ETV Bharat / state

মুনীন বৰকটকী বিশেষ মান্যতা বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত গল্পকাৰ পংকজ কুমাৰ দত্তৰ

author img

By

Published : Oct 18, 2020, 4:40 PM IST

Updated : Oct 18, 2020, 5:07 PM IST

2015 চনত ‘ফুগু মাছ মাছুৱৈ’ গল্প সংকলনৰ বাবে মুনীন বৰকটকী বিশেষ মান্যতা বঁটা লাভ কৰাৰ পাচত এই বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে গল্পকাৰ পংকজ কুমাৰ দত্তই ৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ ন্যাসৰক্ষী মীনাক্ষী বৰকটকীৰ আচৰণত ক্ষুব্ধ হৈ এই বিশেষ বঁটা ঘূৰাই দিব বুলি মন্তব্য কৰে গল্পকাৰ দত্তই ৷

Munin Borkotoky award controversy
মুনীন বৰকটকী বিশেষ মান্যতা বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত গল্পকাৰ পংকজ কুমাৰ দত্তৰ

গুৱাহাটী, 18 অক্টোবৰ : মুনীন বৰকটকী বিশেষ মান্যতা বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত গল্পকাৰ পংকজ কুমাৰ দত্তৰ । 2013 চনত ‘ফুগু মাছ মাছুৱৈ’ গল্প সংকলনৰ বাবে দত্তই লাভ কৰিছিল এই বঁটা ৷ সুদীৰ্ঘ দুবছৰৰ পাচত 2015 চনত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হোৱা আড়ম্বৰপূর্ণ অনুষ্ঠানত বিশিষ্ট কবি নীলমণি ফুকনৰ হাতেৰে পংকজ কুমাৰ দত্ত আৰু অন্যান্যসকলক এই বঁটা প্রদান কৰা হৈছিল ।

কিন্তু মুনীন বৰকটকী স্মাৰক ন্যাসৰ ন্যাসৰক্ষী মীনাক্ষী বৰকটকীৰ আচৰণত ক্ষুব্ধ হৈ দত্তই এই বঁটা আৰু ধন ঘূৰাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে,মুনীন বৰকটকী বঁটাৰ ৰূপালী জয়ন্তী উপলক্ষে পূর্বৰ বছৰসমূহৰ বঁটাপ্রাপকসকলৰ নাম,ফটো আৰু কিতাপৰ নাম সন্নিবিষ্ট কৰি ন্যাসে অনলাইন প্লেটফৰ্মত এক ডিজিটেল প্রেজেণ্টেশ্যন মুকলি কৰিছিল ৷

মুনীন বৰকটকী বিশেষ মান্যতা বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত গল্পকাৰ পংকজ কুমাৰ দত্তৰ

ইতিমধ্যে 17 অক্টোবৰত মুনীন বৰকটকী বঁটাৰ ৰূপালী জয়ন্তীৰ এই অনুষ্ঠান সম্পন্ন হৈছে । কিন্তু ৰহস্যজনকভাৱে পংকজ কুমাৰ দত্তসহ বঁটাপ্রাপক আন একাংশ লেখকৰ নাম এই প্রেজেণ্টেশ্যনত উল্লেখ নাছিল । ডিজিটেল প্রেজেণ্টেশ্যনৰ পৰা নির্দিষ্ট এটা বৰ্ষৰ বঁটাপ্রাপকৰ নাম,ফটো আৰু কিতাপৰ তথ্য মচি দিয়াৰ অৰ্থই এই বঁটাৰ 25 বছৰীয়া বুৰঞ্জীৰ বিকৃত কৰাক নুবুজায় জানো বুলি প্রশ্ন উত্থাপন কৰে পংকজ কুমাৰ দত্তই ৷

সন্মানীয় বিচাৰক দলৰ যাৱতীয় বাছনি প্রক্রিয়াৰ অন্তত পংকজ কুমাৰ দত্ত আৰু অন্যান্যসকলক বিশেষ মান্যতা বঁটা প্ৰদান কৰা হয় । বিষয়টোৰ সন্দৰ্ভত পংকজ কুমাৰ দত্তই মীনাক্ষী বৰকটকীক টেলিফোনযোগে যোগাযোগ কৰাত তেওঁ কাৰ ফটো দিয়া হ’ব সেয়া তেওঁৰ ব্যক্তিগত কথা বুলি ন্যাসে মন্তব্য কৰে । ন্যাসৰ এই কাণ্ড আৰু বৰকটকীৰ মন্তব্যৰ দ্বাৰা কিয় একাংশ লেখকক হেয়জ্ঞান প্রতিপন্ন কৰিব বিচৰা হৈছে তাক লৈ এতিয়া বিভিন্নজনৰ মাজত প্ৰশ্ন উত্থাপন হৈছে । ন্যাসৰ এই মানসিকতা দুর্ভাগ্যজনক বুলি মন্তব্য কৰিছে বিভিন্নজনে । আনহাতে এই বঁটা নিশ্চয় যোগ্যতাৰ ভিত্তিতহে লাভ কৰা বঁটা বুলি মন্তব্য আগবঢ়ায় গল্পকাৰ পংকজ কুমাৰ দত্তই ।

লগতে পঢ়ক : কৃষকৰ খেতিত চলিল বঙাইগাঁও প্ৰশাসনৰ জে চি বি

Last Updated : Oct 18, 2020, 5:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.