Nari Sanman Awards: গুৱাহাটীত নাৰী সন্মান বঁটা প্ৰদান অনুষ্ঠান

author img

By

Published : Mar 15, 2023, 2:03 PM IST

Updated : Mar 15, 2023, 4:03 PM IST

Nari Sanman Awards Ceremony held in Guwahati

আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গুৱাহাটীৰ চান্দমাৰীস্থিত পেঞ্চনাৰ ভৱনত বিভিন্ন ক্ষেত্ৰত দক্ষতাৰে সেৱা আগবঢ়াই অহা কেইবাগৰাকী মহিলালৈ আগবঢ়োৱা হয় নাৰী সন্মান বঁটা(Nari Sanman Awards Ceremony held in Guwahati) । অসমৰ সাহিত্য, সংস্কৃতি, সাংবাদিকতা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰায় ১৬ গৰাকী মহিলালৈ আগবঢ়োৱা হয় এই বঁটা ।

গুৱাহাটীত নাৰী সন্মান বঁটা প্ৰদান অনুষ্ঠান

গুৱাহাটী,১৫ মাৰ্চ: গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ(International Womens Day) লগত সংগতি ৰাখি গুৱাহাটীৰ চান্দমাৰী স্থিত পেঞ্চনাৰ ভৱনত মঙ্গলবাৰে সাহিত্য সংস্কৃতি,সাংবাদিকতা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকী মহিলালৈ আগবঢ়োৱা হয় "নাৰী সন্মান বঁটা"(Nari Sanman Awards Ceremony held in Guwahati)। সমাজ জীৱনলৈ নাৰীসকলে আগবঢ়োৱা অৱদান তথা, নাৰীশক্তি বৃদ্ধিৰ বাবে আগবঢ়োৱা হয় বঁটা ।

গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ সভাপতি তুলিকা বৰুৱা, কাৰ্যকৰী সভাপতি কংকনা চহৰীয়াৰ উপস্থিতিত বিয়লি ৪ বজাৰ পৰা আয়োজিত এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱী । বিশিষ্ট সংগীত শিল্পী মালবিকা বৰা, জনপ্ৰিয় ঔপন্যাসিকা মণিকুন্তলা ভট্টাচাৰ্য(Novelist Manikuntla Bhattacharya), সাংবাদিক মনমৰমী মহন্ত(Journalist Manmarami Mahanta), সমাজকৰ্মী,লেখিকা ড° সীমা বৰাক"বিশেষ নাৰী সন্মান বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱীয়ে(Nari Sanman Awards Ceremony) ।

লগতে পঢ়ক: Theft in Guwahati: দিন দুপৰতে মহানগৰীৰ লখৰাত চুৰিকাণ্ড

আনহাতে সাংবাদিক, লেখিকা বঁটা দৰ্শনা বৰুৱালৈ, নৃত্য শিল্পী, অভিনেত্ৰী বঁটা গীতিমা দাসলৈ, সমাজ সেৱিকা বঁটা মেঘালী তালুকদাৰ মালো ভূঞালৈ, বয়ন শিল্পী বঁটা ৰিনা কুলি খেৰকটাৰীলৈ, কৃতি শিক্ষয়িত্ৰী বঁটা কিৰণ দাসলৈ, সংগ্ৰামী সাংস্কৃতিক মহিলা বঁটা প্ৰণতি বৰুৱালৈ, সমাজসেৱিকা বঁটা চুমি ৰহমানলৈ, কৃতি শিক্ষয়িত্ৰী বঁটা ড০ কাকলী শৰ্মালৈ আগবঢ়াই ।

লগতে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ সংগীত শিল্পী বঁটা আৰিফা হুছেইন বৰালৈ, সংগ্ৰামী বিশেষ নাৰী বঁটা মিনু হাজৰিকালৈ, সাহিত্য সাধনা বঁটা ৰুনু দেৱী শৰ্মালৈ আৰু সমাজসেৱিকা বঁটা, উষামণি শইকীয়ালৈ আগবঢ়োবা হয় । গুৱাহাটী সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সম্পাদক তথা সাংস্কৃতিক কৰ্মী ৰুমী ভূঞাই আঁত ধৰা অনুষ্ঠানত সদৌ অসম ভিত্তিত আয়োজন কৰা কবিতা আবৃত্তি, সাজপাৰ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয় ৷

লগতে পঢ়ক: HSLC Paper Leak : প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ বুজ ল'বলৈ ডিব্ৰুগড়ত জিপি সিং

Last Updated :Mar 15, 2023, 4:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.