ETV Bharat / state

Massive protest in Guwahati: একেদিনাই তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপিল গুৱাহাটী মহানগৰী

author img

By

Published : Jan 6, 2023, 9:58 PM IST

নায্য প্ৰাপ্য বিচাৰি গুৱাহাটীত হাজাৰ হাজাৰ শ্ৰমিক-কৰ্মচাৰীৰ প্ৰতিবাদ । সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত অঙ্গনৱাড়ী কৰ্মী সহায়িকা, এন এইছ এম কাৰ্যালয়ত আশাকৰ্মী আৰু শিক্ষা বিষয়াৰ কাৰ্যালত ৰন্ধন কৰ্মীৰ বৃহৎ প্রতিবাদী কাৰ্যসূচী । চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰিলে প্ৰতিবাদকাৰীসকলে ।

Massive protest in Guwahat
একেদিনাই তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত কঁপিল গুৱাহাটী মহানগৰী

গুৱাহাটী,৬ জানুৱাৰীঃ শুকুৰবাৰৰ দিনটোত তিনিটাকৈ সংগঠনৰ প্ৰতিবাদত উত্তাল হৈ পৰে গুৱাহাটী মহানগৰী(Massive protest in Guwahati) । উল্লেখ যে, চি আই টি ইউৰ(Centre of Indian Trade Unions) অন্তৰ্ভুক্ত সংগঠনসমূহে শুকুৰবাৰে সমগ্ৰ অসমজুৰি ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী । লগতে গুৱাহাটীত আই চি ডি এছৰ অঙ্গনৱাড়ী কর্মী-সহায়িকা, এন এইছ এমৰ আশাকৰ্মী আৰু মধ্যহ্ন ভোজন কৰ্মচাৰীসকলেও তেওঁলোকৰ নিজ নিজ দাবীৰ সমৰ্থনত পৃথকে পৃথকে সাব্যস্ত কৰে প্ৰতিবাদ ।

Massive protest in Guwahati
প্ৰতিবাদত কঁপিল গুৱাহাটী মহানগৰী

অঙ্গনৱাড়ী কর্মী-সহায়িকাসকলে(Anganwadi workers protest) উজানবজাৰস্থিত সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মূখত বিক্ষোভ প্ৰদৰ্শন কৰে । অঙ্গনৱাড়ী কর্মী-সহায়িকাসকলে মাননিৰ সলনি মজুৰি দিয়া, বিভাগীয় কৰ্মচাৰীৰ স্বীকৃতি দিয়া, অৱসৰকালীন সুবিধা প্ৰদান কৰা আদি দাবীৰ সমৰ্থনত বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

আনহাতে সহস্ৰাধিক আশাকৰ্মীয়ে(ASHA worker protest) গুৱাহাটীৰ জি এচ ৰোডৰ শইকীয়া কমপ্লেক্সত থকা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন কাৰ্যালয়ত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে মাননি বৃদ্ধিৰ দাবীত পৰিৱেশ উত্তাল কৰি তোলে । সেইদৰে মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীয়েও কাহিলিপাৰাস্থিত সৰ্বশিক্ষা মিছন কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে ।

উল্লেখ যে, অসমৰ প্ৰায় সকলো জিলাৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ উপৰিও উজানবজাৰস্থিত সমাজ কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ত অঙ্গনৱাড়ী কর্মী-সহায়িকাসকলে বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰী অঙ্গনৱাড়ী কর্মী-সহায়িকাসকলক প্ৰশাসনে আটক কৰি চচলৰ ধৰ্ণাস্থলিলৈ লৈ যায়(Protesters detained in Guwahati) ।

একেদৰে নিৰ্মাণ শ্ৰমিকসকলেও ৰাজ্যখনৰ কেইবাখনো জিলাত বিক্ষোভ প্ৰদৰ্শন কৰি শ্ৰম কাৰ্যালয়ত স্মাৰক পত্ৰ প্ৰদান কৰে । শুকুৰবাৰৰ কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদ তপন শর্মাই অংশ গ্ৰহণ কৰি কয় যে, ‘‘অসমৰ শ্ৰমিক-কৰ্মচাৰীসকলক বিজেপি চৰকাৰে সকলো দিশৰ পৰা প্ৰবঞ্চনা কৰি আহিছে । শ্ৰমিক-কৰ্মচাৰীসকলৰ ন্যূনতম মজুৰি এই চৰকাৰে প্ৰদান কৰাত ব্যৰ্থ হৈছে । অসমৰ লাখ লাখ আঁচনিৰ্ভুক্ত কৰ্মচাৰীক সামান্য মাননি প্ৰদান কৰি কাম কৰাই আছে । শ্ৰম আইন মতে কৰ্মচাৰীসকলে মজুৰি পোৱাটো উচিত ।’’

লগতে তেওঁ কয় যে, ‘‘কাম কৰাই উপযুক্ত মজুৰি প্ৰদান কৰাৰ বিপৰিতে অসমৰ বিজেপি চৰকাৰখনে কিছুমান সস্তিয়া আঁচনিৰ মাধ্যমত সামান্য ধন প্ৰদান কৰি ৰাজনীতি কৰি আহিছে । এই কৰ্মচাৰীসকলক বৰ্তমানেও আইনী সুবিধা ভৱিষ্যনিধি, ই এছ আই চি, পেঞ্চন প্ৰদান কৰা হোৱা নাই । তেওঁলোকক প্ৰতিদিনে কামৰ বোজা বৃদ্ধি কৰি আছে(CITU slams Assam BJP govt) ।’’

চৰকাৰক শ্ৰমিকসকলৰ এই সমস্যা সমাধানৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰা হয় । ইয়াৰ পিছতো যদি শীঘ্ৰে কোনো ফল নধৰে তেন্তে ১১ ফেব্ৰুৱাৰীত গুৱাহাটীত নজিৰবিহীন শ্ৰমিক সমাৱেশ সংগঠিত কৰা হ'ব বুলিও সংগঠনটোৱে সকিয়াই দিয়ে ।

উল্লেখ যে, কাহিলিপাৰাত সৰ্বশিক্ষা মিছন সঞ্চালকালয়ৰ কাৰ্যালয়ত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ নেতৃত্বৰ মাজত এখন আলোচনা অনুষ্ঠিত হয় আৰু সঞ্চালকে শীঘ্ৰে ৰন্ধন কৰ্মীসকলৰ দাবী পূৰণৰ আশ্বাস প্ৰদান কৰে । একেদৰে এন এইছ এম বিষয়া(National Health Mission) আৰু সমাজ কল্যাণ(Social wealfare) বিষয়াৰ জড়িয়তেও অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ক্ৰমে অসম ৰাজ্যিক আশা ইউনিয়ন আৰু অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই । আনহাতে সদৌ অসম নির্মাণ শ্ৰমিক ইউনিয়নৰ নেতৃবৃন্দই অতিৰিক্ত শ্ৰম আয়ুক্তৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰি নিৰ্মাণ শ্ৰমিকসকলৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: Assam CM at Goalpara Sainik School: গোৱালপাৰাত উচ্ছেদ চলাটো নিশ্চিত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.