ETV Bharat / state

Assam Meghalaya Border dispute: সীমা সমস্যা সমাধানৰ বাবে শ্বিলঙত দুই ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:03 PM IST

Assam Meghalaya border dispute meeting at Shillong
সীমা সমস্যা সমাধানৰ বৈঠক

শ্বিলঙত অনুষ্ঠিত হোৱা অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বৈঠকত উপস্থিত থাকে চন্দ্ৰ মোহন পাটোৱাৰী ৷

গুৱাহাটী, ২৮ আগষ্ট : অসম-মেঘালয়ৰ সীমান্ত বিবাদৰ পাৰস্পৰিকভাৱে গ্ৰহণযোগ্য সমাধানৰ বাবে সোমবাৰে দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকখন অনুষ্ঠিত হয় মেঘালয়ৰ ৰাজধানী শ্বিলঙত ।

Assam Meghalaya border dispute meeting at Shillong
অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বৈঠক

পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু মেঘালয়ৰ কেবিনেট মন্ত্ৰী তথা পশ্চিম খাছী পাহাৰৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ পল লিংডোৱে দুয়োখন আঞ্চলিক সমিতিৰ নেতৃত্ব দিয়ে । বৈঠকত মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাৰ সীমান্তৱৰ্তী কামৰূপ জিলাৰ লাম্পিত দুয়োখন ৰাজ্যৰ সীমান্ত সমস্যাৰ স্থায়ী সমাধানৰ উপায় বিচাৰি উলিওৱাৰ সিদ্ধান্ত লোৱা হয় ।

Assam Meghalaya border dispute meeting at Shillong
অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বৈঠক

বৈঠকৰ পিচত শ্বিলঙত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে দুয়োখন আঞ্চলিক সমিতিৰ বৈঠক অতি সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অতি ফলপ্ৰসূভাৱে সম্পন্ন হৈছে । মন্ত্ৰী পাটোৱাৰীয়ে লগতে জনায় যে, সম্প্ৰতি বিতৰ্কিত অঞ্চলসমূহ সংকুচিত কৰা হৈছে ৷ দুয়োখন ৰাজ্যতে বিধানসভাৰ অধিৱেশনৰ পিচত ছেপ্টেম্বৰৰ শেষৰ ফালে চিনাক্তকৃত অঞ্চলসমূহলৈ দুয়োখন আঞ্চলিক সমিতিৰ সদস্যই স্থানীয়ভাৱে ভ্ৰমণ কৰিব ।

Assam Meghalaya border dispute meeting at Shillong
অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বৈঠক

এই ভ্ৰমণৰ সময়ত অঞ্চলবাসীৰ মতামত লোৱা হ’ব আৰু তেওঁলোকৰ যিকোনো সমস্যা নিষ্পত্তি কৰা হ’ব । সীমা সমস্যাৰ স্থায়ী সমাধান সোনকালেই লাভ কৰা যাব বুলি পাটোৱাৰীয়ে আশা প্ৰকাশ কৰে । সভাত কামৰূপৰ অভিভাৱক সচিব এছ লক্ষ্মনন, কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লী, শ্বিলঙৰ অসম ভৱনৰ উপ আৱাসিক আয়ুক্ত মনজিৎ সোণোৱাল, কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকে আদি কৰি বিষয়ববীয়াসকল উপস্থিত থাকে । মেঘালয়ৰ তৰফৰ পৰা পশ্চিম খাছী পাহাৰৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ আৰু কেবিনেট মন্ত্ৰী পল লিংডোৰ সৈতে বিধায়ক আৰু কমিটীৰ অন্যান্য সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক : Rojgar Mela: কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২৮৭ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.