ETV Bharat / state

Rojgar Mela: কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২৮৭ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান সৰ্বানন্দ সোণোৱালৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 5:59 PM IST

দেশৰ প্ৰধানমন্ত্ৰীয়ে ১০ লাখ নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া আখৰে আখৰে পালন কৰিছে। কংগ্ৰেছৰ শাসনত ২০০৪ চনৰ পৰা ২০১৩ চনলৈ অৰ্থাৎ ৯ বছৰত ৬ লাখ নিযুক্তি দিছিল। তাৰ বিপৰীতে বিজেপি চৰকাৰে যোৱা ৯ বছৰত ৯ লাখ নিযুক্তি দিবলৈ‌ সক্ষম হৈছে - কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

Rojgar Mela
কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২৮৭ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ২৮৭ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান সৰ্বানন্দ সোণোৱালৰ

গুৱাহাটী, ২৮ আগষ্ট : গুৱাহাটীৰ বি এছ এফৰ পাটগাঁৱত থকা মুখ্য কাৰ্যালয়ত সোমবাৰে ৰোজগাৰ মেলা অনুষ্ঠিত হয় । কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অন্তৰ্গত চি আৰ পি এফ, বি এছ এফ, আই টি বি পি, এছ এছ বি , এছ এছ এফ, আছাম ৰাইফলছ, এন চি বিৰ মুঠ ২৮৭ জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানত ভাষণ দি বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইসকল প্ৰাৰ্থীক নিযুক্তি প্ৰত্ৰ প্ৰদান কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, দেশৰ প্ৰধানমন্ত্ৰীয়ে ১০ লাখ নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া আখৰে আখৰে পালন কৰিছে। কংগ্ৰেছৰ শাসনত ২০০৪ চনৰ পৰা ২০১৩ চনলৈ অৰ্থাৎ ৯ বছৰত ৬ লাখ নিযুক্তি দিছিল। তাৰ বিপৰীতে বিজেপি চৰকাৰে যোৱা ৯ বছৰত ৯ লাখ নিযুক্তি দিবলৈ‌ সক্ষম হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৱা ৬০ বছৰৰ শাসনকালত কংগ্ৰেছে দেশত অন্ধকাৰ নমাই আনিছিল। দুৰ্নীতি ভ্ৰষ্টাচাৰেৰে দেশ ধ্বংস কৰি পেলাইছিল। দেশৰ অৰ্থনৈতিক ব্যৱস্থা ভাঙি পেলাইছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৯ বছৰত দেশৰ অৰ্থনীতি ৰক্ষা কৰি দেশক বিশ্বৰ পাঁচখন শক্তিশালী দেশলৈ উন্নতিকৰণ কৰিলে। দেশত সু-শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো শ্ৰেণীক সবলীকৰণ কৰি শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ৯ বছৰে সততা আৰু নিষ্ঠাৰে দেশৰ জনগণক সেৱা কৰিছে। যাৰ বাবে আজি ভাৰতবৰ্ষ বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

আজিৰ তাৰিখত কংগ্ৰেছে যিমানবোৰ অভিযোগ আনিছে সেইবোৰৰ কোনো ভিত্তি নাই ৷ কংগ্ৰেছে দেশ চলোৱাত বিফল হ’ল ৷ দেশ বহুত পিচপৰি গ’ল ৷ কংগ্ৰেছৰ তুলনাত বিজেপি চৰকাৰৰ দিনত চাকৰি নিযুক্তিকৰণৰ সংখ্যা বহু গুণেই বৃদ্ধি হ’ব বুলি কেবিনেট মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

লগতে পঢ়ক: Clash at ISBT Guwahati: বাছ চালকক প্ৰহাৰ উদণ্ড ছাত্ৰৰ; ক্ষোভিত চালক সন্থাৰ বিক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.