ETV Bharat / state

HSLC question paper leak : প্ৰশ্নকাকত ফাদিলৰ তিনি মাষ্টাৰ মাইণ্ডক CID ৰ জিন্মালৈ প্ৰেৰণ

author img

By

Published : Mar 18, 2023, 10:13 PM IST

HSLC question paper leak
সৰ্বত্ৰে চৰ্চা এতিয়া মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগ

সৰ্বত্ৰে চৰ্চা এতিয়া মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগ (HSLC question paper leak) ৷ ইতিমধ্যে CID ৰ জিন্মালৈ প্ৰেৰণ কৰা হৈছে প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক (Masterminds of Assam paper leak being brought to CID custody) ৷

গুৱাহাটী, ১৮ মাৰ্চ : মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে CID ৰ জিন্মালৈ । শিক্ষাবৃত্তিক কালিমাসনা তিনি শিক্ষকক শুকুৰবাৰে লখিমপুৰত গ্ৰেপ্তাৰ কৰাৰ লগতে এজন নাবালককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পাচতে শনিবাৰে CID কাৰ্যালয়লৈ লৈ অনা হয় আটাইকেইজন অভিযুক্তক ৷ ইয়াৰ পাচতেই CJM আদালতটো হাজিৰ কৰা হয় তিনি অভিযুক্তক ।

আদালতত শুনানিৰ অন্তত ১০ দিনৰ CID ৰ জিন্মালৈ প্ৰেৰণ কৰা হয় তিনি শিক্ষকক (Masterminds of Assam paper leak being brought to CID custody) । ইপিনে লখিমপুৰৰ পৰা আটক কৰা ১৪ বছৰীয়া নাবালক ছাত্ৰজনক আদালতত হাজিৰ কৰোৱা পাচত বকোস্থিত শিশু পুনৰ্বাসন গৃহলৈ প্ৰেৰণ কৰা হয় । আনহাতে, CID ৰ জিন্মাত থকা ১০ জন অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিচতে শনিবাৰে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হয় ।

ইপিনে CID য়ে ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিৰ পৰা জব্দ কৰা সমূহ নথি-পত্ৰ লৈ অনা হয় CID কাৰ্যালয়লৈ । আনহাতে, প্ৰণৱ দত্তৰ ভাড়াঘৰত দত্তৰ নিৰ্দেশত কুমুদ ৰাজখোৱাই জ্বলাই দিছিল ফাদিল হোৱা প্ৰশ্নকাকতসমূহ ৷ জ্বলাই দিয়া সেই প্ৰশ্নকাকতৰ আধা জ্বলা প্ৰশ্নকাকতৰ এটা টোপোলাও ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ফৰেনছিকলৈ ।

লগতে পঢ়ক : HSLC Fake question paper leak : অভিযুক্ত মাছুম আলীৰ বিৰুদ্ধে নগাঁও থানাত ৰুজু গোচৰ

উল্লেখ্য যে, লোহিত খাৱলী হাইস্কুলৰ প্ৰধান শিক্ষক তথা উক্ত পৰীক্ষা কেন্দ্ৰটোৰ তত্বাবধায়ক প্ৰণৱ দত্ত, ডফলাকটা জনজাতি হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক তথা প্ৰধান শিক্ষক কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাস আছিল একেখন বিদ্যালয়ৰে শিক্ষক (Prime Accused of HSLC question paper leak) ।

প্ৰথমে প্ৰণৱ দত্তই মেট্ৰিকৰ প্ৰশ্নকাকত কুমুদ ৰাজখোৱাক দিছিল ৷ তাৰ পিচত কুমুদ ৰাজখোৱাই হোৱাটছআপ (WhatsApp) যোগে প্ৰসন্ন দাসক প্ৰেৰণ কৰিছিল উক্ত প্ৰশ্নকাকতখন । ইয়াৰে পৰৱৰ্তী পৰ্যায়ত কুমুদ ৰাজখোৱাই নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা হোৱাটছআপ গ্ৰুপত সেই প্ৰশ্নকাকত প্ৰেৰণ কৰা লগতে বিভিন্ন জনলৈয়ো প্ৰেৰণ কৰিছিল । তাৰ পাচতে সকলোৰে হাতে হাতে বিয়পি পৰিছিল প্ৰশ্নকাকতখন ৷

লগতে পঢ়ক : HSLC question paper leak : এই কাণ্ডত জড়িত লখিমপুৰৰ ৩ শিক্ষকক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.