ETV Bharat / state

NPS Employees Protest: অৱসৰ জীৱনৰ সামাজিক সুৰক্ষাৰ দায়িত্ব চৰকাৰে ল’বই লাগিব; অচ্যুতানন্দ হাজৰিকা

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 5:38 PM IST

নতুন পেন্সন নীতি চমুকৈ এন পি এছ বাতিল কৰি পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহাল ৰখাৰ দাবীত ৰাজ্যজুৰি কৰ্মবিৰতি পালন নতুন পেন্সন নীতিৰ অধীনৰ কৰ্মচাৰীসকলৰ । নতুন পেন্সন নীতিয়ে চৰকাৰী কৰ্মচাৰীৰ ভৱিষ্যৎ অন্ধকাৰ দিশে গতি কৰাৰ আশংকা ব্যক্ত কৰিছে এন পি এছ কৰ্মচাৰীসকলে । যাৰবাবে নতুন পেন্সন নীতি প্ৰত্যাহাৰৰ দাবীত দীৰ্ঘদিনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে এইসকল কৰ্মচাৰীয়ে ।

NPS Employees Protest
নতুন পেন্সন নীতিৰ অধীনৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ

নতুন পেন্সন নীতিৰ অধীনৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ

গুৱাহাটী, ২২ আগষ্ট: পুৰণি পেন্সন ব্যৱস্থা পুনৰ বাহালৰ ৰখাৰ দাবীত আজিৰে পৰা ৰাজ্যজুৰি দুদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিছে ৰাজ্যৰ কৰ্মচাৰী সমাজে ৷ ইয়াৰ লগত সংগতি ৰাখি মহানগৰীৰ হেঙেৰাবাৰীস্থিত অসম স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ বিষয়া-কৰ্মচাৰীসকলেও কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে চৰকাৰক অনতিপলমে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰীসকলক পুৰণি পেন্সন ব্যৱস্থাৰ যোগেদি অৱসৰী জীৱনক সুৰক্ষিত কৰিবলৈ দাবী জনায় ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশলৈ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকাই কয়, মন্ত্ৰী, এম এল এ, এম পি, সাংবাদিক, শিল্পী আদিৰ ক্ষেত্ৰত পেন্সনক চৰকাৰী দায়িত্ব বুলি লোৱাৰ বিপৰীতে কৰ্মচাৰী সমাজৰ বাবে পুৰণি পেন্সন দেশ বা ৰাজ্যৰ অৰ্থনীতিৰ বাবে বিপদজনক বুলি ভাবি চৰকাৰে স্ব-বিৰোধী স্থিতি গ্ৰহণ কৰিছে । চৰকাৰী চাকৰিয়ালসকলৰ পেন্সনৰ প্ৰয়োজনীয়তা অপ্ৰাসংগিক বিষয় আৰু আৰ্থিক বোজা হিচাপে গণ্য কৰি সামাজিক সুৰক্ষাক বৃদ্ধংগুষ্ঠ দেখুওৱাৰ মানসিকতা বন্ধ কৰিবই লাগিব । অৱসৰী জীৱনৰ সামাজিক সুৰক্ষাৰ দায়িত্ব চৰকাৰে ল’বই লাগিব ।

তেওঁ লগতে কয়, ভাৰতবৰ্ষ এখন কল্যাণকামী সমাজতান্ত্ৰিক গণৰাজ্য । চৰকাৰে জনহিতৈষী, সংস্কাৰমুখী আৰু উন্নয়নকামী বুলি ক’লেও চৰকাৰী কৰ্মচাৰী সমাজৰ ক্ষেত্ৰত সেয়া প্ৰমাণিত হোৱা নাই । ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজ আজি শংকিত নিজৰ ভবিষ্যত অৱসৰী জীৱনৰ আৰ্থিক দৈন্যতাৰ বাবে । যাৰবাবে অসমৰ কৰ্মচাৰী সমাজে নিজৰ ভবিষ্যত সুৰক্ষাৰ স্বাৰ্থ নিশ্চিত কৰিবলৈ গণতান্ত্ৰিক পদ্ধতিৰে ৰাজপথলৈ আহিবলৈ বাধ্য হৈছে । পুৰণি পেন্সন পুনঃপ্ৰতিষ্ঠাৰ এই সংগ্ৰামত সংস্থা/সংঘ নিৰ্বিশেষে সকলো শ্ৰেণীৰ শ্ৰমিক-কৰ্মচাৰী একত্ৰে প্ৰতিবাদ কৰিছে । কৰ্মবিৰতি পালন কৰি কৰ্মচাৰী সমাজক অসম চৰকাৰে দেখুউৱা অৱহেলাৰ বাবে প্ৰতিবাদ কৰি পুৰণি পেন্সন ব্যৱস্থা পুনঃপ্ৰতিষ্ঠাৰ বাবে দাবী জনাইছে ।

লগতে পঢ়ক: NPS Employee Protest: এন পি এছ কৰ্মচাৰীৰ কৰ্মবিৰতিত অচল ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.