ETV Bharat / state

২৯ দিন পাছত পাণ্ডু বন্দৰত উপস্থিত এম ভি লাল বাহাদুৰ শাস্ত্ৰী

author img

By

Published : Mar 6, 2022, 5:11 PM IST

২৯ দিন যাত্ৰাৰ পাছত গুৱাহাটীৰ পাণ্ডু বন্দৰত উপস্থিত এম ভি লাল বাহাদুৰ শাস্ত্ৰী জাহাজখন (Mv Lal Bahadur Shastri Ship arrives at Pandu port)। পাটনাৰ পৰা ২০০ মেট্ৰিক টন খাদ্যশস্য কঢ়িয়াই ৰাওনা হোৱা জাহাজখন দেওবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আদৰণি জনায় ।

mv-lal-bahadur-shastri-ship-arrives-at-pandu-port
২৯ দিন পাছত পাণ্ডু বন্দৰত উপস্থিত এম ভি লাল বাহাদুৰ শাস্ত্ৰী

গুৱাহাটী,৬ মাৰ্চ : ২৯ দিন পাছত গুৱাহাটীৰ পাণ্ডু বন্দৰত উপস্থিত হ'ল এম ভি লাল বাহাদুৰ শাস্ত্ৰী (Mv Lal Bahadur Shastri Ship arrives at Pandu port)। ৫ ফেব্ৰুৱাৰীৰ দিনা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পাটনাৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া জাহাজ এম ভি লাল বাহাদুৰ শাস্ত্ৰীৰ ফ্লেগ অফ কৰিছিল । পাটনাৰ পৰা ২০০ মেট্ৰিক টন খাদ্যশস্য কঢ়িয়াই ৰাওনা হোৱা জাহাজখন দেওবাৰে গুৱাহাটীৰ পাণ্ডু বন্দৰত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma at Pandu port ) আৰু কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আদৰণি জনায় ।

২৯ দিন পাছত পাণ্ডু বন্দৰত উপস্থিত এম ভি লাল বাহাদুৰ শাস্ত্ৰী

গংগা নদীৰ পৰা ইণ্ডো-বাংলাদেশ প্ৰট'কল জলপথ হৈ ব্ৰহ্মপুত্ৰ নদীয়েদি এই পৰিবহণে ২,৩৫০ কিলোমিটাৰ জলপথৰ যাত্ৰা সামৰি লয় । ২৯ দিনৰ যাত্ৰাৰ অন্তত মালবাহী জাহাজখনে পাণ্ডু বন্দৰত প্ৰৱেশ কৰে ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় জলপথ (এনডব্লিউ)-১ (গংগা নদী)ৰ পৰা যাত্ৰা আৰম্ভ কৰা জাহাজখনে ভাগলপুৰ, মণিহাৰী, চাহিবগঞ্জ, ফাৰাক্কা, ত্ৰিবেণী, কলকাতা, হলদিয়া, হেমনগৰ, খুলনা, নাৰায়ণগঞ্জ, চিৰাজগঞ্জ, চিলমাৰী হৈ ব্ৰহ্মপুত্ৰয়েদি ধুবুৰী আৰু যোগীঘোপাৰ মাজেৰে চলাচল কৰি পাণ্ডুত প্ৰৱেশ কৰে । অনুষ্ঠানত সাংসদ কুইন ওজাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু চৰকাৰী বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক :প্লেণ্টাৰ মেছিনেৰে কৃষিকৰ্ম কৰি পথ প্ৰদৰ্শক হ’ল ৰঙিয়াৰ এগৰাকী মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.