ETV Bharat / state

অসমৰ চাহৰ ব্ৰেণ্ডিং কৰিব পতঞ্জলীয়ে; আদিবাসীৰ নাগৰিক সভাত মন্ত্ৰী সঞ্জয় কিষাণ

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 7:33 PM IST

Minister Sanjay Kishan on Adibasi welfare
অসমৰ চাহৰ ব্ৰেণ্ডিং কৰিব পতঞ্জলীয়ে

অসমৰ চাহৰ ব্ৰেণ্ডিং কৰিব বাবা ৰামদেৱৰ পতঞ্জলীয়ে । বিশ্বৰ বজাৰ দখলৰ উদ্দেশ্যে বাবা ৰামদেৱে ৰাজ্য চৰকাৰৰে আলোচনা আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে । এই মন্তব্য মন্ত্ৰী সঞ্জয় কিষাণৰ ।

আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ নাগৰিক সভাত মন্ত্ৰী সঞ্জয় কিযাণ

গুৱাহাটী, ২১ নৱেম্বৰ : মহানগৰীৰ শিল্পগ্ৰামত মঙলবাৰে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগত এক নাগৰিক সভা অনুষ্ঠিত হয় । এই সভাত অসমৰ আদিবাসী আৰু চাহ শ্ৰমিকসকলৰ আৰ্থ-সামাজিক, ভূমি আৰু ৰাজনৈতিক সমস্যা সমাধানৰ বিষয়ত বিশদভাৱে আলোচনা কৰা হয় । শিক্ষা, দক্ষতা বিকাশ, আদিবাসী চুক্তিৰ ভিত্তিত বাগান তথা বনভূমি আৱণ্টনকে ধৰি কেইবাটাও বিষয়ে স্থান পায় এই আলোচনাত । সভাত প্ৰায় ৩০ টা আদিবাসী, চাহ জনগোষ্ঠীয় সংগঠনৰ উপৰি আলোচনাত অংশ লয় মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

সভাত উপস্থিত থাকি মন্ত্ৰী সঞ্জয় কিষাণে কয় যে মঙলবাৰৰ সভাত ভূমিৰ অধিকাৰৰ বিষয়টো আলোচনা কৰা হয় । আদিবাসী, চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ যোগেদি আগবঢ়াই নিয়াৰ বিষয়টোও আলোচনা হয় । ইতিমধ্যে চৰকাৰীভাৱে আদিবাসীসকলৰ বাবে থকা সা-সুবিধাসমূহ কেনেকৈ প্ৰদান কৰিব পাৰি তাৰ পৰিকল্পনা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে । আনহাতে, অসমৰ চাহ উদ্যোগক লৈয়ো মন্ত্ৰী সঞ্জয় কিষাণে কেইবাটাও মন্তব্য আগবঢ়ায় ।

মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ চাহৰ ব্ৰেণ্ডিং কৰিব বাবা ৰামদেৱৰ পতঞ্জলীয়ে । বিশ্বৰ বজাৰ দখলৰ উদ্দেশ্যে বাবা ৰামদেৱেৰে ৰাজ্য চৰকাৰে আলোচনা আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে । পতঞ্জলীৰ ব্যৱসায়ত অসমৰ চাহ অন্তৰ্ভুক্ত হ'ব বুলি তেওঁ প্ৰকাশ কৰে । এই ক্ষেত্ৰত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেউজ সংকেত দিয়াৰ কথা উনুকিয়ায় মন্ত্ৰীগৰাকীয়ে । অসমৰ চাহ উদ্যোগলৈ কেনিয়া, শ্ৰীলংকাৰ চাহে প্ৰত্যাহ্বান নমাই অনাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে, অসমৰ চাহ বাগানসমূহৰ স্বত্বাধিকাৰী সলনি হ'লেও শ্ৰমিকসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে । ২০০ বছৰীয়া চাহ উদ্যোগটোক ৰক্ষা ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে কয় যে আদিবাসী ৰাইজে কংগ্ৰেছৰ দিনত কেৱল ভোটহে দিছিল, নাগৰিক হিচাপে যে চৰকাৰ তেওঁলোকৰ ওচৰত দায়বদ্ধ সেয়া গম পোৱা নাছিল ।

চাহ বাগিচা অঞ্চলত বাট-পথসমূহ কংগ্ৰেছৰ দিনত অভিশাপ হৈ পৰিছিল, এতিয়া সকলো সলনি হৈছে । বিগত নিৰ্বাচনত ৮০ শতাংশৰো অধিক ভোট বিজেপিয়ে লাভ কৰিছে আৰু এইবাৰো ৮০ শতাংশ আদিবাসী, চাহ জনগোষ্ঠীয় ৰাইজৰ ভোট পাব বিজেপিয়ে । কংগ্ৰেছে যি পথেৰে বাগানে বাগানে গৈছে সেই পথো বিজেপি চৰকাৰে নিৰ্মাণ কৰি দিয়া বুলি মন্তব্য মন্ত্ৰী সঞ্জয় কিযাণৰ । কংগ্ৰেছে আদিবাসী ৰাইজৰ প্ৰশ্নসমূহৰ উত্তৰ দিব পৰা নাই বুলিও মন্তব্য আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :সীমান্ত সমস্যা নিষ্পত্তি নোহোৱালৈকে আন সমস্যা সমাধান নহয় : ৰাণা প্ৰতাপ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.