ETV Bharat / state

সময়সীমা উকলিল : পাঁচ বিষয়াৰ উত্তৰ নাপালে ন্যায়াধীশ শৰ্মা আয়োগে

author img

By

Published : Jul 15, 2021, 8:07 PM IST

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে সন্দেহজনক ১৯ গৰাকী এ পি এছ(APS), এ চি এছ(ACS) আৰু সংযুক্ত সেৱাৰ বিষয়ালৈ জাননীৰ জাৰি কৰি উত্তৰ বিচৰা অন্তিম সময়সীমা ইতিমধ্যে শেষ হৈছে ৷ নিধাৰণ কৰি দিয়া সময়ৰ ভিতৰত 14 গৰাকী বিষয়াৰ হে উত্তৰ লাভ কৰিলে শৰ্মা আয়োগে ৷

new updates of apsc scam in assam
পাঁচ বিষয়াৰ উত্তৰ নাপালে ন্যায়াধীশ শৰ্মা আয়োগে

গুৱাহাটী, ১৫ জুলাই : সময়সীমা শেষ হ'ল । ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে সন্দেহজনক ১৯ গৰাকী এ পি এছ(APS), এ চি এছ(ACS) আৰু সংযুক্ত সেৱাৰ বিষয়াৰ 15 দিনৰ ভিতৰত উত্তৰ বিচাৰি জাননি জাৰি কৰিছিল ৷ জাননীত উল্লেখ কৰা অনুসৰি উত্তৰ দিয়াৰ অন্তিম সময়সীমা আছিল 15 জুলাই । নিধাৰিত সময়ৰ ভিতৰত ১৯ গৰাকী কৰ্মৰত বিষয়াৰ ১৪ গৰাকীয়েহে ন্যায়াধীশ শৰ্মা আয়োগৰ ওচৰত সোঁ-শৰীৰে হাজিৰ হ'ল কিম্বা জাননীৰ উত্তৰ দিলে ।

বৃহস্পতিবাৰে সন্ধিয়া আয়োগৰ এক সূত্ৰই ই টিভি ভাৰতৰ আগত নিশ্চিত কৰিছে এই তথ্য । একেটা সূত্ৰই প্ৰকাশ কৰা তথ্য মতে বাকী পাঁচ গৰাকী বিষয়াৰ ভিতৰত দুজনে আয়োগক লিখিতভাৱে অতিৰিক্ত সময় বিচাৰি আবেদন জনাইছে । ইয়াৰ বিপৰীতে আন তিনি গৰাকীয়ে আয়োগে জাৰি কৰা জাননীৰ প্ৰতি কোনোধৰণৰ সহাৰি নজনালে ।

অৱশ্যে অতিৰিক্ত সময় বিচৰা বিষয়াদ্বয়ৰ আবেদন ন্যায়াধীশ শৰ্মা আয়োগে মঞ্জুৰ কৰিছে ৷ কোনো ধৰণৰ সহাৰি নজনোৱা অন্তিম তিনিগৰাকী বিষয়াৰ ক্ষেত্ৰত আয়োগে খুব সোনকালেই পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ।

উল্লেখ্য যে, কুখ্যাত ৰাকেশ পালৰ কাৰ্যকালত ২০১৩ বৰ্ষত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ চাকৰি লাভ কৰা ১৯ গৰাকী এ পি এছ, এ চি এছ আৰু সংযুক্ত সেৱাৰ বিষয়াৰ পৰীক্ষাৰ উত্তৰবহীৰ নম্বৰ আৰু টেবুলেশ্বনত থকা নম্বৰৰ মাজত বিসংগতি ধৰা পৰিছিল ৷ এই পৰিপেক্ষিততে ন্যায়াধীশ শৰ্মা আয়োগে 15 দিনৰ সময়সীমা ধাৰ্য কৰি 19 গৰাকী বিষয়াৰ স্থিতি স্পষ্ট কৰিবলৈ জাননী জাৰি কৰিছিল ৷

লগতে পঢ়ক: গৃহ বিভাগত হাহাকাৰ : কেনেকৈ জামিন পালে পলাতক মফিদুলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.