ETV Bharat / state

পুনৰ উকা হৈ ৰ'ল গান্ধী মণ্ডপ

author img

By

Published : Aug 24, 2019, 9:33 AM IST

গান্ধী জয়ন্তীলৈ কেইটামান দিন বাকী থকাৰ সময়তে দেশৰ প্ৰতীকৰ এনে দুৰৱস্থা প্ৰত্যক্ষ কৰি স্থানীয় নাগৰিক সকলে কয় যে ৰাষ্ট্ৰীয় পতাকাখনৰ এনে অৱস্থা আৰু বাৰম্বাৰ ফাট মেলা কাৰ্যই নাগৰিক সমাজক চিন্তিত কৰি তুলিছে ৷

পুনৰ উকা হৈ ৰ'ল গান্ধী মণ্ডপ

গুৱাহাটী, 24 আগষ্টঃ পুনৰ নমাই দিয়া হ'ল গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা ৷ 14 আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত গান্ধী মণ্ডপস্থিত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰা হৈছিল। কিন্তু আজি এসপ্তাহ পাচতেই পুনৰ অন্তৰ্ধান হ'ল গান্ধী মণ্ডপৰ পতাকাখন ।

etv bharat assam
পুনৰ উকা হৈ ৰ'ল গান্ধী মণ্ডপ

গান্ধী জয়ন্তীলৈ কেইটামান দিন বাকী থকাৰ সময়তে দেশৰ প্ৰতীকৰ এনে দুৰৱস্থা প্ৰত্যক্ষ কৰি স্থানীয় নাগৰিক সকলে কয় যে ৰাষ্ট্ৰীয় পতাকাখনৰ এনে অৱস্থা আৰু বাৰম্বাৰ ফাট মেলা কাৰ্যই নাগৰিক সমাজক চিন্তিত কৰি তুলিছে ৷ লগতে তেওঁলোকে কয় যে নৈ কাষৰীয়া অঞ্চলত এনে প্ৰকল্প গঠন কৰাৰ পূৰ্বে তেওঁলোকে এখন কমিটি গঠন কৰি ৰাষ্ট্ৰীয় পতাকাখন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল ৷ বাৰম্বাৰ এনেদৰে ৰাষ্ট্ৰীয় পতাকাখন ফাট মেলাতো অপমানজনক কথা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰি ৰাইজে কয় যে জি এম ডিয়ে এইক্ষেত্ৰত এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰা উচিত। উল্লেখ্য যে বিগত বৰ্ষৰ 2 অক্টোবৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে 319.5 ফুট উচ্চতাত ভাৰতৰ তৃতীয় বৃহৎ পতাকাখন উত্তোলন কৰিছিল ৷ কিন্তু উত্তোলনৰ সম্পূর্ণ আঠটা মাহ নহওঁতেই এবাৰ নহয়,দুবাৰ নহয় ছয়বাৰকৈ ফাটিল দেশৰ সন্মানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন। এই পতাকাখন গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত 2.92 কোটি টকা ব্যয় সাপেক্ষে উত্তোলন কৰা হৈছিল ।

গান্ধীমণ্ডপস্থিত দেশৰ তৃতীয় উচ্চতাৰ পতাকাখন ব্ৰহ্মপুত্ৰ নৈ কাষৰীয়া হোৱা হেতুকে প্ৰৱল বতাহৰ সোতৰ বাবেই ফাট মেলা বুলি সন্দেহ কৰা হৈছে । দেশৰ ভিতৰত তৃতীয় সৰ্বোচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন অসমত থকাটো যিদৰে ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা ঠিক তেনেদৰে সঘনাই ফাটি থকাটোও আত্মসন্মানৰ বাবে অশুভ ঘটনা বুলি গণ্য কৰিছে স্থানীয় নাগৰিক সকলে ৷ এতিয়া প্ৰশ্ন হয় গান্ধী জয়ন্তীৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকাখন সুচল অৱস্থাত দেখা যাব নে এনেদৰে উকা হৈ ৰ'ব গান্ধী মণ্ডপ ৷

Intro:পুনৰ উকা হৈ ৰ'ল গান্ধী মণ্ডপ

গান্ধী মণ্ডপৰ ৰাষ্ট্ৰীয় পতাকা পুনৰ নমাই দিয়া হ'ল। স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত 14 আগষ্টৰ দিনা উত্তোলন কৰা হৈছিল দেশৰ তৃতীয় সৰ্বোচ্চ উচ্চতাত গান্ধী মণ্ডপস্থিত ৰাষ্ট্ৰীয় পতাকাখন। কিন্তু আজি এসপ্তাহ পাছতেই পুনৰ অন্তৰ্ধান হ'ল গান্ধী মণ্ডপৰ পতাকা। গান্ধী জয়ন্তীলৈ কেইটামান দিন বাকী থকাৰ সময়তে দেশৰ প্ৰতীকৰ এনে দুৰৱস্থা। এইক্ষেত্ৰত স্থানীয় নাগৰিক সকলে কঠোৰ ভাষাৰে নিন্দা কৰি অভিযোগ উত্থাপন কৰিছে যে ৰাষ্ট্ৰীয় পতাকাখনৰ এনে অৱস্থা আৰু বাৰম্বাৰ ফাট মেলা কাৰ্যই চিন্তিত কৰি তুলিছে নাগৰিক সমাজক।

লগতে তেওঁলোকৰ অভিযোগৰ ভিত্তিত নৈ কাষৰীয়া অঞ্চলত এনে প্ৰকল্প গঠন কৰাৰ পূৰ্বে তেওঁলোকে এটা কমিটি গঠন কৰি ৰাষ্ট্ৰীয় পতাকাখন স্থাপনৰ ব্যৱস্থা লব লাগিছিল বুলিও কয় স্থানীয় ৰাইজে।

বাৰম্বাৰ এনেদৰে ৰাষ্ট্ৰীয় পতাকাখন ফাট মেলাতো ই সঁচাকৈয়ে অপমানজনক কথা। গতিকে এইক্ষেত্ৰত এক সঠিক সিদ্ধান্ত গ্ৰহণ কৰা উচিত জি এম ডিয়ে।

এইখিনিতে প্ৰশ্ন হয় যে গান্ধী জয়ন্তীৰ পূৰ্বে ৰাষ্ট্ৰীয় পতাকাখন সুচল অৱস্থাত দেখা যাব নে?

উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২ অক্টোবৰত গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৩১৯.৫ ফুট উচ্চতাৰ ভাৰতৰ তৃতীয় বৃহৎ পতাকাখন উত্তোলন ।কৰিছিল। কিন্তু উত্তোলনৰ সম্পূর্ণ আঠটা মাহ নহওঁতেই এবাৰ নহয়, দুবাৰ নহয় ছয়বাৰকৈ ফাটিল দেশৰ সন্মানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন। উল্লেখযোগ্য যে গুৱাহাটী স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপত ২.৯২ কোটি টকা ব্যয় সাপেক্ষে বিগত উত্তোলন কৰা হৈছিল। গান্ধীমণ্ডপস্থিত দেশৰ তৃতীয় উচ্চতাৰ পতাকাখন ব্ৰহ্মপুত্ৰ নৈ কাষৰীয়া হোৱা হেতুকে প্ৰৱল বতাহৰ সোতৰ বাবেই ফাট মেলা বুলি সন্দেহ কৰা হৈছে। প্ৰায় ৩ কোটি টকাৰ ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় পতাকাখন বাবাৰম্বাৰ এনেদৰে ফাট মেলাত চিন্তিত কৰি তুলিছে সচেতন মহলক।
দেশৰ ভিতৰত তৃতীয় সৰ্বোচ্চ উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন অসমত থকাটো যিদৰে ৰাজ্যখনৰ বাবে গৌৰৱৰ কথা
ঠিক তেনেদৰে সঘনাই ফাটি থকাটোও আত্মসন্মানৰ বাবে অশুভ ঘটনা বুলি গণ্য কৰিছে স্থানীয় নাগৰিক সকলে।

note: আজিৰ ভিডিঅৰ লগত মুখ্যমন্ত্ৰীৰ পতাকা উন্মোচন কৰা ভিডিঅ দিয়া হৈছে লগতে 14 আগষ্টৰ পতাকা উত্তোলনৰ ভিডিঅ দিয়া হৈছে।


Asrar Ansari
গুৱাহাটী




Body:ছয়


Conclusion:দহ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.