HSLC question paper leak : এই কাণ্ডত জড়িত লখিমপুৰৰ ৩ শিক্ষকক নিলম্বন
Published: Mar 18, 2023, 5:06 PM


HSLC question paper leak : এই কাণ্ডত জড়িত লখিমপুৰৰ ৩ শিক্ষকক নিলম্বন
Published: Mar 18, 2023, 5:06 PM
প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্তৰ মাজতে লখিমপুৰৰ ৩ গৰাকী শিক্ষক ক্ৰমে প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক চিআইডিয়ে গ্ৰেপ্তাৰ কৰে (Teacher arrested on Question paper leak case)। গ্ৰেপ্তাৰৰ পাছতে তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰা হয় । ঘটনাক লৈ লখিমপুৰত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে ।
লখিমপুৰ,১৮ মাৰ্চ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগই এতিয়া সমগ্র ৰাজ্য তোলপাৰ লগাই আছে (Assam HSLC question paper leak)। আৰক্ষী আৰু চিআইডিৰ তৎপৰতাত এই কাণ্ডৰ অভিকেন্দ্ৰ লখিমপুৰ বুলি চিনাক্ত হোৱাৰ লগতে তিনিগৰাকী শিক্ষকক এই কাৰ্যত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰিছে ।
ইতিমধ্যে চিআইডিৰ জিম্মাত থকা তিনিওগৰাকী কলংকিত শিক্ষকক জিলা শিক্ষা বিষয়াই নিলম্বনৰ নিৰ্দেশ দিছে । শিক্ষা বিষয়াৰ নিৰ্দেশৰ পাছতে প্ৰশ্নকাকত ফাদিল কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৩ শিক্ষকক নিলম্বন কৰা হৈছে (Teacher suspended in question paper leak case)। শিক্ষকৰ দৰে পবিত্র বৃত্তিক জুৱাৰ বজাৰলৈ পৰিণত কৰিবলৈ চেষ্টা কৰা আৰু ইতিমধ্যে চিআইডিৰ জিম্মাত থকা প্ৰণৱ দত্ত, কুমুদ ৰাজখোৱা আৰু প্ৰসন্ন দাসক লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে নিলম্বনৰ নিৰ্দেশ দিছে ।
প্ৰশ্নকাকত ফাদিল কাণ্ডৰ অভিযুক্ত লুইত খাবলু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা পৰীক্ষা কেন্দ্রৰ তত্বাৱধায়ক প্ৰণৱ দত্ত, ডফলা কটা হাইস্কুলৰ দুই শিক্ষক প্ৰসন্ন দাস আৰু কুমুদ ৰাজখোৱাক জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে নিলম্বনৰ নিৰ্দেশ দিছে । উল্লেখ্য যে কেৱল নিলম্বনেই নহয় পৰৱৰ্তী সময়ত তদন্তৰ পাছত তেওঁলোক দোষী সাব্যস্ত হ'লে তেওঁলোকে চাকৰি হেৰুৱাবলগীয়া হ'ব পাৰে বুলিও কৈছে বিদ্যালয়সমূহৰ পৰিদৰ্শকে ৷
বিদ্যালয়সমূহৰ পৰিদৰ্শকে জনোৱা মতে এতিয়াৰে পৰা এনে পৰীক্ষাত অধিক সতৰ্কতা অৱলম্বন কৰা হ'ব । কাকত অনা নিয়া প্ৰক্ৰিয়াত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ লোকক নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ'ব বুলি তেওঁ কয় ।
উল্লেখ্য যে ধৃত শিক্ষক কেইজনক শনিবাৰে পুৱাই লখিমপুৰ সদৰ থানাৰ পৰা চিআইডিয়ে গুৱাহাটীলৈ লৈ যায় (Teacher involved in question paper leak case)। বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰণৱ দত্তক আটক কৰি জেৰা কৰাৰ পাছতে এই কাণ্ডত আন দুজন শিক্ষক ক্ৰমে প্ৰসন্ন দাস আৰু কুমুদ ৰাজখোৱা জড়িত থকাৰ তথ্য পোহৰলৈ আহিছিল । আৰক্ষীয়ে কুমুদ ৰাজখোৱাক আটক কৰিবলৈ বিচাৰিছিল যদিও তেওঁ আত্মগোপন কৰি আছিল । আৰক্ষীয়ে প্ৰসন্ন দাসক আটক কৰি সদৰ থানাত সোধা-পোছা কৰাৰ সময়তে বিয়লি কুমুদ ৰাজখোৱাইও আত্মসমর্পণ কৰে ।
শুকুৰবাৰে লখিমপুৰ সদৰ থানাতে তিনিও অভিযুক্ত শিক্ষকক সোধা-পোছা কৰাৰ পাছত সন্ধিয়া তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি আদালতত হাজিৰ কৰোৱা হয় । নিশাৰ ভাগতে তেওঁলোকক চিআইডিয়ে গুৱাহাটীলৈ লৈ যোৱাৰ কথা আছিল যদিও প্ৰক্ৰিয়াগত কেতবোৰ কাম সম্পন্ন কৰাৰ বাবে নিশা তেওঁলোকক লখিমপুৰতে ৰখা হয় (CID arrests teacher from Lakhimpur)।
শনিবাৰে পুৱাই তেওঁলোক তিনিওকে লৈ চিআইডিৰ দলটো গুৱাহাটীলৈ ৰাওনা হয় । উল্লেখ্য যে তেওঁলোকৰ উপৰিও ৱাটছএপযোগে প্ৰশ্নকাকত ভাইৰেল কৰা লখিমপুৰৰ এগৰাকী নাবালক ছাত্রকো আৰক্ষীয়ে আটক কৰি ৰাখিছিল । ছাত্রজনকো চিআইডিৰৰ দলে গুৱাহাটীলৈ লৈ যোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :HSLC question paper leak: মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নগাঁৱত উত্তাল প্ৰতিবাদ
