Theft in Guwahati: দিন দুপৰতে মহানগৰীৰ লখৰাত চুৰিকাণ্ড
Published: Mar 15, 2023, 12:53 PM

গুৱাহাটী ১৫ মাৰ্চ: ক্ৰমাৎ অপৰাধীৰ হটস্পট হিচাপে পৰিগণিত হৈ পৰিছে গুৱাহাটী মহানগৰী । নিতৌ সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা অপৰাধ । হত্যা, হিংসা, চোৰ, ডকাইতৰ উপৰিও অনেক অপৰাধ সংঘটিত হৈ আছে এইখন মহানগৰীত । এইবাৰ নিশাৰ আন্ধাৰত নহয়, দিনৰ পোহৰতে মহানগৰীৰ লখৰাত চোৰে লুটি নিলে আ-অলংকাৰ আৰু নগদ ধন(Robbery took place in Lakhara Guwahati) ।
ঘটনাৰ বিৱৰণী মতে মহামগৰীৰ লখৰাৰ জোনাকী নগৰৰ সময় পথত মঙলবাৰে দিন দুপৰতে সংঘটিত হয় এক চুৰি কাণ্ড(Thieves loot money and gold at Lakhara in Guwahati) । সময় পথৰ ২১ নং বাসগৃহৰ গৰাকী জয়কান্ত চৌধুৰীয়ে বেংকৰ কিছু কামৰ বাবে ছয়মাইলৈ ওলাই গৈছিল । তেখেতৰ পত্নী সেই সময়ত তেখেতৰ দোকানখন চোৱাচিতা কৰি আছিল । সেই সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰে চলালে চাফাই অভিযান ।
লোৰ ৰডৰে ৪ টাকৈ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে । ঘৰৰ কেইবাটাও লকাৰ ভাঙি লুটি নিয়ে নগদ ধনৰ উপৰিও আ-অলংকাৰ(Burglary in Lakhara Guwahati) । পিছত প্ৰতিৱেশীয়ে ঘৰৰ গৰাকীক জনোৱাত গৰাকীয়ে গোটেই ঘৰটোৰ সামগ্ৰীসমূহ চাৰিওফালে সিঁচৰিত হৈ থকা দেখা পায় । লগতে চুৰি কাৰ্যত ব্যবহৃত লোৰ ৰ’ড আৰু এখন দা চোৰে এৰি থৈ যায় । সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে গড়চুক থানাত দাখিল কৰিছে এখন এজাহাৰ । পিছে মহানগৰীৰ স্মাৰ্ট আৰক্ষীয়ে চোৰ ধৰিবলৈ কিমান দূৰ সক্ষম হয়, সেয়া হ'ব লক্ষণীয় ।
লগতে পঢ়ক: HSLC Paper Leak : প্ৰসংগ প্ৰশ্নকাকত ফাদিল, বিধানসভা চৌহদত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ