ETV Bharat / state

ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Oct 28, 2020, 9:20 PM IST

ৰে'ল ব্যক্তিগতকৰণ আৰু শ্ৰম সংশোধন আইনৰ বিৰোধিতাৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত প্ৰতিবাদ ৷ ভাৰতীয় মজদুৰ সংঘ আৰু ভাৰতীয় ৰে'লৱে মজদুৰ সংঘৰ আহ্বান মৰ্মে সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

Massive Protest In Maligaon
ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত কৰ্মচাৰীৰ প্ৰতিবাদ

গুৱাহাটী, 28 অক্টোবৰ : বুধবাৰে ভাৰতীয় মজদুৰ সংঘ আৰু ভাৰতীয় ৰে'লৱে মজদুৰ সংঘৰ আহ্বান মৰ্মে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘই প্ৰতিবাদ সাব্যস্ত কৰে । ৰে'ল ব্যক্তিগতকৰণ আৰু শ্ৰম সংশোধন আইনৰ বিৰোধিতাৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ।

পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদক জিতু হাজৰিকাই কয় যে, বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে যিখন শ্ৰম সংশোধন আইন বলৱৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ই শ্ৰমিক সকলৰ বাবে ভয়াবহ বিপদ কঢ়িয়াই আনিব । তাৰোপৰি কৰ'ণাৰ ভয়াৱহতাৰ মাজতো চৰকাৰে চক্ৰান্তৰে ৰে'ল ব্যক্তিগতকৰণ কৰাত নামি পৰিছে । চৰকাৰৰ এনে সিন্ধান্তই ৰে'লৱেৰ হাজাৰ হাজাৰ শ্ৰমিকৰ জীৱনলৈ অন্ধকাৰ নমাই আনিব বুলি উল্লেখ কৰে । যাৰ বাবে এই সিন্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৰে'লৱে কৰ্মচাৰী সংঘই ।

প্ৰতিবাদকাৰী সকলে কোনো কাৰণতে ৰে'ল ব্যক্তিগতকৰণ হ'বলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰোপৰি পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কৰ্মচাৰী সংঘই এই কাৰ্যৰ বিৰোধিতা কৰি পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : ৰাৱণ দাহনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন ইণ্ডোৰৰ পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.