ETV Bharat / state

Kamalakhya Dey Purkayastha : বলিষ্ঠ মন্ত্রী পীযুষ হাজৰীকাই চলাই আছে সকলো ছিণ্ডিকেট, ক’লে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 4:52 PM IST

সংবাদমেলত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে সৰৱ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ । অসমৰ মুখ্যমন্ত্ৰী আৰু এজন বলিষ্ঠ মন্ত্ৰীয়ে যিম‍ান সম্পত্তি গঢ়িলে অসমৰ ইতিহাসত কোনো এজন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে তেনে সম্পত্তি গঢ়া নাই । অসমৰ মুখ্যমন্ত্ৰী দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ।

Kamalakhya Dey Purkayastha
বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ সংবাদমেল

বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ সংবাদমেল

গুৱাহাটী, ১২ অক্টোবৰ: পুনৰ মন্ত্ৰী পীযুষ হাজৰীকাক আক্ৰমণৰ লক্ষ্য কৰি ল'লে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই । বৰাকত মন্ত্ৰী পীযুষ হাজৰীকাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৃহস্পতিবাৰে বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে ।

মন্ত্ৰী পীযুষ হাজৰীকাক উদ্দেশি তেওঁ কয় যে যোগ্যতা কম থাকিলে অহংকাৰ বেছি হয় । ইমান অহংকাৰ ভাল নহয় । মন্ত্ৰীগৰাকীয়ে অনা ‍অভিযোগৰ প্ৰত্যুত্তৰ দি তেওঁ কয় যে তেওঁ বাগান ক্ৰয় কৰা নাই । বাগানৰ শ্বেয়াৰ ক্ৰয় কৰিছে আৰু পাঁচজনে মিলি শ্বেয়াৰ ক্ৰয় কৰিছে । সকলো ক্ষমতা তথা সমল থকাৰ পাছতো মন্ত্ৰী পীযুষ হাজৰীকাই কিয় সত্যটো ক'ব পৰা নাই বুলি তেওঁ প্ৰশ্ন কৰে ।

আনহাতে বিধায়ক পুৰকায়স্থই কয় যে তেওঁৰ ভাতৃৰ পত্নীয়ে ২০১৪ চনৰ পৰা ২০২৩ চনলৈ চাৰি কোটি টকাৰ কাম কৰাটো সঁচা । বিভিন্নজনৰ পৰা ঋণ লৈ নিজৰ জীৱনৰ আৰ্জিত পুঁজিৰে ৮০ লাখ টকা দি বাগানৰ এটা শ্বেয়াৰ ক্ৰয় কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে চি এম ভিজিলেন্স লগোৱা হৈছে । চি এম ভিজিলেন্স লগালেও ভয় নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে বলিষ্ঠ মন্ত্ৰীৰ ঘনিষ্ঠৰ লিলি এণ্টাৰপ্ৰাইজৰ বিৰুদ্ধে চি এম ভিজিলেন্সৰ তদন্ত দিব নোৱাৰে ।

আনহাতে তুলিৰাম ৰংহাং, আৰ বি এছ, এইচ বি এছ আদিৰ বিৰুদ্ধে তদন্ত দিব নোৱাৰে । বৰ্তমান সময়ত কেইজনমান নিৰ্দিষ্ট ঠিকাদাৰৰ হাতত ৰাজ্যখন আছে বুলি অভিযোগ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ ১৮ বছৰীয়া পুত্ৰৰ আছে ১৯ টাকৈ কোম্পানী । আনহাতে মন্ত্ৰী পীযুষ হাজৰীকাক বলিষ্ঠ মন্ত্ৰী আখ্যা দি তেওঁ কয় যে মন্ত্ৰীসভাৰ এইজন বলিষ্ঠ মন্ত্ৰীয়েই সকলো ছিণ্ডিকেট চলাই আছে আৰু সম্পত্তিৰ পাহাৰ গঢ়ি আছে ।

বিধায়কগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰী আৰু এজন বলিষ্ঠ মন্ত্ৰীয়ে যিম‍ান সম্পত্তি গঢ়িলে অসমৰ ইতিহাসত কোনো এজন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে তেনে সম্পত্তি গঢ়া নাই । অসমৰ মুখ্যমন্ত্ৰীয়ে যিমান সম্পত্তি গঢ়িছে সিমান সম্পত্তি দেশৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই বুলি সদৰী কৰি তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী দেশৰ ভিতৰতে সৰ্বাধিক দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী । তেওঁ বিজেপিৰ মন্ত্ৰী-বিধায়কৰ বিলাসিতাৰ প্ৰসংগতো সৰৱ হৈ পৰে । ইফালে মন্ত্ৰী পীযুষ হাজৰীকাৰ মানহানিৰ গোচৰ সন্দৰ্ভত তেওঁ কয় যে মানহানিৰ গোচৰক লৈ আমি ভয় নাখাওঁ । আদালতত দেখা হ'ব বুলি তেওঁ মন্ত্ৰী হাজৰীকাক প্ৰত্যাহ্বান জনায় । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: Memorandum to Governor : কাৰ্বি আংলঙৰ 1000 বিঘা মাটি মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ হস্তান্তৰৰ দুৰ্নীতিৰ তদন্তৰ দাবী দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.