ETV Bharat / state

Neel Pawan Barua health is deteriorating : ক্ৰমাৎ অসুস্থ হৈ পৰিছে চিত্ৰশিল্পী নীলপৱন বৰুৱা

author img

By

Published : Oct 28, 2022, 2:24 PM IST

Neel Pawan Barua health is deteriorating
ক্ৰমাৎ অসুস্থ হৈ পৰিছে চিত্ৰশিল্পী নীলপৱন বৰুৱা

ক্ৰমাৎ অসুস্থ অসম সৌৰভ বঁটা লাভ কৰা চিত্ৰশিল্পী নীলপৱন বৰুৱা (Neel Pawan Barua is more sick) ৷ বৰ্তমান GMCH ৰ ICU ত চিকিৎসকৰ নিৰীক্ষণত আছে শিল্পীগৰাকী ৷ জানিব পৰা মতে, কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাস লৈ আছে চিত্ৰশিল্পী নীলপৱন বৰুৱাই ৷ চিত্ৰশিল্পীগৰাকীৰ স্বাস্থ্যৰ বিষয়ে জানিব পাৰি এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যবাসী ৷

নিউজ ডেস্ক, 28 অক্টোবৰ : ক্ৰমাৎ অৱনতি ঘটিছে খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্য ৷ শাৰীৰিক অসুস্থতাৰ বাবে বিগত 21 ছেপ্টেম্বৰত হঠাত অসুস্থ হৈ পৰিছিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী (Prominent painter Neel Pawan Baruah) ৷

তথ্য অনুসৰি, কেবাদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । স্বাস্থ্যৰ অধিক অৱনতি ঘটাত 21 ছেপ্টেম্বৰৰ মাজনিশা তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (Neel Pawan Baruah admitted in GMCH) । তেতিয়াৰে পৰাই ICU ত চিকিৎসকৰ নিৰীক্ষণত আছে শিল্পীগৰাকী ।

কিন্তু বৃহস্পতিবাৰৰ পৰা পূৰ্বৰ তুলনাত স্বাস্থ্য অধিক অৱনতি ঘটে ৷

জানিব পৰা মতে, কৃত্ৰিমভাৱে শ্বাস প্ৰশ্বাস লৈ আছে চিত্ৰশিল্পী নীলপৱন বৰুৱাই (Neel Pawan Barua is more sick)৷ চিত্ৰশিল্পীগৰাকীৰ স্বাস্থ্যৰ বিষয়ে জানিব পাৰি এতিয়া চিন্তিত হৈ পৰিছে ৰাজ্যবাসী ৷ প্ৰিয় চিত্ৰশিল্পীগৰাকীৰ আশুৰোগ্য কামনাৰ্থে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেওঁৰ জন্মস্থান টীয়কৰ বাহ্মণ গাঁওবাসীও নেদেখাজনৰ শৰণাপন্ন হৈছে ৷

চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জীৱন শৈলী :-

1936 চনত টীয়কৰ বাহ্মণ গাঁৱত নীলপৱন বৰুৱাৰ জন্ম হৈছিল ৷ তেখেতৰ পিতৃ আছিল ধ্বনি কবি ৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃ লাৱণ্যপ্ৰভা বৰুৱা ৷ নীলপৱন বৰুৱাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কেবাবাৰো দিয়াৰ পাচতহে সফল হৈছিল ৷ পৰৱৰ্তী সময়ত তেওঁ খেতি-খোলা আৰু সামাজিক কামত মনোনিৱেশ কৰিম বুলিয়েই কলেজীয়া শিক্ষা লোৱা নাছিল ।

প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে শান্তি নিকেতনত শিক্ষা লোৱাৰ মানস কৰে আৰু কলিকতালৈ যায় । প্ৰথমে তেখেতৰ ইচ্ছা আছিল কৃষি বিষয়ত শিক্ষা লোৱাৰ ৷ কিন্তু শান্তি নিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণীসমূহ দেখি চিত্ৰকলালৈ আকৰ্ষিত হয় আৰু চিত্ৰকলা শাখাত শিক্ষা গ্ৰহণ কৰে ৷

1961 চনত শান্তি নিকেতনত যোগদান কৰা নীলপৱন বৰুৱাই স্নাতক ডিগ্ৰী সমাপ্ত কৰোতে লগাতকৈ বেছি সময় লৈছিল । শান্তি নিকেতনৰ চিত্ৰকলাৰ শিক্ষা সাং কৰি তেখেতে শ্ৰী নিকেতনৰপৰা glazed pottery বিষয়ত শিক্ষা লয় । পাচলৈ তেওঁ নতুন দিল্লী গাৰ্হি ষ্টুডিঅ’তো চিত্ৰাকংণৰ শিক্ষা লৈছিল ৷

1966 চনত কলিকতাৰ পৰা নীলপৱন বৰুৱাই অসমলৈ আহে ৷ দেউতাকৰ ইচ্ছানুসৰিয়েই তেওঁ গুৱাহাটী আৰ্ট কলেজত শিক্ষকৰ কামত যোগদান কৰে ৷ 1971 চনত অসম চাৰুকাৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে ৷ লগতে বসুন্ধৰা কলা নিকেতন নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰ-শিল্পৰ বিদ্যালয় স্থাপন কৰে । ইয়াৰ পাচৰে পৰাই তেওঁ চিত্ৰশিল্প সৃষ্টিৰ ৰহনত ব্যস্ত হৈ পৰে ৷

নীলপৱন বৰুৱাৰ অংকন কৰা চিত্ৰ কলিকতাৰ বিৰলা একাডমি অফ্‌ আৰ্ট এণ্ড কালচাৰ, ভুৱনেশ্বৰৰ লক্ষ্ণৌ ললিত কলা একাডেমি আদিত প্ৰদৰ্শিত হৈছে । তেখেতৰ অংকতি ছবিয়ে দিল্লীৰ ললিত কলা একাডেমিত অসমক প্ৰতিনিধিত্ব কৰিছিল ৷ 1982 চনত বৰুৱাই অসমৰ লোককলা আৰু বৈষ্ণৱ মুখাশিল্পৰ ওপৰত তিনিমহীয়া কাৰ্মশালা অনুষ্ঠিত কৰে । এই মুখাশিল্পৰ কাৰ্মশালাত মাজুলীৰ মুখাশিল্পীয়ে অংশগ্ৰহণ কৰিছিল । বৰুৱাই বৃন্দাৱনী বস্ত্ৰৰ বয়নশিল্পক পুনৰ জীৱিত কৰাৰ বাবেও অহৰহ চেষ্টা কৰিছিল ।

নীলপৱন বৰুৱাই চাৰমিনাৰ চিগাৰেটৰ বাকচ আৰু জুইশলা বাকচত ক্ষুদ্ৰ ক্ষুদ্ৰ চিত্ৰ অংকন কৰি এক বিশেষ শৈলীৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । নীলপৱন বৰুৱাই উল্লেখ কৰা অনুসৰি, ষাঠী আৰু সত্তৰৰ দশকতে তেখেতে চিগাৰেটৰ বাকচত ছবি অঁকা আৰম্ভ কৰিছিল ৷ যাৰ বাবে সেই সময়ত তেখেতে প্ৰচুৰ ধূম্ৰপান কৰিছিল । উল্লেখ্য যে, 2021 চনত তেওঁক অসম চৰকাৰে অসম সৌৰভ বঁটা প্ৰদান কৰে ।

অসমৰ খ্যাতনামা কণ্ঠশিল্পী প্ৰয়াত দীপালী বৰঠাকুৰ আছিল চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সহধৰ্মিনী । জনপ্ৰিয় কণ্ঠশিল্পী দীপালী বৰঠাকুৰে মটৰ নিউৰণ ৰোগত আক্ৰান্ত হৈ গান গোৱাৰ ক্ষমতা হেৰুৱাৰ লগতে চলাফুৰা কৰিব অক্ষম হৈ পৰিছিল ৷ যাৰ বাবে তেওঁ হুইল চকীৰ আশ্ৰয় ল’বলগীয়া হৈছিল ।

এনে অৱস্থাতে নীলপৱন বৰুৱাই 1976 চনত দীপালী বৰঠাকুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় । বিয়াৰ পাচৰ পৰাই মৃত্যু পৰ্যন্ত চিত্ৰশিল্পী নীলপৱন বৰুৱাই দীপালী বৰঠাকুৰৰ যাৱতীয় যত্ন লৈ আহিছিল ।

লগতে পঢ়ক : Neel Pawan Baruah : সুস্থিৰ যদিও বিপদমুক্ত নহয় নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.