ETV Bharat / state

কংগ্ৰেছ শাসনলৈ আহিলে মহিলাসকলৰ ক্ষুদ্ৰ ঋণসমূহ মাফ কৰি দিব

author img

By

Published : Oct 18, 2020, 9:59 PM IST

MLA Nandita Das meeting in Guwahati
বিধায়িকা নন্দিতা দাসৰ মত-বিনিময়

দেওবাৰে গুৱাহাটী মহানগৰীত মহিলা কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মত-বিনিময় বিধায়িকা নন্দিতা দাসৰ ৷ সমাগত নিৰ্বাচনত কংগ্ৰেছ দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা এই বৈঠকত বিধায়িকা নন্দিতা দাসক সহযোগ কৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷

গুৱাহাটী,18 অক্টোবৰ : সমাগত বিধানসভা নিৰ্বাচনত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ লক্ষ্যৰে দেওবাৰে গুৱাহাটী মহানগৰীত মহিলা কংগ্ৰেছ কৰ্মীসকলৰ সৈতে এক আলোচনাত মিলিত হয় বিধায়িকা নন্দিতা দাস ৷

বৈঠকত ভাগ লৈ বিধায়ক গৰাকীয়ে কয় যে, ‘‘বেটি বচাও বেটি পঢ়াওৰ শ্ল’গান দিয়া চৰকাৰে মহিলাসকলক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে ৷ বিজেপি চৰকাৰৰ দিনত নাৰী নিৰ্যাতনৰ ঘটনা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ মহিলা সৱলীকৰণৰ কথা কোৱা চৰকাৰখনে আজি মহিলাসকলকে নিৰাপত্তা দিব নোৱাৰে ৷’’

বিধায়িকা নন্দিতা দাসৰ মত-বিনিময়

লগতে মাইক্ৰ ফাইনেন্স সন্দৰ্ভত তেওঁ কয় যে, ‘‘কংগ্ৰেছ শাসনলৈ আহিলে মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ ঋণসমূহ মাফ কৰি দিয়া হ’ব ৷ মাইক্ৰ ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বহু মহিলাই আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাচি ল’বলগীয়া হৈছে ৷’’ কংগ্ৰেছে এই সকলোবোৰ ঋণ পৰিশোধ কৰাত সহায় কৰিব বুলি বিধায়িকা নন্দিতা দাসে উল্লেখ কৰে ৷ বিধায়িকা নন্দিতা দাসৰ লগতে মহিলাসকলৰ সৈতে মত-বিনিময় কৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷

লগতে পঢ়ক : গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.