ETV Bharat / state

Angkita Dutta Issue: অংকিতা ৰাজনৈতিক মেৰপেঁচত সোমাই পৰিল; মীৰা বৰঠাকুৰ

author img

By

Published : Apr 25, 2023, 7:18 PM IST

অংকিতা দত্ত সন্দৰ্ভত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ সংবাদমেল । অংকিতাক ৰাজনৈতিক মেৰপেঁচত সুমুৱাই লোৱা বুলি উল্লেখ মীৰা বৰঠাকুৰৰ (Mira Borthakur on Angkita Dutta issue) । আনহাতে, অংকিতাই দলীয় অনুশাসন মানি চলাটো জৰুৰী আছিল বুলিও উল্লেখ কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ।

Angkita Dutta Issue
Angkita Dutta Issue

অংকিতা ৰাজনৈতিক মেৰপেঁচত সোমাই পৰিল

গুৱাহাটী, ২৫ এপ্ৰিল : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অংকিতা দত্তক ন্যায় দিবলৈ চেষ্টা কৰিছিল (APCC president Bhupen Kumar Bora) । ২৪ ঘণ্টা সময় বিচাৰিছিল । অংকিতাক ন্যায় দিবলৈ এই ২৪ ঘণ্টাত কংগ্ৰেছৰ মাজত ৪-৫ খন বৈঠক অনুষ্ঠিত হৈছিল । আনকি কেন্দ্ৰীয় সমিতিৰ সৈতে কথা-বতৰাও পতা হৈছিল । কিন্তু অংকিতাই ২৪ ঘণ্টাও অপেক্ষা নকৰি আৰক্ষীৰ কাষ চাপে (Angkita Dutta harassment issue) । ফলত বিষয়টো আইনৰ আওতালৈ গুচি যায় । অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ অংকিতা দত্তৰ বহিষ্কাৰ সন্দৰ্ভত কৰিছে এই মন্তব্য ৷

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া নাৰী বুলি দায়িত্ব ল'লে । এতিয়া কোনো উপায় নাই (Assam Women Congress president Mira Borthakur) । সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে, অংকিতাক ৰাজনৈতিক মেৰপেঁচত সুমুৱাই লোৱা বুলি সন্দেহ হৈছে । এই ক্ষেত্ৰত অংকিতাই দলীয় অনুশাসন মানি চলাটো জৰুৰী আছিল । মুখ্যমন্ত্ৰীৰ কথা মতেই তেওঁ গোচৰ দিয়া বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে (Mira Borthakur on Angkita Dutta issue) ।

মঙলবাৰে ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেল সম্বোধন কৰি মীৰা বৰঠাকুৰ আৰু কংগ্ৰেছৰ মুখপাত্ৰ ড৹ জয়প্ৰকাশ দাসে কয়, মঙলবাৰে মহিলা কংগ্ৰেছৰ এটা সঁজাতি দলে অসম ৰাজ্যিক মহিলা আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈ ২০ মাৰ্চত তিনিচুকীয়াৰ বৰডুবি আৰক্ষীচকীৰ অন্তৰ্গত এলেকাত ১৩ বছৰীয়া নাবালিকাক বলাৎকাৰৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পিচতো আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ প্ৰতিবাদ জনায় । লগতে মহিলা আয়োগক সমগ্ৰ বিষয়টোত তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি এটা নিজাববীয়া গোচৰ ৰুজু কৰি ৰাজ্যখনত নাৰীৰ ওপৰত চলি থকা বাধাহীন ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিবলৈ দাবী জনায় ।

উল্লেখ্য যে বৰডুবিৰ অভিযুক্তজন বিজেপিৰ স্থানীয় বুথ কমিটীৰ সভাপতি হোৱাৰ বাবে এই ঘটনাটোক আৰক্ষী আৰু প্ৰশাসনে গাপ দি ৰাখিবলৈ চেষ্টা চলাইছিল বুলি অভিযোগ উত্থাপন কৰে । আনহাতে, আৰক্ষী আৰু প্ৰশাসনৰ পৰা নিজৰ জীয়ৰীৰ ওপৰত হোৱা পাশৱিকতাৰ কোনো সুবিচাৰ নাপাই মাতৃয়ে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলিও উল্লেখ কৰে । উল্লেখ্য যে মহিলা-যুৱতীৰ নিৰাপত্তাৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শাসনত কেনেকৈ নাৰী নিপীড়িত তথা নিৰ্যাতিত হৈছে তাৰ উদাহৰণো দাঙি ধৰে ।

মহিলা মল্লযোদ্ধাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে কিয় আজিও ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও প্ৰশ্ন কৰে তেওঁলোকে ।

লগতে পঢ়ক :Dilapidated road at Raha : ৰহাৰ বিধায়ক শশীকান্তৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.