ETV Bharat / state

Parimal Shuklabaidya sudden visit: ISBT ত নিশা ছাডেন ভিজিট পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

author img

By

Published : Jul 17, 2022, 1:50 PM IST

Minister Parimal Shuklabaidya paid a sudden visit to ISBT
ISBT ত নিশা ছাডেন ভিজিট পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ISBT ত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ছাডেন ভিজিট (Parimal Shuklabaidya sudden visit)৷ আই এছ বিটিত থকা সকলো আসোঁৱাহ দূৰ হ'ব বুলি জনায় সংবাদমাধ্যমৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

গুৱাহাটী, 17 জুলাই : ৰাজ্যৰ বিভিন্ন বিভাগত মন্ত্ৰীসকলৰ ছাজেন ভিজিট (IWT minister Parimal Shuklabaidya sudden visit)৷ বিগত কিছুদিন ধৰি নিশা হ'লেই বিভাগসমূহৰ প্ৰকৃত ৰূপ পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় মন্ত্ৰী-আমোলা ৷ শনিবাৰে নিশা ISBT ত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়ে ছাডেন ভিজিট কৰে ৷

তেওঁ সংবাদমাধ্যমৰ আগত কয়, "ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে হ'বলগীয়া এটা প্ৰশিক্ষণৰ বাবে ৰেডিশ্বন ব্লুলৈ আহিছিলো ৷ তেতিয়াই ভাবিলো আই এছ বি টিৰ নিশাৰ পৰিৱেশটো চাই যাওঁ ৷ ইয়াৰ পৰিৱেশ চাই মই আই এছ বি টিৰ বিভাগৰ লগত কথা পতাটো জৰুৰী বুলি ভাবিলোঁ (Minister Parimal Shuklabaidya paid a sudden visit to ISBT)৷ আগন্তুক দুদিনৰ ভিতৰত মই বিভাগৰ লগত কথা পাতিম ৷ ইয়াত নিৰাপত্তাৰ কাৰণে থকা আই এছ বি টি আউটপোষ্টত এজনো লোক নাই ৷ খালী চকীসমূহ পৰি আছে ৷ যিহেতু ইয়াত নিশাৰ ভাগত পুৰুষ যাত্ৰীতকৈ মহিলাৰ যাত্ৰীৰ সংখ্যা কম সেইবাবে নিৰাপত্তা কটকটীয়া নহ'লে মহিলাসকল আতংকিত হোৱাটো স্বাভাৱিক’’ ৷

তেওঁ আৰু কয়, ‘‘আই এছ বি টিত কোনো যাত্ৰী বহিবলৈ ঠাইখন পৰিস্কাৰ-পৰিচ্ছন্ন হ'ব লাগে ৷ আমি ইয়াৰ ওপৰত থকা হোটেলসমূহো পৰ্যবেক্ষণ কৰিম ৷ আই এছ বি টিত বৰ্তমান কদৰ্যময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ নিশা কাউণ্টাৰত যিমান মানুহ থাকিব লাগে সিমান মানুহ নাই ৷ ASTC ৰ কাউণ্টাৰত থকা প্ৰস্ৰাৱগাৰসমূহো নিশা তলা মাৰি থৈছে ফলত যাত্ৰীসকলে প্ৰস্ৰাৱ কৰিবলৈ ক'লৈ যাব ৷ আমি নিশাৰ পৰিৱেশৰ লগতে দিনৰ পৰিৱেশো চাবলৈ আহি ৰাইজৰ বাবে ষিসমূহ সুবিধা উপলব্ধ হৈ থকা নাই সকলোবোৰ ব্যৱস্থা কৰি দিম" ৷

ISBT ত নিশা ছাডেন ভিজিট পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

আই এছ বিটিত থকা সকলো আসোঁৱাহ দূৰ হ'ব বুলি জনায় সংবাদমাধ্যমৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, নতুনকৈ পৰিবহন বিভাগৰ দায়িত্ব লোৱাৰ পিছতে মন্ত্ৰী পৰিমল শুক্লবদ্যই হঠাৎ পৰিবহণ বিভাগৰ কাৰ্যালয়, মহানগৰীৰ ফেৰী ঘাট আৰু আভ্যন্তৰিণ জল পৰিবহণৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হৈ কাম-কাজৰ বুজ লোৱা দেখা গৈছে ।

ইয়াৰ পূৰ্বে, যোৱা 11 জুলাইত মহানগৰীৰ উলুবাৰীস্থিত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যালয়, মহানগৰীৰ লাচিত ঘাট, কাছমাৰি ঘাট, ৰজাদুৱাৰকে ধৰি আটাইকেইটা ঘাটতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ছাডেন ভিজিট (Minister Parimal Shuklabaidya paid a sudden visit to IWT) দিয়ে ৷ জাহাজৰ বিষয়া-কৰ্মচাৰীক ছাডেন ভিজিট দি জবাবদিহী কৰিলে মন্ত্ৰীয়ে । কোটি টকীয়া ৰ’পেস্ক কিয় বন্ধ হৈ আছে তাৰ উত্তৰ লাগে মন্ত্ৰীক ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কৰ্মচাৰীৰ কৰ্ম-কাণ্ডক লৈ মুঠেও সন্তুষ্ট নহয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

মন্ত্ৰীৰ পৰিদৰ্শন কালত কৰ্মস্থলীত প্ৰায় ভাগ কৰ্মচাৰীয়েই আছিল অনুপস্থিত (Employees in IWT office absent during minister visit)। কাম নকৰি দৰমহা লোৱা কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগ কঠোৰ হ’ব বুলি জনালে মন্ত্ৰী শুক্লবৈদ্যই । কৰ্মস্থলীত কৰ্মচাৰীসকল উপস্থিত নাথাকিলে কৰ্মসংস্কৃতি ক’ৰ কৰা আহিব বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে । বিভিন্ন অজুহাত দেখুৱাই একাংশ কৰ্মচাৰী অনুপস্থিত থকা বুলি জানিব পৰা গৈছে । ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে জাহাজৰ যাত্ৰীয়ে লাইফ জেকেট পৰিধান কৰাটো বাধ্যতামূলক (Life jacket compulsory for passengers in ferry)।

কোনো যাত্ৰীয়ে যদি লাইফ জেকেট পৰিধান নকৰে, তেন্তে জাহাজ কৰ্তৃপক্ষক নিলম্বন কৰাৰ সকীয়নি দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । যদি কোনো যাত্ৰীয়ে যাত্ৰা সময়ত লাইফ জেকেট পৰিধান কৰিব অমান্তি হয়, তেন্তে সেই সকলক জাহাজত নুঠাবলৈ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ । আসোঁৱাহসমূহ দূৰ কৰি তৎকালীনভাৱে ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে পৰিমল শুক্লবৈদ্যই ।

লগতে পঢ়ক : Obscene comments : মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে অশালীন মন্তব্য কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.