ্ক মেনেজমেন্ট চিষ্টেম (এমএমএছ)প্ৰদান কৰা হৈছে ৷ যাৰ দায়িত্বত থকা কৰ্মচাৰী সকলে যিকোনো Web Browser ৰ পৰা চাব পাৰিব ৷

ৰেলৱে চৌহদৰ ভিতৰত সৰ্বাধিক কভাৰেজ নিশ্চিত কৰিবলৈ 4 প্ৰকাৰৰ আইপি কেমেৰা স্থাপন কৰা হৈছে ৷ যিয়ে নিৰাপত্তা ব্যৱস্থাতো সু-নিশ্চিত কৰিবলৈ ৰে'লৱে সুৰক্ষা বাহিনীক অধিক সহায় কৰিব ৷ চিচি টিভি কেমেৰাৰ ভিডিঅ' ফীডৰ ৰেৰ্কডিং 30 দিনলৈকে সংৰক্ষণ হৈ থাকিব ৷

লগতে পঢ়ক: কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত ল’লে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.