ETV Bharat / state

এসময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা এতিয়া পদপথৰ ব্যৱসায়ী

author img

By

Published : Dec 16, 2020, 10:09 PM IST

as_ghy_mobile-theater-artist-suffering-from-lockdown-effect_vis_as10028
এসময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা এতিয়া পদপথৰ ব্যৱসায়ী

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঞ্জন বৰাই অসমৰ কেইবাখনো ভ্ৰাম্যমানৰ নাটকত অভিনয় কৰিছিল ৷ কিন্তু ক’ভিড 19ৰ ফলত ঘোষণা হোৱা লক ডাউনে সলনি কৰিলে সকলো ছবি ৷ এসময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা এতিয়া পদপথৰ ব্যৱসায়ী ৷

গুৱাহাটী,16 ডিচেম্বৰ: এসময়ত ভ্ৰাম্যমাণ থিয়েটাৰ নিজৰ বলিষ্ঠ অভিনয়েৰে মঞ্চ কঁপাই ৰখা এগৰাকী অভিনেতা । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নিজৰ অভিনয়েৰে দৰ্শকক মোহাছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল তেওঁ ৷ কিন্তু ক’ভিড 19ৰ ফলত ঘোষণা হোৱা লক ডাউনে সলনি কৰিলে সকলো ছবি ৷ এসময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা এতিয়া পদপথৰ ব্যৱসায়ী ৷

উল্লেখ্য যে, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰঞ্জন বৰাই অসমৰ কেইবাখনো ভ্ৰাম্যমান থিয়েটাৰৰ নাটকত অভিনয় কৰিছিল ৷ কেৱল অভিনয়েই নহয়। শাস্ত্ৰীয় নৃত্যটো পাৰ্গত ৰঞ্জনে লাভ কৰিবলৈ সক্ষম হৈছে বিভিন্ন বঁটা ৷

এসময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা এতিয়া পদপথৰ ব্যৱসায়ী

কিছুদিন আগলৈকে ভ্ৰাম্যমানৰ মঞ্চত উজ্বলি থকা ৰঞ্জনে এতিয়া জীৱন নিৰ্বাহৰ বাবে দিবলগীয়া হৈছে পদপথত দোকান ৷ লক ডাউনৰ ফলত সৰ্বস্বান্ত পৰিয়ালটোৰ জীৱিকাৰ একমাত্ৰ পথত ৰূপান্তৰিত হৈছে এই দোকানখন ৷ আনহাতে, কিছুদিন পূৰ্বে কিছু দুৰ্বৃত্তই তেখেতৰ দোকনাত আহি সামগ্ৰীসমূহ ধ্বংস কৰিছিল ৷ এই সন্দৰ্ভতো তেখেতে স্থানীয় আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে ৷

ইয়াৰ পিছতো সময়ৰ আঁচোৰক হেলাৰঙে আকোঁৱালি লৈছে ৰঞ্জনে । লক ডাউনৰ প্ৰভাৱত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত বহু যুৱকৰ দৰে ৰঞ্জনেও নিসংকোচে সৎ পথৰে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে যি নিদৰ্শন দাঙি ধৰিছে সেয়া বহুতৰ বাবে আদৰ্শ ।

লগতে পঢ়ক-আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.