HSLC Paper Leak : প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ বুজ ল'বলৈ ডিব্ৰুগড়ত জিপি সিং

author img

By

Published : Mar 15, 2023, 1:11 PM IST

GP Singh

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ বুজ ল'বলৈ ডিব্ৰুগড়ত উপস্থিত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং (DGP GP Singh visited Dibrugarh) । ডিব্ৰুগড় বিমানবন্দৰত আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ সৈতে বাৰ্তালাপ । ডিব্ৰুগড়ত শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব ।

মৰাণ, ১৫ মাৰ্চ : ছেবাৰ নিয়ন্ত্ৰণত অনুষ্ঠিত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত এতিয়া ৰাজ্যজুৰি উত্তাল হৈ আছে (SEBA HSLC question paper leak) । ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জিপি সিঙে মঙলবাৰে জনোৱা মতে, এই ঘটনাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ জনক আটক কৰাৰ পিছত তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে । তাৰে ভিতৰত ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ ৮ জন ছাত্ৰক আটক কৰি সোধা-পোছা কৰে (Dibrugarh Salt Brook Academy students detained) ।

এইবাৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ বুজ ল'বলৈ ডিব্ৰুগড়ত উপস্থিত হৈছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিং (DGP GP Singh visited Dibrugarh) । তেওঁ গৈ ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ সৈতে এক বাৰ্তালাপত মিলিত হয় । পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ডিব্ৰুগড়ত শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিব পৰা গৈছে (DGP GP Singh on HSLC paper leak) ।

উল্লেখযোগ্য যে মেট্ৰিকৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত জড়িত ৮ জন ছাত্ৰসহ মুঠ ৯ জনক এই পৰ্যন্ত আটক কৰিছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে । আনহাতে, ডিব্ৰুগড়ত আৰক্ষীৰ জেৰাত ওলাইছে ভয়ংকৰ তথ্য । ডিব্ৰুগড়ত ৫০০ টকাৰ পৰা ২০০০ টকাৰ বিনিময়ত বিক্ৰী হৈছিল মেট্ৰিকৰ প্ৰশ্নকাকত । উল্লেখ্য যে ডিব্ৰুগড়ত আটক হোৱা ছাত্ৰকেইজন হৈছে ছল্ট ব্ৰুক একাডেমীৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ ।

কিশোৰ ন্যায় আইনৰ (Juvenile Justice Act) অধীনত ছাত্ৰকেইজনক আটক কৰি চি আই ডিক গতাই দিছে ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড়ৰ পৰাই অধিক ছাত্ৰ আটক হোৱাৰ পাছতেই বুধবাৰে সমগ্ৰ ঘটনাৰ বুজ ল'বলৈ উপস্থিত হৈছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকী । উল্লেখ্য, সোমবাৰে বাতিল কৰা হৈছিল চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা । ইয়াৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য (protest against SEBA) ৷ ছেবাৰ লগতে ৰাজ্যৰ শিক্ষা বিভাগক তীব্ৰ সমালোচনা কৰে সচেতন মহলে ।

সমগ্ৰ ঘটনাক সন্দৰ্ভত ছেবাই CID-ৰ ওচৰত এজাহাৰ দাখিল কৰে । ইয়াৰ পাছতেই ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনা সন্দৰ্ভত অভিযান । আনহাতে, ডিব্ৰুগড়ৰ পৰা আৰু অধিক লোক এই সম্পৰ্কত আটক হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বিশেষভাৱে জানিব পৰা গৈছে ।

লগতে পঢ়ক :HSLC Paper Leak : প্ৰসংগ প্ৰশ্নকাকত ফাদিল, বিধানসভা চৌহদত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.