ETV Bharat / state

ৰাজ্যজুৰি পালন কৰা হ’ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

author img

By

Published : Nov 16, 2021, 10:14 PM IST

ৰাজ্যজুৰি পালন কৰা হ’ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস
ৰাজ্যজুৰি পালন কৰা হ’ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

মঙলবাৰে ৰাজ্যজুৰি পালন কৰা হ’ল National press day ৰ বিশেষ অনুষ্ঠান ৷ সবিশেষ জানো আহক ৷

নগাঁও/ কলিয়াবৰ/তেজপুৰ/ হোজাই, 16 নবেম্বৰ : ''পক্ষপাত, দুষ্ট সাংবাদিকতাই সমাজৰ ক্ষতি কৰে । সেয়ে সাংবাদিক সকল নিৰপেক্ষ হব লাগে । সাংবাদিক সকলে একান্তই যদি পক্ষ লব লাগে তেন্তে জনতাৰ পক্ষ লব লাগিব '' , এই মন্তব্য বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ । মঙলবাৰে নগাঁও প্ৰেছ ক্লাবৰ সভাকক্ষত নগাঁও প্ৰেছ ক্লাব,নগাঁও জিলা প্ৰশাসন,জিলা তথ্য আৰু জনসংযোগ বিভাগ আৰু সদৌ অসম সাংবাদিক সন্থা চমুকৈ 'আজু'ৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উপস্থিত থাকে বিশিষ্ট সাহিত্যিকজন ৷

তেওঁ কয় যে, '' সাংবাদিকতা সত্যৰ ওপৰত প্ৰতিষ্ঠিত হব লাগে । যদি কোনোবাই নিজৰ স্বাৰ্থত সাংবাদিকতা ব্যৱহাৰ কৰে তেন্তে সেইয়া বাঞ্চিত হব নোৱাৰে ।'' বিশিষ্ট সাহিত্যিকজনে অসম আন্দোলনৰ সময়ত অসমীয়া সংবাদ পত্ৰৰ বাতৰি আৰু কলিকতাৰ সংবাদ পত্ৰৰ বাতৰিৰ অমিল সম্পৰ্কত বাখ্যা আগবঢ়ায় । বিশিষ্ট সাহিত্যিক গৰাকীয়ে বাতৰি লিখাৰ পূৰ্বে প্ৰতিজন সাংবাদিকক কি, ক'ত, কেতিয়া, কেনেকৈ এই বিষয় কেইটাত গুৰুত্ব প্ৰদান কৰাৰ বাবে আহ্বান জনায় ৷

মঙলবাৰৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠান পালন কৰা হয় কলিয়াবৰতো ৷ কলিয়াবৰ প্ৰেছ ক্লাৱৰ সদস্য তথা সংবাদসেৱী ৰূপজ্যোতি গোস্বামীয়ে ৰচনা কৰা গীতক সমবেত সংগীত পৰিৱেশনৰ জৰিয়তে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰা হয় । ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সাংবাদিকসকলক অভিনন্দন জনোৱাৰ লগতে কলিয়াবৰ প্ৰেছ ক্লাৱে কলিয়াবৰৰ প্ৰাক্তন সাংবাদিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা শোণিতপুৰ জিলা প্ৰশাসন আৰু জনসংযোগ বিভাগৰ সহযোগত ১৬ নৱেম্বৰত বিশ্ববিদ্যালয়ৰ বিভাগীয় প্ৰেক্ষাগৃহত ৫৫তম ৰাষ্ট্ৰীয় প্ৰেছ দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত 'ভাৰতীয় সংবাদ মাধ্যম কেতিয়াও কোনো প্ৰলোভন বা হুমকিৰ সন্মুখত নতশিৰ নহয়" বিষয়ক এখনি আলোচনা-চক্ৰ অনুষ্ঠিত হয়। পৰৱৰ্তী কাৰ্যসূচীত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা এখনি ব্যংগ নাট পৰিৱেশন কৰা হয় ।

সমগ্র অসমৰ লগতে হোজাই জিলা প্রশাসন মহকুমা আৰু সাংবাদিক সন্থাৰ যৌথ উদ্যোগত লংকা হাই স্কুলৰ প্রেক্ষাগৃহত দিনৰ 11বজাৰ পৰা প্ৰেছ দিৱস পালন কৰা হয় । ৰাষ্ট্রীয় প্রেছ দিৱসৰ লগত সংগতি ৰাখি সংবাদ মাধ্যমক কোনেও সমীহ নকৰে বিষয়ক লৈ এখনি আলোচনা চক্ৰও অনুষ্ঠিত হয় । এই অনুষ্ঠানত উপস্থিত থাকে হোজাইৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জনসংযোগ বিষয়াৰ লগতে বিশিষ্ঠ আলোচক হিচাপে উপস্থিত থাকে জেষ্ঠ সাংবাদিক সকল আৰু হোজাই ,লামডিঙৰ সংবাদকৰ্মী সকল ৷

লগতে পঢ়ক : Man-Elephant Conflict : পদ্মশ্ৰী ডাঃ কুশল কোঁৱৰ শৰ্মাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.