ETV Bharat / state

Mohit Ranjan Dewan: চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত মোহিত ৰঞ্জন দেৱানৰ স্মৃতিচাৰণ সভা

author img

By

Published : May 27, 2023, 10:07 PM IST

সত্তৰ দশকৰ পৰা শ্ৰমিক আন্দোলনৰ সক্ৰিয় ভূমিকা লোৱা চি পি আই (এম)ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ জেষ্ঠ নেতা মোহিত ৰঞ্জন দেৱানৰ স্মৃতিচাৰণ সভা (Mohit Ranjan Dewan memorial meeting) । চি পি আই (এম)ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ উদ্যোগত মহানগৰীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত অনুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভাখনি ।

Mohit Ranjan Dewan memorial meeting
চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত মোহিত ৰঞ্জন দেৱানৰ স্মৃতিচাৰণ সভা

গুৱাহাটী,২৭ মে': চি পি আই (এম)ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ উদ্যোগত শনিবাৰে গুৱাহাটী আঞ্চলিক কমিটিৰ জেষ্ঠ নেতা মোহিত ৰঞ্জন দেৱানৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । সত্তৰ দশকৰ পৰা শ্ৰমিক আন্দোলনৰ সক্ৰিয় ভূমিকা লোৱা ৰিহাবাৰীৰ দেৱান ভাৰতীয় ষ্টেট বেংক কৰ্মচাৰী ইউনিয়নৰ নেতা আছিল (Mohit Ranjan Dewan memorial meeting) ।

ভাৰতীয় ষ্টেট বেংক কৰ্মচাৰীৰ ইউনিয়ন গঢ়াৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা আছিল অতুলনীয় । অসমত অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক সংগঠিত কৰাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আছিল । জীৱন কালত সাধাৰণ ৰাইজৰ হকে জীৱন উচৰ্গা কৰা শ্ৰমিক নেতাজনে মৃত্যুৰ পিচতো চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰভাৱে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহদান দিছিল (Body donation at Gauhati Medical College) ।

এইজনা মহান শ্ৰমিক নেতাৰ স্মৃতিত শুকুৰবাৰে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । মহানগৰীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ সদস্য ভূপেন বৰ্মনে । সভাৰ উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে সম্পাদক প্ৰতুল বৰ্মনে ।

উদেশ্য বাখ্যা কৰি কয় যে সামাজিক কাম কাজত যুক্ত থকা দেৱান জীৱন ত্যাগ কৰাৰ আগমূহুৰ্তলৈকে চি পি আই (এম) ৰ গুৱাহাটী কেন্দ্ৰীয় আঞ্চলিক কমিটিৰ অন্তৰ্গত বিৰুবাৰী শাখাৰ সক্ৰিয় সদস্য আছিল । জেষ্ঠ নেতা মোহিত ৰঞ্জন দেৱানৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে চি পি আই (এম) ৰ প্ৰবীণ নেতা তথা প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মনে ।

বৰ্মনে শ্ৰদ্ধাঞ্জলি জনাই কয় যে অসম আন্দোলনৰ সময়ত চি পি আই এমৰ কাম-কাজ অতি সূক্ষ্মভাৱে আগবঢ়াই নিছিল । মাৰ্ক্সবাদী আদৰ্শ অধ্যয়ন কৰি অতি সৰলভাৱে মানুহক বুজাব জানিছিল । মোহিত ৰঞ্জন দেৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় সহধৰ্মিনী তথা গণতান্ত্ৰিক মহিলা সমিতিৰ অন্যতম নেত্ৰী আৰতি দেৱানে ।

সভাত চি পি আই (এম) ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ উপস্থিত থাকি মোহিত দেৱানৰ কৰ্মৰাজিৰ বিষয়ে আলোচনা কৰে । মোহিত ৰঞ্জন দেৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় সৰ্বভাৰতীয় বীমা পেঞ্চনাৰ সংস্থাৰ সভাপতি শতঞ্জীৱ দাসে কয় যে কমৰেড দেৱান হ'ল শ্ৰমিকৰ আপোচহীন সংগ্ৰাম আগুৱাই নিয়াৰ এক নীৰৱ যোদ্ধা ।

শ্ৰমজীৱী মানুহৰ ঐক্যবদ্ধ সংগ্ৰাম আগুৱাই নিয়া সংগ্ৰামৰ দেৱান দেৱৰ সতীৰ্থ ডাক তাৰ ইউনিয়নৰ নেতা শংকৰ দাস আৰু শৈলেন শৰ্মা উপস্থিত থাকে । দুয়োজন শ্ৰমিক নেতাই দেৱান দেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় আৰু দেৱানে এৰি যোৱা আদৰ্শৰ বাটেৰে আগুৱাই যোৱাৰ সংকল্প লোৱাৰ আহ্বান কৰে ।

মিনু চৌধুৰীয়ে মোহিত ৰঞ্জন দেৱানৰ ওপৰত লিখা স্ব-ৰচিত কবিতা পাঠ কৰি সভাত উপস্থিত থকা সকলক উৎসাহিত কৰে । ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম সদস্য মনোজ ৰায় আৰু অনুপ ৰায় চৌধুৰী উপস্থিত থাকি মঞ্চৰ হৈ মৰণোত্তৰভাৱে দেহ দান কৰা দেৱানক এখন প্ৰশংসা পত্ৰ তেওঁৰ সহধৰ্মীনীৰ হাতত অৰ্পণ কৰে ।

স্মৃতিচাৰণ সভাত উপস্থিত থাকে ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদক সংগীতা দাস, গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৰাজ্যিক সম্পাদক ৰিতুৰঞ্জন দাস, বীমা কৰ্মচাৰী ইউনিয়নৰ ভবেন্দ্ৰ কলিতা, চি আই টি ইউৰ ৰাজ্যিক নেতা মদন তালুকদাৰ লগতে আঞ্চলিক কমিটিৰ সদস্যসকল ।

লগতে পঢ়ক: Water pipe explosion: খাৰঘূলিৰ জলবিস্ফোৰণ প্ৰসংগক লৈ সৰৱ ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.