ETV Bharat / state

Meeting Of Opposition: ঐতিহাসিক প্ৰস্তাৱ লৈ বিৰোধী ঐক্য মঞ্চৰ বৈঠকত বিধায়ক অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 4:40 PM IST

বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে গুৱাহাটীত মিলিত হৈছে বিৰোধী ঐক্য মঞ্চ ৷ এই বৈঠকলৈ আহিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈও ৷ বৈঠক সন্দৰ্ভত সংবাদ মাধ্যমৰ সমুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়কগৰাকীয়ে ৷

Assam political news
Opposition Unity Forum Assam

ঐতিহাসিক প্ৰস্তাৱ লৈ বিৰোধী ঐক্য মঞ্চৰ বৈঠকত বিধায়ক অখিল গগৈ

গুৱাহাটী, ২৬ অক্টোবৰ: কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১২ টা বিৰোধী ৰাজনৈতিক দলত সংযুক্ত হ'ল আৰু এটা আঞ্চলিক দল । বিজেপিক প্ৰতিহত কৰাৰ বাবে ঐক্যবদ্ধ হোৱা ১২টা দলে গঠন কৰা বিৰোধী ঐক্য মঞ্চত সংযুক্ত হ'ল কাৰ্বি আংলঙৰ অল পাৰ্টী হিলচ লিডাৰ্চ কনফাৰেঞ্চ (এ পি এইচ এল চি) নামৰ দলটো ।

উল্লেখ্য যে আজি বিয়লি গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হৈছে বিৰোধী ঐক্য মঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত অংশ গ্ৰহণ কৰা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কাৰ্বি আংলঙৰ এই দলটোক ১২ দলীয় মৰ্চাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিছে ।

সেই অনুসৰি ১২ দলীয় মৰ্চা ১৩ দলীয় হ'ল । সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে কয় যে ১২ দলীয় মৰ্চাক ১৩ দলীয় কৰাৰ বাবে কাৰ্বি আংলঙৰ অ'ল পাৰ্টী হিলচ লিডাৰ্চ কনফাৰেঞ্চক (এ পি এইচ এল চি) অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ লৈ অহা হৈছে । তদুপৰি বিৰোধী ঐক্য মঞ্চৰ বাবে ৰাইজৰ দলে বিশেষ এটা প্ৰস্তাৱ লৈ আহিছে বুলি সদৰী কৰি তেওঁ কয় যে এই প্ৰস্তাৱৰ যোগেদি ঐক্য মঞ্চৰ দল কেইটাক অনুপ্ৰাণিত হ'ব ।

লগতে একতা আৰু অধিক সুদৃঢ় হ'ব । তেওঁ লগতে কয় যে ২০২৪ ত বিজেপিক প্ৰতিহত কৰিব নোৱাৰিলে আমাৰ দেশ গণতান্ত্ৰিক দেশ হৈ নাথাকে । যাৰ বাবে সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'ব লাগিব । একেলগে আগুৱাই যোৱাৰ ক্ষেত্রত কিছু পলম হোৱা বুলি সদৰী কৰি তেওঁ কয় যে আজিৰ বৈঠকত সকলো দিশ সামৰি সকলো বিষয় আলোচনা কৰা হ'ব ।

আজিৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি তাৎক্ষণিকভাৱে বিজেপিৰ বিৰুদ্ধে একেলগে আগুৱাই যাব লাগিব বুলি তেওঁ কয় । বৈঠকত আসনৰ ক্ষেত্ৰত ৰাইজৰ দলৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ নাৰাখে বুলি সদৰী কৰি তেওঁ কয় যে আজিৰ বৈঠকত ৰাইজৰ দলে এটা ঐতিহাসিক প্ৰস্তাৱ উত্থাপন কৰিব । তেওঁ লগতে কয় যে আজিৰ বৈঠকৰ পাছতে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ অভিযান জোৰদাৰ হ'ব ।

লগতে পঢ়ক: Opposition Unity Forum: গুৱাহাটীত কংগ্ৰেছ নেতৃত্বৰ বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.