ETV Bharat / state

Mysterious murder in Khanapara: ৰহস্যঘন খানাপাৰাৰ হত্যাকাণ্ড; অঞ্জনৰ পত্নীৰ বিস্ফোৰক মন্তব্য

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 6:36 PM IST

অধিক ৰহস্যৰ মাজত সোমাই পৰিছে বৃহস্পতিবাৰে মহানগৰীৰ খানাপাৰাত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনা । গুলীচালনাত অঞ্জন নাথৰ মৃত্যু হোৱা ঘটনাক আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও বৰ্তমানেও আটক কৰা কোনো লোকক । ইফালে অঞ্জনৰ পত্নীৰ ভাষ্যই অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ ঘটনা ।

Mysterious remarks by deceaseds wife over Khanapara murder
ৰহস্যঘন খানাপাৰাৰ হত্যাকাণ্ড; অঞ্জনৰ পত্নীৰ বিস্ফোৰক মন্তব্য

ৰহস্যঘন খানাপাৰাৰ হত্যাকাণ্ড; অঞ্জনৰ পত্নীৰ বিস্ফোৰক মন্তব্য

গুৱাহাটী,১৩ অক্টোবৰ: সময় বাগৰাৰ লগে লগে অধিক ৰহস্যঘন হৈ পৰিছে খানাপাৰাত সংঘটিত হত্যাকাণ্ডৰ ।হত্যাকাণ্ডৰ নিশা অঞ্জন নাথৰ কাৰো লগত শত্ৰুতা নাই বুলি অঞ্জন নাথৰ পত্নীয়ে জনাছিল যদিও শুকুৰবাৰে পুনৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে । পত্নীৰ ভাষ্য অনুসৰি ধনৰ লেন দেনৰ অভিযোগত অঞ্জন নাথক বন্ধুৱে হত্যা কৰাৰ সন্দেহ কৰে । লগতে অধিক সুৰাপান কৰি পত্নীক মাৰধৰ কৰাৰো অভিযোগ উত্থাপন কৰে ।

কিছুদিন পূৰ্বে অঞ্জনে ৩০০০ টকা পোৱা বুলি কৈছিল পত্নীক । কিন্তু ক'ৰ পৰা পাইছিল এই ধন নাজানে পত্নীয়ে । অফিচৰ পৰা পইচা পোৱা বুলি কৈছিল অঞ্জনে । কিন্তু অফিচৰ পৰা পইচা পোৱা নাই বুলি দাবী কৰে পত্নীয়ে । এই ধন ড্ৰাগছ বেপাৰীৰ পৰা পোৱা বুলি সন্দেহ প্ৰকাশ কৰে পত্নীয়ে । ড্ৰাগছ বেপাৰীৰ লগত অঞ্জনৰ সম্পৰ্ক থকাৰ কথাও উল্লেখ কৰে পত্নীয়ে । ধনৰ লেন দেনৰ বাবে অঞ্জনক হত্যা কৰাৰ সন্দেহ পত্নীৰ ।

ইফালে অঞ্জন নাথৰ পৰিয়ালে দাবী কৰা অনুসৰি তেওঁলোকৰ সামাজিকভাৱে বিবাহ সম্পন্ন হোৱা নাছিল । লগতে এই ঘটনাৰ লগত পত্নী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । আনহাতে পৰিয়ালৰ লোকৰ এই অভিযোগত নস্যাৎ কৰে অঞ্জন নাথৰ পত্নীয়ে । পত্নীয়ে প্ৰকাশ কৰা অনুসৰি বিগত তিনি বছৰ আগতে অঞ্জন নাথে সামাজিকভাৱে বিবাহ কৰাইছিল । তাৰ পিছত অঞ্জন নাথৰ পিতৃ-মাতৃৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব নোৱৰাৰ বাবে বেলেগকৈ ভাৰাঘৰ লৈ বাস কৰিছিল । কিন্তু নিশা হ'লেই অঞ্জনে সুৰাপান কৰি পত্নীক অত্যাচাৰ চলোৱাৰ বাবে পত্নীয়ে মাতৃগৃহত আশ্ৰয় ল'বলৈ বাধ্য হয় ।

বিগত এবছৰত তেনেকৈয়ে অঞ্জনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থকা বুলি উল্লেখ কৰে পত্নীয়ে । এই সময়চোৱাত পত্নীয়ে অঞ্জনৰ বহু কথাৰে উমান পোৱা বুলিও উল্লেখ কৰে । সেয়েহে এতিয়া সময় বাগৰাৰ লগে লগে অভিযোগ-প্ৰতিঅভিযোগেৰে অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা । ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে তীব্ৰ গতিত তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক: Murder in Guwahati: নৃশংস হত্যাকাণ্ড; পত্নীক ডিঙি চেপি হত্যা স্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.