ETV Bharat / state

Lok Sabha election 2024: লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ মুখ্য কাৰ্যালয়ত মাৰাথন বৈঠক

author img

By

Published : Jul 8, 2023, 8:13 PM IST

Lok Sabha election 2024
Lok Sabha election 2024

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ যাৰ বাবে গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সঘনাই অনুষ্ঠিত হৈছে বিভিন্ন পৰ্যালোচনা বৈঠক ৷ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ প্ৰতিক্ৰিয়া ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷

একত্ৰিত বিৰোধীক কটাক্ষ ভৱেশ কলিতাৰ

গুৱাহাটী ৮ জুলাই: মহা জনসম্পৰ্ক অভিযানে কি দিলে বিজেপিক ? জনসম্পৰ্ক অভিযানে আত্ম বিশ্লেষণৰ সুবিধা দিলে নে বিজেপিক ! লোকসভা নিৰ্বাচন সমাগত । নিৰ্বাচন যিমানে ওচৰ চাপিছে সিমানে ব্যস্ততা বাঢ়িছে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত । ইখনৰ পিচত সিখনকৈ পাতিছে বৈঠক, পাতিছে বিভিন্ন সভা ।

লগতে ১৬ জুলাইলৈ বৃদ্ধি কৰিছে জনসম্পৰ্ক অভিযান । ইফালে কেন্দ্ৰত বিজেপি চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ । অসমতো বিজেপি চৰকাৰ গঠনৰ ৭ বছৰ সম্পূৰ্ণ হ’ল । কিন্তু এই সময়চোৱাত বহু বিজেপি নেতা-কৰ্মীৰ অহংকাৰ হোৱাৰ অভিযোগ বিভিন্ন জনৰ । সমাজৰ প্ৰবুদ্ধ নাগৰিকেও বিজেপি নেতা-কৰ্মীৰ এই অহং ভাৱ পৰিহাৰ কৰিবলৈ আহ্বান জনাইছিল ।

ইয়াৰ লগতে নাগৰিকসকলে আৰু বহুতো পৰামৰ্শ আগবঢ়াইছিল বিজেপিলৈ । সেইসমূহ বিশ্লেষণ কৰিবলৈ এতিয়া বৈঠকৰ পিচত বৈঠক বিজেপিৰ । এই বিশ্লেষণে যাতে ২০২৪ ৰ লোকসভা নিৰ্বাচনত যোগাত্মক প্ৰভাৱ পেলাব পাৰে সেইয়াই মূল উদ্দেশ্য বিজেপিৰ । যাৰ বাবে সঘনাই বৈঠক অনুষ্ঠিত হৈছে বাজপেয়ী ভৱনত ।

উল্লেখ্য যে ৬ জুলাইত ১২ ৰাজ্যৰ মাণ্ডলিক বৈঠকৰ পাচত শনিবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় তিনিখন গুৰুত্বপূৰ্ণ বৈঠক । আটাইকেইখন বৈঠকত উপস্থিত থাকে সভাপতি ভবেশ কলিতা । ইয়াৰে প্ৰথমখন বৈঠক অনুষ্ঠিত হয় বিষয়ববীয়াৰে, দ্বিতীয়খন বৈঠক জিলা সভাপতিৰে । য’ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । তৃতীয়খন বৈঠক জিলা প্ৰভাৰীসকলৰ সৈতে অনুষ্ঠিত হয় ।

  • আজি ভাজপা,অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যিক মৰ্চা সমূহৰ সভাপতিসকল, সাধাৰণ সম্পাদকসকল আৰু ৰাজ্যিক মৰ্চাৰ প্ৰভাৰীসকলৰ সৈতে এখন বিশেষ সাংগঠনিক সভা সম্বোধন কৰোঁ।উক্ত সভাত আগন্তুক দিনবোৰত মৰ্চা সমূহে লবলগীয়া কাৰ্যপন্থাৰ লগতে দলীয় সাংগঠনিক বিষয়ত চৰ্চা কৰা হয়।@BJP4Assam pic.twitter.com/D6LW4WXZRj

    — Bhabesh kalita (@Bhabesh_KalitaR) July 8, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বৈঠকত মূলত দলীয় শৃংখলাৰ লগতে লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় । সভাৰ অন্তত সভাপতি ভৱেশ কলিতাই বিৰোধী সন্দৰ্ভতো মন্তব্য আগবঢ়াই কয় যে নিৰ্বাচন আয়োগে লগ নোপোৱাত বিজেপিৰ হাত নাই । কংগ্ৰেছে নাচিব নাজানি চোতাল বেকা বুলি কৈছে । দিল্লীত বিৰোধী দলসমূহ ফুৰিব গৈছে । দিল্লীত হয়তো অলপ ঠাণ্ডা পৰিছে, সেইবাবে গৈছে বিৰোধীসকল ।

লগতে লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত আৰু অখিল গগৈয়ে শিৱসাগৰত নিৰ্বাচন খেলিব বুলি চলি থকা চৰ্চা সন্দৰ্ভত কলিতাই কয় যে কংগ্ৰেছে আগতিয়াকৈ হাত দাঙিলে । আমি বিচাৰিছিলো কংগ্ৰেছে ১৪ আসনতে নিৰ্বাচন খেলাতো ।

আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অগপৰ বৈঠক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কলিতাই কয় যে অগপৰ সভাপতি অতুল বৰাই আদৰণিহে জনাইছে । লগতে BPF ৰ লগত মিত্ৰতা সন্দৰ্ভত পৰ্যালোচনা কৰা হ’ব বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Assam govt exam: নিযুক্তি পৰীক্ষাত অনুত্তীৰ্ণ প্ৰাৰ্থীক মাচুল ঘূৰাই দিয়াৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.