ETV Bharat / state

Doctor Couple case: কুকীৰ্তিৰ কি কি তথ্য ওলাবলৈ বাকী চিকিৎসক দম্পতীৰ ?

author img

By

Published : May 7, 2023, 10:07 PM IST

শিশুটোৰ স্বাস্থ্য পৰীক্ষাৰ পিচতে পোহৰলৈ আহে ভয়ংকৰ তথ্য ৷ তিনি বছৰীয়া তোলনীয়া কন্যা সন্তানক যৌন আতিশয্য চলাইছিল চিকিৎসক দম্পতীয়ে । শিশুটিৰ শৰীৰৰ বিভিন্ন অংশৰ লগতে গোপন অংগত ইস্ত্ৰিৰে পোৰাৰ দৰে দাগ পৰিলক্ষিত কৰা হৈছে (Allegation against Doctor couple to abuse child)৷

CP Diganta Bora Press meet in doctor couple case
আৰু কি কি তথ্য ওলাব চিকিৎসক দম্পতীৰ কুকীৰ্তিৰ?

কি কি তথ্য ওলাব চিকিৎসক দম্পতীৰ কুকীৰ্তিৰ?

গুৱাহাটী, ৭ মে’ : তিনি বছৰীয়া তোলনীয়া কন্যা সন্তানক যৌন আতিশয্য চলাইছিল অভিযুক্ত চিকিৎসক দম্পতীয়ে । দুৰ্ভগীয়া শিশুটোৰ স্বাস্থ্য পৰীক্ষাৰ পিচতে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য (Dr Sangeeta Dutta case) ৷ 3 বছৰীয়া তোলনীয়া শিশুটিৰ ওপৰত দীৰ্ঘদিন ধৰি নিৰ্মম অত্যাচাৰ চলাই আহিছিল দস্পতীটোৱে ৷ শিশুটিৰ শৰীৰৰ বিভিন্ন অংশৰ লগতে গোপন অংগত ইস্ত্ৰিৰে পোৰাৰ দৰে দাগ পৰিলক্ষিত কৰা হৈছে(Doctor couple accused of assault minor daughter) ৷ ইয়াৰোপৰি গৰম পানী ঢালি শিশুটোক অকথ্য নিৰ্যাতন চলাইছিল দম্পতীটোৱে ৷

অভিযোগ অনুসৰি, ডাঃ সংগীতা দত্তৰ নিৰ্দেশত স্বামী তথা চিকিৎসক ৱালিউল ইছলামে তালিবানীৰ দৰে নিৰ্যাতন চলাইছিল শিশুটিক ৷ কন্যাটিক যৌন আতিশয্য চলোৱাৰ লগতে তোলনীয়া কন্যা আৰু ল’ৰা দুয়োটা শিশুকে অকথ্য নিৰ্যাতন চলাই আসুৰিক তৃপ্তি লাভ কৰিছিল ভদ্ৰতাৰ মুখা পিন্ধা চিকিৎসক দম্পতী ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামে (Allegation against Doctor couple to abuse child) ৷

শিশুটিৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন দেখি হতচকিত হৈ পৰিছে আৰক্ষীও । সমগ্ৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই দেওবাৰে পাণবজাৰ আৰক্ষী থানাত সংবাদমেল সম্বোধন কৰি কয়, শুকুৰবাৰে পল্টনবজাৰস্থিত আৰ্য হাস্পতালৰ সমীপৰ ৰোমা এপাৰ্টমেণ্টত ছাদত বান্ধি থোৱা ওচৰ চুবুৰীয়াই প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে ঘটনাথলীত আৰক্ষী উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰিছিল (CP Diganta Bora Press meet ) ।

চিকিৎসক ৱালিউল ইছলামক গ্ৰেপ্তাৰ কৰাৰ পিচতে শনিবাৰে নিশা অভিযান চলায় খানাপাৰৰ পাহাৰৰ এটা ঘৰত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ডাঃ সংগীতা দত্তক । কন্যা শিশুটিৰ স্বাস্থ্য পৰীক্ষাত শিশুটিৰ শৰীৰত আঘাত পোৱা গৈছে । শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন আছে, গুপ্তাংগত আঘাত চিন আছে । যৌন নিৰ্যাতনৰ তথ্য পোৱা গৈছে । ইয়াৰ পিচতে আৰক্ষীয়ে মূল অভিযুক্ত দুগৰাকীৰ লগতে বনকৰা কৰা মহিলা লক্ষী ৰায়কো গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁলোকৰ ঘৰত ৩ গৰাকী শিশু আছিল । প্ৰায় ১১ বছৰীয়া ডাঙৰ শিশুটো সম্প্ৰতি নিজ মাতৃ-পিতৃৰ সৈতে সুস্থ অৱস্থাত আছে । ৩ বছৰীয়া শিশু দুটি চিকিৎসক দম্পতীৰ নহয় । শিশু দুটি ক’ৰ পৰা আনিছিল, কোনে আনি দিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে (Doctor Couple arrested) ।

আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয়, ‘‘কন্যা শিশুটিৰ পিচতে ল’ৰা শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে । এতিয়ালৈ শিশুটোৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন আমাৰ হাতত আহি পৰা নাই ৷’’

তেওঁ লগতে কয় যে, এই সমগ্ৰ ঘটনা তদন্ত ক্ষিপ্ৰ গতিত চলি আছে । গোচৰটো আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে মুখ্যমন্ত্ৰীয়েও তদাৰক কৰিছে ৷ কি কাৰণে শিশু দুটিক নিৰ্যাতন চলাইছিল তাৰ কাৰণ বৰ্তমানো পোহৰলৈ অহা নাই । সমগ্ৰ গোচৰটোত PoCSO ধাৰা লগোৱা হৈছে বুলি মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ।

তেওঁ আৰু কয় সমগ্ৰ ঘটনাটো ক্ষিপ্ৰগতিত তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনোৱা হ’ব । সম্প্ৰতি নিৰ্যাতিত তোলনীয়া শিশু দুটি শিশু গৃহত ৰখা হৈছে বুলি আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Jorhat Porn video case: মানসিক তৃপ্তিৰ বাবেই প্ৰস্তুত কৰিছিল নগ্ন ভিডিঅ’; জেৰাত স্বীকাৰ অভিযুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.