Neel Pawan Baruah : সুস্থিৰ যদিও বিপদমুক্ত নহয় নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা

By

Published : Oct 26, 2022, 1:05 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও এতিয়াও সংকটজনক অৱস্থাতে আছে । তেওঁক ভেণ্টিলেটৰ ছাপ'ৰ্ট প্ৰদান কৰা হৈছে (Neel Pawan Baruah in ventilator support) । জিএমচিএইচৰ চিকিৎসকসকলে সকলো ধৰণৰ চিকিৎসা সেৱা অব্যাহত ৰাখিছে আৰু তেওঁৰ দ্ৰুত আৰোগ্যৰ বাবে আপ্ৰাণ চেষ্টা চলাই আছে । এই কথা আজি প্ৰকাশ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই (GMCH Superintendent Abhijit Sarma)। তেখেতক জিএমচিএইচৰ সকলো বিভাগৰ চিকিৎসকে চিকিৎসা আগবঢ়াই থকা বুলিও অধীক্ষকগৰাকীয়ে উল্লেখ কৰে । উল্লেখ্য যে যোৱা ২১ ছেপ্টেম্বৰত হঠাতে অসুস্থ হৈ পৰিছিল বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱা (Prominent painter Neel Pawan Baruah) । কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ২১ ছেপ্টেম্বৰৰ মাজনিশাই তেওঁক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (Neel Pawan Baruah admitted in GMCH) । তেতিয়াৰে পৰাই ICU-তে চিকিৎসকৰ নিৰীক্ষণত আছে শিল্পীগৰাকী ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.