ETV Bharat / state

মুণ্ডন কাৰ্যসূচীৰে CAAৰ বিৰোধিতাৰে মহিলাৰ প্ৰতিবাদ

author img

By

Published : Jan 10, 2020, 10:00 PM IST

গুৱাহাটী
মুণ্ডন কাৰ্যসূচীৰে মহিলাৰ প্ৰতিবাদ

সদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী সহায়িকা সন্থাৰ উদ্যোগত কৰ্মী সকলৰ ন্যায় অধিকাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে মুণ্ডন কৰি চচলত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মীসকলে ৷

গুৱাহাটী, 10 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু সদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী সহায়িকা সন্থাৰ উদ্যোগত কৰ্মী সকলৰ ন্যায় অধিকাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৷ শুকুৰবাৰে মুণ্ডন কৰি চচলত অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মীসকলে ।


শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইনখন বাতিলৰ লগতে ৰান্ধনী সহায়িকাৰ সমস্যা সমাধান কৰিবলৈ প্ৰতিবাদী সকলে চৰকাৰক দাবী জনায় ৷ অন্যথা আগন্তুক দিনত ইয়াতকৈও তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ।

আনহাতে, ৰান্ধনী সহায়িকাক স্থায়ী সংস্থাপন দিয়াৰ পৰা বিৰত থকা বুলি অভিযোগ কৰি কয় যে, ১ লাখ ১৭ হাজাৰ ৰান্ধনী সহায়িকাৰ সমস্যা সমাধান নকৰিলে মহিলা সকলে আগন্তক ১৭ জানুৱাৰীত উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিয়ে সদৌ অসম ৰান্ধনী সন্থাৰ সহায়িকা তৃষ্ণা নাথে ।

মুণ্ডন কাৰ্যসূচীৰে মহিলাৰ প্ৰতিবাদ

উল্লেখ্য যে, ধৰ্ণা স্থলীত আৰক্ষীয়ে মুণ্ডন কাৰ্যসূচীত বাধা আৰোপ কৰাত তৃষ্ণা নাথে ধৰ্ণাস্থলীৰ ওচৰত থকা এখন চেলুনৰ সন্মুখত বহি মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

আৰু পঢ়কঃ কাঠৰ ফণি নিৰ্মাণেৰে প্লাষ্টিকৰ বিৰুদ্ধে যুঁজ ছগনলালৰ

Intro:নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কৰ্মী সকলৰ ন্যায় নাৰ্য অধিকাৰৰ দাবীত সদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী সহায়িকা সন্থাৰ উদ্যোগত চুলি মুণ্ডন কৰি শুকুৰবাৰে চচলত এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।


Body:প্ৰতিবাদী সকলে হাতে হাতে ফ্লেগ ,বেনাৰ আদি লৈ কা আমি নামানো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,সৰ্বানন্দ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা গ'বে আদি চৰকাৰ বিৰোধী শ্লো গানেৰে চচলৰ আকাশ বতাহ উত্তাল কৰি তোলে । শীৰ্ঘে কা আইন খন বাতিলৰ লগতে ৰান্ধনী সহায়িকাৰ সমস্যা সমাধান কৰিবলৈ প্ৰতিবাদী সকলে চৰকাৰক দাবী জনাই অন্যথা আগন্তুক দিনত ইয়াতকৈও তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে ।

ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নাৰী সৱলীকৰনৰ।কথা কৈ গাদী দখল কৰাৰ পাছত ৰাইজক পিঠি দি ৰান্ধনী সহায়িকাক স্থায়ী সংস্থাপন দিয়াৰ পৰা বিৰত থকা বুলি অভিযোগ কৰি কয় যে কা আইনৰ জৰিয়তে বাংলাদেশৰ পৰা মহিলা আনি সংস্থাপন ৰ ব্যৱস্থা কৰিছে । জাতিধ্বংসী কা আইন খন কোনো পধ্যেই মানি নল ও বুলি হুংকাৰ দি উপদেষ্টা গৰাকীয়ে এই আইন খন বাতিলৰ দাবী জনাই ।

ইপিনে ১ লাখ ১৭ হাজাৰ ৰান্ধনী সহায়িকাক সমস্যা সমাধান নকৰিলে মহিলা সকলে অহা ১৭ জানুৱাৰীত উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সকীয়াই দিয়ে নেত্ৰী তৃষ্ণা নাথে ।

উল্লেখ্য যে ধৰ্না স্থলীত আৰক্ষীয়ে চুলি মুণ্ডন ত বাধা আৰোপ কৰাত নেত্ৰী তৃষ্ণা নাথে ধৰ্ণা স্থলীৰ ওচৰৰ এখন চেলুনৰ সন্মুখত বহি চুলি মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

আজিৰ এই প্ৰতিবাদত সদৌ অসম ৰান্ধনী সহায়িকা সন্থাৰ সভানেত্ৰী সবিতা বড়ো ,উপ সভানেত্ৰী খুজেদা খাটুন ,সম্পাদিকা সোনটি বৰদলৈকে ধৰি বিভিন্ন জিলাৰ সভানেত্ৰী আৰু সম্পাদিকা সকলে ভাগ লয় ।


Conclusion:লিপিকা ডেকা ,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.